দেৱঋষৰ

❤️ মৰম দিয়া মোক ❤️

#১

ৰাতিপুৱা৫:০০ বাজিছে । হঠাৎ মোবাইল ত এটা গীত বাজি উঠিল _ _ _ “Kya hua tera wada, wo kasam wo irada, bhulega Dil , jis din tumhe, wo din jindegi ka aakhri din hoga”_ গান টো মোৰ বহুত প্ৰিয়, বুকুৰ অতিকৈ আপোন। ঠৎমৎ খাই সাৰ পালোঁ। দেখিলোঁ মোবাইল ফোন টোৱে উঠিবলৈ জাননী দি আছে। এলাৰ্মটো বন্ধ কৰি ললো। ঈশ্বৰক এবাৰ চিন্তা কৰি বিছনাৰ পৰা নামি আহিলো।

দুৱাৰ খন খুলি দিলোঁ। হঠাৎ এচাটি চেঁচা বতাহে শৰীৰটোক স্পৰ্শ কৰি গ’ল। কি এক অনুভৱ! বাহিৰলৈ ওলাই গৈ দেখিলোঁ তেতিয়াও বহুত সোনকাল হৈ আছে। বতৰ টো অলপ গোমা হৈ আছে। বৰষুণৰ সম্ভাৱনা আছে। ভাল লাগিল পৰিবেশ টো। আচলতে কোনো দিন ইমান সোনকালে উঠি পোৱাই নাই যে, সেইকাৰণে মনটো কিবা ফৰকাল ফৰকাল লাগিছে। অৱশ্যে মন ভাল লগাৰ আৰু এটা কাৰণ আছে- আজি এখন নতুন মহাবিদ্যালয় লৈ যাম। আজিৰ পৰা সকলোতে থাকিব কেৱল নতুনত্ব। অকস্মাতে ভৰি দুটাত এক সুকীয়া আমেজ। আঃ কি সুন্দৰ এই অনুভৱ!!! সম্ভেদ ঘূৰাই পাই দেখিলোঁ, কথাখিনি ভাৱি ভাৱি কেতিয়ানো চোতাল পালোগৈ ধৰিবই নোৱাৰিলোঁ। নিয়ৰে তিয়াই থোৱা বননিৰে খোজ কাঢ়ি বৰ আমোদ পালোঁ। বহু দিনৰ মূৰত এটা সুন্দৰ পুৱাৰ সুৱাদ পোৱা যেন অনুভৱ হ’ল।

: দেহা, মুখ হাত ধুই লোৱা। আজি প্ৰথম দিন। গতিকে সোনকাল হ’লে ভাল হয়।
মায়ে মৰমতে দেহা বুলি মাতে। ঘৰখনৰ একমাত্ৰ ল’ৰা সন্তান যে।
: ওম, গৈছো।
লৰালৰিকৈ মুখ হাত কেইটা ধুই আহিলো। ৰাতিপুৱা সকলোৰে লগত একেলগে চাহ খাওঁ। সকলো বুলি ক’বলৈ গ’লে মাথোন চাৰিটা প্ৰাণী – মা, দেউতা, ভন্টি আৰু মই।

চাহ খাই আহি পঢ়া টেবুলত বহিলো। নতুনকৈ আনি থোৱা কিতাপৰ পৃষ্ঠা‌বোৰকে লুটিয়াই বগৰাই চাই আছোঁ। হঠাৎ ৰুমটোলৈ কোনোবা সুমাই অহাৰ উমান পালোঁ।

: দাদা, কি কৰিছ?
: দেখা নাই, কি কৰিছোঁ। আৰু ৰাতিপুৱা ৰাতিপুৱাই মোৰ ওচৰ‌ পালিহি যেন, পঢ়া-শুনা নাই ???
: আছে আছে মহাশয়। মই মাথো আপোনাক শুভেচ্ছা দিব আহিছোঁ, নতুন কলেজলৈ গমন কৰিবি যে।
: ধন্যবাদ আই গোসানী, পিছে তোমাৰ এই শুভেচ্ছা তোমাৰ ওচৰতে ৰাখা আৰু পঢ়গৈ যা।
: ৰহচোন । পিছে আজি নতুন কলেজলৈ যাবি নহয়।
: অ যাম, তাতে কি হ’ল।
: নহয় মানে, নতুন কলেজ, নতুন নতুন ছোৱালী। কেনেকুৱা লাগিছে তোৰ মনটো। কছোন ক।
: মই তোৰ নিচিনা পাগল নহয়। বুজিলি গাধ।
: মুখেৰেহে কৈছ, মনে মনে চাগে কিমান ভাল পাইছ। আজি বুলে তই তোৰ সপোন ৰ ৰাজকুমাৰী ক পাই গলি , আৰু লগে লগেই আৰম্ভ হ’ব মোৰ দাদাৰ প্ৰেম কাহিনী। Just imagine yaar, কি মজা লাগিব।
: অই পাগলী, হ’ব নেকি? তইতো জানই, I just hate the word প্ৰেম, পৃথিৱীত প্ৰেম বুলি একো নাই বুজিছ, সকলো একো একোটা ধেমালি। আজিৰ যুগত ইমান আৱেগিক হৈ লাভ নাই বুজিছ। Be practical , and love doesn’t exist in my life. বুজিলি।
: নুবুজিলো। তই‌ আৰু তোৰ এই জ্ঞান তইয়েই ৰাখ। মই কিন্তু মানো, পৃথিৱীত প্ৰেম আছে।
: দেখিছ???
: নাই দেখা, কিন্তু মই মানো।
: ঠিক আছে, যেতিয়া দেখিবি, তেতিয়া কবি। আৰু ৰাতিপুৱা ৰাতিপুৱাই এই অদৰকাৰী কথা বোৰ পাতি নাথাক।
: তোৰ নিচিনা নিৰস টোৱে এইবোৰ ক’ত বুজিবি। আজিলৈকে কোনজনী ছোৱালীক ভালদৰে চাই পাইছ কছোন ?
: ছোৱালী দেখিলে বুলিয়েই যে চাব লাগিব ক’ৰবাত লিখা আছে নেকি সেইটো ????
: হ’ব দে, ল’ৰাৰ স্বভাৱ জানো মই। ছোৱালী দেখিলে ঘুৰি ঘূৰি চাওঁতে অন্তই নাই। কিন্তু তইহে কিয় এনেকুৱা হ’লি জানো। বাৰু কোৱাচোন , আজিলৈকে কিমান জনী বৌ গোটালা।

তাইৰ কথাত অতিষ্ঠ হৈ তিনিখন ডাঙৰ ডাঙৰ কিতাপ তাইৰ হাতত তুলি দি ক’লো
: হুঁ ল , এই তিনিজনী তোৰ বৌ। এই জনী physical chemistry, এই জনী inorganic chemistry আৰু এই জনী organic chemistry।
: হুহ , বেছি অলপ।
: যেনেকুৱা প্ৰশ্ন কৰিবি, তেনেকুৱা উত্তৰেই পাবি।

এইবাৰ তাইক অলপ serious যেন দেখা গ’ল। মোৰ ওচৰতে তাই এইবাৰ বহিলে। এক আচৰিত দৃষ্টিৰে তাই মোৰ ফালে চাইছে।
: তই আনতকৈ বহুত বেলেগ দাদা। তোক লৈ মই সদায়ে গৌৰৱ অনুভৱ কৰোঁ। মই জানো, তই বাহিৰে যিমান নীৰস নহও কিয়, তোৰ হৃদয় খন বহুত বেলেগ। মৰমেৰে পৰিপূৰ্ণ তোৰ হৃদয় খনত মৰম বিচাৰি পোৱাতো বৰ কঠিন। কিন্তু মই নিশ্চিত, যিয়ে তোৰ হৃদয়ত মৰম বুটলিব পাৰিব, তাই পৃথিৱীত আটাইতকৈ সুখী হ’ব পাৰিব। মই জানো দাদা, সেই দিনটো খুওব সোনকালে আহিব, যিদিনা হিয়া উজাৰি তই কাৰোবাক মৰম দিব পাৰিবি। আৰু সেইদিনা তইও কাৰোবাৰ পৰা মৰম বিচাৰিবি আৰু চিঞৰি চিঞৰি ক’বি যে “মৰম দিয়া মোক”।
: অই, filmy queen, তোৰ হ’ল যদি‌ মই কলেজলৈ ওলাওঁ। দিনটো TV ত serial সোপা চাই চাই তাৰ dialogue বোৰকে মাৰি দিলি।

তাইও নিজৰ কামত গ’ল আৰু মইও গা পা ধুই আহি কলেজলৈ বুলি ওলালো। তেনেতে বাছ খন আহিল আৰু মই উঠিবলৈ বুলি গলো। ভন্টি য়ে বাৰান্দাৰ পৰাই মাত লগালে
: দাদা all the best, তোৰ জীৱনৰ এটা নতুন কাহিনী আৰম্ভ হ’ব গৈ আছে ” মৰম দিয়া মোক” … এইবুলি কৈ মূৰ্হুততে এটা হাঁহি মাৰিছে। তাই।

পাগল জনী ,
বাছত উঠি খিৰিকী ৰ কাষৰ চিট এটাত বহিলো। তেনেতে বাছ খনত বাজি উঠিল মোৰ অতিকৈ প্ৰিয় জুবিন দাৰ এটি গীত
” বুকুৰ উমেৰে হিয়াতে ৰৈ
মৰম দিয়া মোক……….”

( আগলৈ)

#২

বাছখনৰ হৰ্ণৰ মাতত সম্ভেদ ঘূৰাই পালোঁ। গানটো শুনি ইমান আপোনপাহৰা হ’লো যে কেতিয়ানো কলেজ পালোহি গমকে নাপালোঁ। লৰালৰিকৈ বাছ খনৰ পৰা নামি কলেজলৈ বুলি খোজ ল’লো।

হয়, যোৰহাটৰ এখন নামী-দামী কলেজ। নাম R.D. College , নাম টোৱেই যাৰ পৰিচয়। এই কলেজ খনত আজি মোৰ প্ৰথম দিন। ভাৱিয়েই মনটো কিবা ভাল লাগি আছে।

সন্মুখত কলেজৰ ডাঙৰ তোৰণখন, য’ত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে “R.D. College” । এবাৰ ভগৱানক চিন্তা কৰি কলেজৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। মই ভগৱানত বহুত বিশ্বাসী। সেয়ে প্ৰতিটো কথাতে হয়তো ভগৱানৰ নাম লওঁ। কি কৰিম উপায় নাই, সৰুৰেপৰাই ঘৰখনত যি দেখিছোঁ, তাকেই শিকিছো। কিন্তু আজিলৈকে এই বিশ্বাসক অন্ধবিশ্বাস হ’বলৈ দিয়া নাই।

লাহে লাহে কলেজৰ ভিতৰলৈ সোমাই গ’লো। দুয়োকাষে আছে ওখ ওখ দেৱদাৰু গছ, তাৰ মাজৰে গৈছে block ইটাৰে নিৰ্মিত পকী পথটো। অহা আহিছে, যোৱা গৈছে। সঁচাই বৰ এক সুন্দৰ পৰিৱেশ। মইও সেই ৰাস্তাটোৰে নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ, জীৱনৰ এটা নতুন অধ্যায়ৰ দিশত । নাজানো কি লিখা আছে মোৰ জীৱনৰ এই নতুন অধ্যায়টিত, মাথো বুকুত অদম্য সাহস লৈ আজিৰ পৰা আৰম্ভ কৰিম এই নতুন অধ্যায়। মনটোৱেও বৰকৈ আমনি কৰিছে আজি। হয়তো নতুন ক পোৱাৰ হেপাহ এয়া। বাৰে বাৰে কাণত একেটি গানকে ভাহি আছে, জুবিন দাৰ সেই “মৰম দিয়া মোক”……..
ঘড়ীটো চালোঁ, ন বাজিবই হ’ল। Routine খন চাই লৰালৰিকৈ শ্ৰেণীকোঠালৈ বুলি খোজ ল’লো।

শ্ৰেণীকোঠালৈ সোমাই গ’লো। কিন্তু কি আচৰিত, সকলোৱে কিয় তেনেদৰে চাইছে মোলৈ । বৰ অসহ্য লাগিছে নিজকে। এবাৰ ভালদৰে নিজকে চাইছো, ক’ৰবাত কিবা বিসংগতি দেখা পাওঁ নেকি। নাই , ক’তো চোন একোৱেই নাই, সকলোবোৰ টো ঠিকেই আছে। বেছিকৈ ভাৱি নাথাকি লৰালৰিকৈ বেন্স এখনত বহিলোগৈ।

: Hi , myself Ranjan Pratim Mahanta,
ঘূৰি চাই দেখিলোঁ, সেইখন বেন্সতে বহি থকা ল’ৰা এটাই মাত লগালে।
: Ohh, Hello, Ranveer, myself Ranveer Baruah .
: তোমাৰ ঘৰ?
: তিতাবৰত, তোমাৰ???
: অহ, মোৰো তিতাবৰতে ।
: একে ওচৰতে তেতিয়াহলে।

তেনেতে ৰুমটোলৈ ছাৰ এজন সোমাই আহিল। Class টো আৰম্ভ হ’ল। সকলোৰে লগত তেখেত চিনাকি হ’ল। প্ৰথম class টোত জীৱন সংক্ৰান্তত দুই এটা কথা ক’লে। ভাল লাগিল তেখেতৰ কথাকেইষাৰ। তেনেকুৱাতে বে’লটো বাজি উঠিল। সকলোৱে পুনৰ নিজৰ নিজৰ কামত গ’ল।
: ক’ৰবাত যাবা?? – ৰঞ্জনে শুধিলে।
: নাই , নাযাও, প্ৰথম দিন, কলেজ খনকে এবাৰ ভালদৰে চাই লও ভাবিছোঁ।
: মোৰ কাম এটা আছে অলপ, পিছত লগ পাম বাৰু।
: Ohh, sure sure
এইবুলি কৈ মইও ৰুমটোৰ পৰা ওলাই আহিলো।

এইবাৰ কলেজ খনকে ভালদৰে চাও বুলি অকলে অকলেই ঘূৰি ফুৰিছো। কি এক সুন্দৰ পৰিৱেশ। চৌপাশে কেৱল নতুনত্ব। নতুন নতুন চেহেৰা। নতুন পৰিৱেশ আৰু এখন নতুন সমাজ। অলপ দূৰত দেখিলোঁ, ল’ৰা এজাকে দল বান্ধি আছে। প্ৰথমতে কথাটো ধৰিব পৰা নাছিলোঁ, পিছতহে গম পালো, ইয়াৰো এটা ৰহস্য আছে। মানে আজি তাহাটি কলেজৰ ছোৱালী বোৰ চাব। দুই এটাই টো বাইদেউ ভন্টি কৈ জুকাবলৈও আৰম্ভ কৰিলে। ছোৱালী চোৱা লৈকে টো ঠিকেই আছে, কিন্তু জুকাব কিয় লাগে। কথাটো দেখি খঙেই উঠি আহিল। প্ৰথম দিন কাৰণে সকলো তাতে এৰি নিজৰ কামত গ’লো। অলপ দূৰত দেখিলোঁ, গছৰ তলত কেইযোৰামানে বহি আছে। কেইজনীমানে কেইটা মানৰ গাতে মূৰটো থৈ লৈছে। এক কথাত কবলৈ গলে so called dating মাৰি আছে। তাহাতৰ কাণ্ড দেখি এক প্ৰকাৰ হাঁহিয়ে উঠিলে। কিন্তু তেতিয়াও যেন মনত এটি ক্ষোভ। কিমান দিনলৈ তাহাতৰ এইয়া প্ৰেম। আজি দেখিবা কাৰোবাৰ লগত, কেইমাহমানৰ পাছতেই দেখিবা বেলেগ কাৰোবাৰ লগত। যেন fermacy ৰ দৰৱহে, যিকোনো এটা তাৰিখলৈহে valid , তাৰ পিছত আৰু expired হৈ যায়। এনেবোৰ কাৰণতে প্ৰেমৰ প্ৰতি মোৰ ইমান ঘৃণা। ধন্যবাদ ভগৱান, মই যেন এই প্ৰেম নামৰ অদৰকাৰী বস্তুটোৰ পৰা আতঁৰি থাকিব পাৰিছোঁ।

ঘড়ীটো চালোঁ, সকলো তাতে এৰি লৰালৰিকৈ পিছৰ class টো কৰিবলৈ বুলি ৰুমলৈ গ’লোঁ।

( আগলৈ)

#৩

কলেজৰ পৰা আহি বেগটো টেবুল খনতে থৈ বিছনাতে বাগৰ মাৰিলো। দিনটোৰ সকলো অৱসাদ দূৰ হোৱা যেন লাগিল।
: দেহা , আহিলা । কেনেকুৱা আজি প্ৰথম দিন। – মায়ে সুধিলে।
: ভালেই, class বোৰ কৰিও প্ৰায় ভালেই লাগিল।
: মই ভাত বাঢ়ি দিছোঁ, তুমি হাত মুখ কেইটা ধুই খাই লোৱাহি।
: ওমম , গৈছো। এই স্কুলৰ পৰা অহাই নাই নিকি ??
: নাই পোৱাহি, আজি বুলে tuition ও আছে। সেইকাৰণে অলপ দেৰি হ’ব।

কাপোৰ কানি সলাই হাত-ভৰি ধুই ভাত কেইটা খাই ল’লো। অলপ ভাগৰ লগা যেন দেখি বিছনাতে পৰি দিলোঁ। কেতিয়ানো টোপনি গ’লো গমকে নাপালোঁ।

ধমৰ কে পিঠিত এটা মাৰ পৰিলে। খপজপকৈ সাৰ পালোঁ। সময়টো চালোঁ। সন্ধিয়া ৬ বাজিছে।
: মহাশয়, উঠক। কলেজৰ সপোন দেখিয়েই আছে নেকি?

একো নোকোৱাকৈ মুখ হাত কেইটা ধুবলৈ গ’লো। আহি দেখিছোঁ, ভন্টি তেতিয়াও মোৰ ৰুমতে আছে।
: তই নকলি যেন একো অথনি ।
: কি
: কলেজত কেনেকুৱা লাগিল আজি।
: কেনেকুৱা লাগিব আৰু, ঠিক ঠাক , ভালেই প্ৰায়।
: পিছে কাৰোবাক লগ পালা নিকি আজি, ওহু ওহু ।
তাই কি বুজাব বিচাৰিছে মই তাইৰ কথাতেই গম পালোঁ।
: আৰম্ভ হৈ গ’ল আৰু ন তোৰ ফকতীয়া topic।
: সঁচা কথাহে কৈছোঁ কিবা । Suppose আজি তই কলেজত entry মাৰিছ, লগে লগে তোৰ প্ৰেয়সীয়েও entry মাৰিছে। তেনেতে হঠাৎ এচাটি চেঁচা বতাহে চৌদিশ কোবাই নিচে। জিৰজিৰকৈ গছৰ পাত সৰিছে। তহঁত দুয়োটা বিপৰীত দিশত আহি আছ। দুয়োটা ওচৰ পাওঁ পাওঁ হৈছ, হঠাৎ বতাহৰ বেগ বাহি গৈছে। বতাহত তাইৰ দুপত্তা খন উৰাই নিচে। দুয়োটাই ইটোয়ে সিটোক cross কৰিছ। কিন্তু বতাহৰ বেগে উৰাই থকা দুপত্তাখনে তোৰ মুখমণ্ডল আৱৰি ধৰিছে। দুপত্তা খন হাতেৰে গূচাই তই ঘূৰি চাইছ। তাইও ঘূৰি চাইছে। ইটোৱে সিটোৰ চকুলৈ চাইছ আৰু তেনেকুৱাতে background music বাজিছে ” বুকুৰ উমেৰে হিয়াতে ৰৈ মৰম দিয়া মোক………”
: অই, filmy queen, হ’ব নেকি আজিলৈ। সামৰা আৰু তোমাৰ ৰামায়ণ খন। কাম বন নাই, গোটেই দিনৰ দিনটো serial সোপা চাই চাই সেইবোৰকে মূৰত সুমুৱাই ল।
: হ’ব দে, মই কিবা imagine হে কৰিছোঁ। তোৰ দৰে নিৰস টোৱে এইবোৰ ক’ত বুজিবি। বাৰু কচোন আজি কাৰোবাক ভাল লাগিল নে ?
: নাই , কাকো ভাল নালাগিল। আৰু মই কাৰোলৈ চোৱাই নাই ভাল লাগিবলৈ।
: তই যে কিয় এনেকুৱা হ’লি নহয়। আজিলৈকে কোনো ছোৱালীয়ে তোক কিয় আকৰ্ষিত কৰিব পৰা নাই জানো? আন ল’ৰাৰ ছোৱালী দেখিলে গা সাতখন আঠখন হয়, আমাৰ এইজনাৰ আকৌ মূৰ তুলি চাবলৈও সময় নাই। মোৰ সেই ছোৱালী জনীক বৰ চাবলৈ মন গৈছে, যিয়ে তোৰ দৰে নিৰস এটাক আকৰ্ষিত কৰিব পাৰিব।
: She doesn’t exist. So, তোমাৰ আশা তোমাৰ ওচৰতে ৰাখা।
: No , she exists and I will be waiting for that day. আৰু যি দিনাই এইটো হ’ব মই সেইদিনা গোটেই তিতাবৰৰ হোটেল free দি দিম।
: চিন্তা নকৰিবি , তোৰ পইচা কেইটা খৰচ নহয়।
: তোৰ পঢ়া শুনা নাই। – দেউতাই মাত লগালে।

ভন্টিয়ে ওচপ খাই উঠিল। তাই দেউতালৈ অলপ ভয় কৰে। ভয়ে ভয়ে তাই উত্তৰ দিলে।

: পঢ়িমগৈ ।
: নাই দেউতা মইহে এইক মাতিছিলোঁ। অলপ কাম আছিল।

দেউতা নিজৰ কামত গ’লগৈ।

: Thank you so much bro. আজি তুমি মোক বচাই দিলা। এইবাৰ ৰাশিবন্ধনত টোক ধুনীয়া ৰাশি এডাল পিন্ধাম বাৰু।

এইবুলি কৈ তাই গালখনতে লপক কে চুমা এটা খাই দিলে।

: পিছলৈ তোৰ গালত কোনোবা stamp মৰা মানুহ আহিলেও মই মোৰ stamp মৰা অধিকাৰ টো কাকো নিদিও আকৌ।

এইবুলি কৈ চকু টিপ এটা মাৰিলে তাই

: দেউতা, এই লৈ ……..

তাই নিজৰ কামলৈ দৌৰ দিলে।
সঁচাকৈয়ে পাগল এইজনী। কিন্তু বৰ মৰমৰ মোৰ, এই নহ’লে যে মইও থাকিব নোৱাৰোঁ।

৭ বাজিল। ১ ঘণ্টা lecture ত গ’ল। তথাপি ভাল লাগিল তাইৰ কথাবোৰ। অলপ free তে entertainment পালোঁ।

মইও নিজৰ পঢ়া টেবুলত বহিলোগৈ।

( আগলৈ)

#৪

সময়টো চালোঁ। ৮ বাজি ৩০ মিনিট। আজি কলেজ ১০:০০ বজাৰ পৰা হে আছে। ভাৱিছিলো অলপ লাহে ধীৰে গ’লেও হ’ব। কিন্তু নাই, ready হ’ব হ’লেই।

লৰালৰিকৈ গা পা ধুই আহি ভাত কেইটা খাই কলেজলৈ ওলাবলৈ ললো। মোবাইল ফোন টোত জুবিন দাৰ সেই মৰম দিয়া মোক গানটো বজাই লৈছো। নাজানো এই গানটো মোৰ ইমান কিয় ভাল লাগে। তথাপি এটা কথা কিন্তু sure আছোঁ যে গানটোৰ প্ৰতি মোৰ সাংঘাটিক দুৰ্বলতা এটা আছে। গানটো শুনিলে নিজকে যেন ক’ৰবাত হেৰুৱাই পেলাওঁ।

: গান শুনি ইমান ভাল পোৱানে? নিজেই গাব পৰা হ’লে টো কথাই নাছিল। – মায়ে পিছফালৰ পৰা মাত দিলে।
: গান শুনিব লাগে বুজিছা, ই বহুত entertainment দিয়ে। Specially এই গানটোৱে মোক বেছিকৈয়ে আমোদ দিয়ে।
: তেতিয়াহলে তুমিও কোনোবা গান গোৱা এগৰাকী পালেই হয় আৰু। গোটেই জীৱন গান শুনি থাকিব পাৰিবা। তাই গাব আৰু তুমি শুনিবা ।
কথাকেইষাৰ কৈ মায়ে হাঁহি এটা মাৰি গুচি গ’ল। বৰ লাজ পালোঁ মই। কিন্তু বেছিকৈ আচৰিত হে হ’লোঁ। ভন্টিৰ মুখত এইবোৰ common, কিন্তু মাৰ মুখত আজি এইবোৰ। আচৰিত ……….

চাওঁতে চাওঁতে কলেজ পালোহিয়েই । তেতিয়াও ১০ বাজিবলৈ ১৫ মিনিট সময় আছেই। আজি এই কলেজত মোৰ দ্বিতীয় দিন । নাই, আজিও সকলো একেই আছে। ছোৱালী চোৱাই ছোৱালী চাইছে, আদ্দা মৰাই আদ্দা মাৰিছে, পঢ়াই পঢ়িছে আৰু কিছুমান আকৌ datting ত ব্যস্ত। হঠাৎ ভন্টিৰ কথাটো মনত পৰি গ’ল। ইমানবোৰ ছোৱালী অহা যোৱা কৰি আছে, কিয় কালৈও মই চোৱা নাই। কিয় আজিলৈকে মোৰ কোনো ছোৱালীকে ভাল লগা নাই। মোৰ ওচৰত এই প্ৰশ্নৰ মাথোন এটাই উত্তৰ আছে। হয়তো আজিলৈকে মোৰ মনটোক আকৰ্ষিত কৰিব পৰা ছোৱালী মই পোৱাই নাই অথবা মোৰ মনে বিচৰা কাকো পোৱাই নাই।

লাহে লাহে আহি নিজৰ ৰুম পালোহি। তেতিয়াও প্ৰায় সৰহভাগ ল’ৰা-ছোৱালীয়ে আহিল। সকলো নিজৰ নিজৰ ঠাইত বহি আছে। সকলো নতুন যে, সেয়ে কোনেও কাৰো লগত ভালদৰে সহজ হ’ব পৰা নাই। মইও ৰঞ্জন ক দেখি তাৰ ওচৰতে বহিবলৈ গ’লো।
: Hey, what’s up bro ?
: M fine, you ? -ৰঞ্জনে শুধিলে। : Ohh, me also .
: আজি দেৰি হ’ল তোমাৰ??
: নাই, ঠিকেইটো আছে। ইমান সোনকালে আহিনো কি কৰিম।
: সেইটোও হয়।

তেনেকুৱাতে দেখিলোঁ ছোৱালী কেইজনীমানে মোলৈ চাই নিজৰ মাজতে কিবা পাতি আছে। আহিলেই নহয় খংটো উঠি। কাম বন নাই নিকি তাহাতৰ।
হঠাৎ ছাৰ এজন সোমাই আহিল। সকলো মৌন।
: Good morning everyone, welcome to R.D. College . So , how are your experiences?

সকলো তেতিয়াও মৌন হৈয়েই আছে।

:So, myself Dr. Bibhuti Nandan Saikia. I will teach you Organic Chemistry . তোমালোকে সকলোৱেই chemistry ত major লৈছা, গতিকে ভালদৰে পঢ়া-শুনা বিলাক আগুৱাই নিব লাগিব আৰু। বাৰু আজি তোমালোকৰ লগত চা-চিনাকিকে হৈ লওঁ।

সকলোৱে এজন এজনকৈ নিজৰ নিজৰ introduction দিলোঁ।

: তোমালোকৰ কাৰোবাৰ extra curricular activities আছে নেকি। এই ধৰা গান গোৱা, অভিনয় কৰা আদি। অলপ entertainment কে হৈ যাওক, নে কি কোৱা?

তেনেতে পিছফালে কোনোবা থিয় হৈছে।
: কি কৰিবা তুমি ?
: ছাৰ মই গান গাই ভাল পাওঁ। – ছোৱালী এজনীয়ে ক’লে।
: Ouu, very good, গোৱা তেন্তে।

ছোৱালীজনীয়ে গাবলৈ আৰম্ভ কৰিলে।
: বুকুৰ উমেৰে হিয়াতে ৰৈ
মৰম দিয়া মোক,
চেঁচা চেঁচা পৰশে তেজতে বৈ
মৰম দিয়া মোক…….

আৰে, এইটো চোন মোৰ প্ৰিয় গানটো। লগে লগে গাটো সিৰসিৰাই গৈছে। আহহ, ইমান সুন্দৰকৈ কোনে গাইছে? আৰু মাতটো , কি সুন্দৰ এটি কন্ঠ। নিজকে সেইখিনিতে যেন হেৰুৱাই পেলাইছো। কি হৈছে এয়া মোৰ? কাহানিও উপলব্ধি নকৰা এক অনুভৱ।

গানটো গাই শেষ হ’ল। সকলোৱে জাওৰীয়ে জাওৰীয়ে হাত চাপৰি বজালে। মইও নবজুৱাকৈ থাকিব নোৱাৰিলোঁ।
: Very good, awesome , ধুনীয়া গাইছা । সুন্দৰ কন্ঠ। পিছে তোমাৰ নামটো ??
: ৰাগিনী ফুকন, ছাৰ।
: নামেই যাৰ ৰাগিনী, তেওঁৰ কন্ঠ আৰু বেয়া হ’ব পাৰেনে, নে কি কোৱা তোমালোকে?
: হয় ছাৰ

  • মোৰ বাহিৰে সকলোৱে উত্তৰ দিলে।
    : Thank you sir
    -ৰাগিনীয়ে ক’লে।

এইবাৰ আৰু মই নিজকে ৰখাব নোৱাৰিলোঁ। পিছলৈ ঘূৰি চালোঁ। হঠাৎ চকুত চকু পৰিলে। Just like eye to eye contact. তাই তললৈ মূৰটো সুমুৱাই দিলে। হয়তো লাজত। মইও ঘূৰি দিলোঁ আগলৈ। কিন্তু কেনেকুৱা আছিল এই অনুভৱ, যিটো মোৰ বাবে সম্পূৰ্ণ অচিনাকি।

Class টো শেষ হ’ল। সকলো পিছৰ Class টোলৈ যাবলৈ সাজু হৈছে। মইও সাজু হৈছোঁ। এবাৰ পিছলৈ চাইছো তাইক চাওঁ বুলিয়েই। কিন্তু কি আচৰিত,মোলৈও চাইছে দেখোন তাই। আকৌ eye to eye contact। কি হৈছে এয়া, তাইৰ ওপৰৰ পৰা মোৰ দৃষ্টি দেখোন আতৰাই আনিবই পৰা নাই। তাইও মোলৈ একেৰাহে চাই আছে চোন।

: ৰনবীৰ , যাওঁ ব’লা।
ৰঞ্জনৰ মাততহে সম্ভেদ ঘূৰি আহিল।
:ব’লা ব’লা, যাওঁ।
দুয়োটাই লৰালৰিকৈ ৰুমটোৰ পৰা ওলাই গ’লোঁ।

আজি দিনটো তেনেকৈয়ে পাৰ হ’ল। ভালদৰে মনটোও বহাব নোৱাৰিলোঁ আজি class ত। কলেজৰ class শেষ কৰি গেটৰ বাহিৰলৈ ওলাই আহিলোঁ। দেখিলোঁ আজি দেউতাই গাড়ী লৈ মোক নিবলৈ ৰৈ আছে। হয়তো কিবা কাম আছিল। গাড়ীত বহি ল’লোঁ আৰু লাহে লাহে গাড়ী চলিবলৈ ধৰিলে। খিৰিকীৰে বাহিৰলৈ চাই গৈছোঁ। কিজানিবা অলপ মনটো পাতল লাগেই। নাই, বাৰে প্ৰতি কাণত বাজি আছে ৰাগিনীৰ কন্ঠৰ সেই গীতটো আৰু দুচকুত ভাহি আহিছে মাথোঁ তাইৰ চেহেৰাটো। কি হৈছে আজি মোৰ। নিজকে নিজেই বুজাব পৰা নাই। মাথোন নিজকে এটাই সান্তনা দিছোঁ যে-
: Relax, Ranveer, everything is normal. তোৰ ভাল লগা গানটো গাইছিল যে, সেইকাৰণে এনেকুৱা ভাৱবোৰ মনলৈ আহি আছে।

  • নিজকে নিজেই ক’লোঁ।

এইবোৰ ভাবি গুনি থাকোঁতে কেতিয়ানো ঘৰ পালোহি ধৰিবই নোৱাৰিলোঁ।

( আগলৈ)

#৫

সন্ধিয়া ৬ বাজিছে। সকলোৱে মিলি একেলগে চাহ খাই আছোঁ। তেনেতে দেউতাই সুধিলে-
: কলেজত class বোৰ ঠিকে ঠাকে হৈছেনে?
: হৈছে, হৈছে।
: এনেই class বোৰ কৰি কেনেকুৱা লাগিছে?
: প্ৰায় ভালেই লাগিছে। ছাৰ সকলো যথেষ্ট ভাল। বহুত free ।

দেউতাই কথাবোৰ সুধি থাকোঁতে ভন্টিয়ে মিচ মিচাই হাঁহি আছিল। মই তেতিয়াই গম পালো যে নিশ্চয় তাইৰ মগজুত ফকতীয়া কথা কিছুমানে দোলা দি আছে। কিন্তু ফুটাই ক’ব পৰা নাই। কাৰণ দেউতা আছে ওচৰত। আৰু দেউতাৰ সন্মুখত এইবোৰ কোৱা মানে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে। কথাটো দেখি মোৰ মনে মনে হাঁহিও উঠিল। বেচেৰী জনী, আজি তাইৰ লোকচানহে হ’ল।

এইদৰেই অলপ সময় কথা-বতৰা পাতি নিজৰ ৰুমলৈ গ’লো। ভন্টিয়েও পঢ়িবলৈ বুলি মাহঁতৰ ৰুমলৈ গ’ল।

পঢ়া টেবুলত বহি আছোঁ যদিও পঢ়াত মন বহোৱাব পৰা নাই। বাৰে বাৰে মাথোঁ দুচকুত ভাহি আহিছে ৰাগিনীৰ চেহেৰাটো আৰু অহৰহ কাণত বাজি আছে তাই গোৱা মোৰ সেই প্ৰিয় গীতটো । মনে মনে খংও উঠিল তাইৰ ওপৰত । সংসাৰত ইমানবোৰ গান আছে, তাই আকৌ মোৰ প্ৰিয় গানটো হে গাবলৈ পালে। বেলেগ গান বিচাৰি নাপালে আৰু। এক আচৰিত ক্ষোভ উজাৰি দিছোঁ নিজৰ মাজতে। কি হৈছে আজি মোৰ। একোকে ভাৱি পোৱা নাই। মুঠতে এক বুজাব নোৱাৰা পৰিস্থিতি।

: হু , ল।

  • ৰুমলৈ সোমাই আহি ভন্টিয়ে পঢ়া টেবুলত থেপেককৈ বহী এখন থ’লে।
    : কি?
    : এই অংকটো বুজাই দে, বুজি পোৱা নাই।
    : হাঃ হাঃ! এই সাধাৰণ অংকটোকে তই বুজি পোৱা নাই। অৱশ্যে বুজিনো পাবি ক’ৰ পৰা। পাহৰিছিলোয়েই মই তোক মূৰ্খৰ মহাৰাণী বুলি।
    চেৰচেৰাই যোৱাকৈ এচাট খালোঁ ভন্টিৰ পৰা।
    : হ’ব, তয়েই বৰ জ্ঞানৰ দেৱতা নহয়, বুজাই দে এতিয়া।

অংকটো বুজাই দিলোঁ। বুজি পালেনে নাই নাজানো, কিন্তু মূৰটো খুব জোকাৰিলে।
: বুজি পালি?
: তই কি মোক তোৰ ওচৰলৈ অংক শিকিবলৈ অহা বুলি ভাবিছিলি নি? অংকটো এটা বাহানা আছিল। অহাৰ উদ্দেশ্য কিন্তু বেলেগ।
: মই আগতেই জানিছিলো তই কি মতলব ত ইয়ালৈ আহিছ । তোৰ দাদা হয় মই। বয়সত চাৰি বছৰ ডাঙৰ তোতকৈ । তোক চিনি পাবলৈ বাকী নাই আৰু। নৌটংকী কৰবাৰ।
: জানিলি যদি আৰু ভালেই কথা। Now come to the main point.
: অই lecture ৰ দোকানী, হ’ব নেকি , তোৰ লগত lecture মাৰিবলৈ সময় নাই মোৰ।
: ৰহচোন ৰহ, বৰ ব্যস্ত ডাল ওলাইছে একেবাৰে ।
: কি আছে, সোনকালে ক আৰু যা ।
: কৈছোঁ কৈছোঁ।
মোৰ ফালে অদ্ভুত চাওনি এটা দিছে তাই। আজি আকৌ এইজনীৰ মগজুত কি খিচিৰী সিজি আছে ঠিক নাই।
: আজি মই তোক অহাৰ পৰা notice কৰিছো , তই আজি বৰ বেলেগ ধৰণে আছ।
: ক’ত দেখিলি? ঠিকেইটো আছে। জোখতকৈ বেছি দেখিছ নেকি অলপ।
: নাই মই ঠিকেই দেখিছোঁ। পিছে আজি কলেজত কিবা হ’ল নেকি? নে কাৰোবাক দেখি বুকুৰ ঘন্টাই এলাৰ্ম দিলে।
অনিচ্ছাকৃতভাৱে মুখৰ পৰা হাঁহি এটা ওলাই গ’ল।
: Yes,I knew it. কিবা এটা টো হ’ল আজি।

  • আনন্দতে তাই পাগলৰ দৰে সাতজাপ আঠজাপ মাৰিলে।
    : কচোন ক দাদা, কি হ’ল আজি?
    : একো হোৱা নাই।
    : মিছা কথা নকবি। তোৰ হাঁহি আৰু তোৰ এই মৌনতাই ইয়াৰ উত্তৰ দিছে। সৰুৰেপৰাই তোৰ লগত একেলগে ডাঙৰ হৈছোঁ। আজিলৈকে কিন্তু তোক এই অৱস্থাত দেখা নাই। গতিকে, মোৰ পৰা যিমানেই নুলুকোৱাও কিয় , মই কিন্তু সকলো বুজি পাওঁ।
    : অ’ ,hello, তোমাৰ melodrama হ’ল যদি যোৱা নিজৰ ৰুমলৈ। আৰু এটা কথা, মোৰ জীৱনৰ সপোন দেখাতকৈ নিজৰ জীৱনৰ কথা ভাৱা ।
    : তই কি ভাৱ, এই ৰিত্তিকা বৰুৱাই নিজৰ কথা ভৱা নাই। মই মোৰ সপোন কেতিয়াবাই দেখি থৈছোঁ।যিফালেই এই ৰিত্তিকা বৰুৱা যাব, সেইফালেই ল’ৰাৰ লাইন লাগিব ।
    : তেতিয়াহলে তোৰ কাৰণে দেখোন সয়ম্বৰ পাতিব লাগিব।
    : ইমান কষ্ট নকৰিলেও হ’ব তই। মই এজনকে মালা নিপিন্ধাও নহয়। মোৰ বাবে ১০-১১ জন থাকিব।
  • দুষ্ট জনীয়ে চকু টিপ মাৰি ক’লে।
    : যি দেখিছোঁ, তই IPL ত অসমৰ পৰা team এটা ওলিওৱাৰ ঢাণ্ডাত আছ যেন পাওঁ।

গোটেই জনী লাজত ৰঙা চিঙা পৰি নিজৰ ৰুমলৈ লৰ মাৰিলে। তাইক জুকাৰি মোৰও বহুত ভাল লাগে। একমাত্ৰ ভনী যে। এবাৰ আইনা খনৰ ওচৰত গৈ নিজকে চাইছো। ভন্টিয়ে কোৱাৰ দৰে সঁচাই আজি মোক বেলেগ লাগিছে নি বাৰু। এহ , নাইলগা, এইবোৰ সকলো মোৰ মনৰ চিন্তা। এইবুলি কৈ আকৌ নিজৰ পঢ়া টেবুলত বহিলোহি ।

( আগলৈ)

#৬

আজি কলেজখনত মোৰ তৃতীয় দিন। চিপ্ চিপ্ কৈ বৰষুণ এজাক দি আছে। বতৰটোও অলপ ঠাণ্ডা। একেখিনি ঠাই, একখন কলেজ আৰু একেবোৰ মানুহ, তথাপি আজি যেন কলেজখনত এক সুকীয়া অনুভৱ। সময়তকৈ আজি অলপ সোনকালেই কলেজলৈ আহিলো। মনটো বৰ অশান্ত আজি। এক প্ৰকাৰ ব্যাকুল হৈ আছে আজি মোৰ মনটো । নাজানো কিয়। আনকালে টো কোনোদিনেই এনেকুৱা হোৱা নাই। চকু দুটাই যেন অনবৰতে কাৰোবাক বিচাৰি আছে। Class ৰ সন্মুখৰ বাৰান্দাতে ৰৈ যিমান দূৰলৈ পাৰি, সিমান দূৰলৈ দৃষ্টি এৰি দিছোঁ। কিন্তু নাই, তাইক দেখা নাই।

: Hey bro! কি হৈছে ? অকলে অকলে বাৰান্দাত কাৰ অপেক্ষাত ?

  • ৰঞ্জনে শুধিলে।
    : নাই ধেৎ, কাৰ কাৰণে wait কৰিমনো ! এনেই ভিতৰত ভাল লগা নাই বাবে ইয়াতে ৰৈ আছোঁ।
    : হে হে , ঠিক নাই দেই, ল’ৰা প্ৰেমত পৰিবও পাৰে।
    : হাঃ ! প্ৰেম আৰু মই। Never dost . It’s impossible. I just hate the word “love”.
    : আও, প্ৰেমৰ প্ৰতি ইমান ঘৃণা কিয়? আগতে কিবা …. Don’t mind, তোমাৰ personal কথা । মই just সুধিছোহে ।
    : No no, it’s ok . তেনেকুৱা বিশেষ একো নাই। বৰ্তমান সময়ত যিখিনি দেখি আছোঁ, তাৰ কাৰণেহে প্ৰেমৰ প্ৰতি মোৰ ইমান ঘৃণা। আজিকালি প্ৰেম মানে কেৱল মাহে প্ৰতি anniversary, gift , park ত, গছৰ তলত datting, ধুম ধাম দুদিনমান romantic romantic message, etc etc. আৰু যেতিয়াই এইবোৰেৰে মন ভৰি যায়, তাৰ পিছতেই আহে break up। এতিয়া দুদিনমান ধুমধাম tragedy আৰু কেইদিনমানৰ পিছত আকৌ নতুন কাৰোবাৰ লগত একেই প্ৰেমৰ খেলা আৰম্ভ হৈ যায়। এয়াই হৈছে আজিৰ যুগৰ প্ৰেম।
    : কিন্তু তাৰ মাজতে কিছুমান সঁচা প্ৰেমও তো দেখিবলৈ পোৱা যায়।
    : সঁচা প্ৰেম কেৱল চিনেমা ছিৰিয়েলতহে দেখা পোৱা যায় বন্ধু । In real life, true love doesn’t exist.
    : বাৰু তোমাৰ নিজৰ কথা। তথাপি কথাবোৰ শুনি কিবা এটা টো ভাল লাগিছে। ইয়াৰ পৰা মই এটা কথা কিন্তু sure ,যে তোমাৰ love story টো কিছু interesting হ’ব দেই ।

তাৰ কথা শুনি মোৰ হাঁহিহে উঠিল। তেনেকুৱাতে দেখিলোঁ গুলপীয়া ৰঙৰ ছাতি এটা লৈ ছোৱালী এজনী আমাৰ ফালে আহি আছে। লগত আৰু এজনী আহিছে। দুয়োজনীয়ে কথা পাতি পাতি আহি আছে। দূৰৰ পৰাই ধৰিব পাৰিলো গুলপীয়া ৰঙৰ ছাতি লৈ অহা জনী ৰাগিনী। লগে লগেই মনটোত এক বুজাব নোৱাৰা আনন্দ। চকুযোৰেও যেন এতিয়াহে শান্তি পাইছে। গাটোত এক শিৰশিৰণি আৰম্ভ হৈছে। নাজানো এইবোৰ কিহৰ লক্ষণ। তথাপি কিবা এটা ভাল লাগিল। সেইফালে চাই থাকোঁতে তাহাতিও ওচৰ পাইছেহি। চকুযোৰ আতৰাই আনিবৰ মন যোৱা নাই। একেথিৰে মাথোঁ চাইয়েই আছোঁ। আজি চুলিবোৰ মেলি আহিছে। সম্পূৰ্ণ ক’লা বৰণৰ straight চুলি, চকু যোৰি আৰু ওঁঠকেইটা পদূমৰ পাহিটোৰ দৰে, সুন্দৰ ধেনুভিৰীয়া আকৃতিৰ চেলাউৰি , চন্দ্ৰটিৰ দৰে উজ্বল মুখ, সুমধুৰ লাহি পাহি দেহা , মুখত নাই কোনো প্ৰশাধনৰ চিন , কাণত মাথোঁ এযোৰ সৰু ফুলি, মুঠতে এক অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য। ইংৰাজীত যাক কোৱা হয় natural beauty ।

: অই, গুলপীয়া ছাতি লৈ অহা মালটো চালিয়া বে, চা চা ।

  • ল’ৰা কেইটামানে নিজৰ মাজতে আলোচনা কৰি আছে।

কথাটো শুনি আহিলেই নহয় খংটো উঠি। অলপ খঙেৰে ল’ৰা কেইটাৰ ফালে চালোঁ। আতঁৰি গ’ল তাহাতি। এনেকুৱা অভদ্ৰ আচৰণ দেখিলে মোৰ বহুত খং উঠে।

দুয়োজনী আহি আহি আমাৰ ওচৰ পালেহি। ওচৰৰ পৰা দেখিছোঁ আজি তাইক। চাই আছোঁ তাইৰ ফালে। নাই, আজি যেন চকুযোৰিয়ে কেৱল তাইকহে চাবলৈ বিচাৰিছে। প্ৰায় মুখামুখি হৈছো, মোৰ ফালে এবাৰ চাইছে। তথাপি দুচকুত যেন এটি লাজ পোহি ৰাখিছে। লাজতে লৰালৰিকৈ ছাতিটো থৈ ভিতৰলৈ যাবলৈ লওঁতেই ছাতিটোৱে মোৰ ডিঙিটোত আঘাত কৰিলে।
: আও , খুচিছে।
মোৰ মাত শুনি হঠাৎ পিছলৈ ঘূৰি চাইছে।
: I m so sorry.
কথাষাৰ কওঁতে তাইৰ চকুযোৰ সেমেকি উঠিল। লৰালৰিকৈ ৰুমটোৰ ভিতৰলৈ দৌৰ দিলে। মইও তাইৰ ফালে মাথোঁ চাই ৰ’লোঁ।
: ওহো ওহো !

  • লগৰজনীয়ে কাহি থৈ যোৱা দি গ’ল। কিন্তু কিয়, সেয়া হ’লে নুবুজিলোঁ।

: ৰনবীৰ, ৰনবীৰ

  • ৰঞ্জনে জোকাৰি দিলতহে হুঁচ আহিল।
    : কি হৈছে? কি ভাৱি আছা? Class ৰ সময় হ’ল।
    : নাই একো নাই, ব’লা ব’লা।

এইবুলি কৈ দুয়োটা ৰুমৰ ভিতৰলৈ সোমাই আহিলোঁ। মনতে ভাৱিলোঁ, কি হৈছে মোৰ আচলতে? কিয় এনেকুৱা কৰি আছোঁ মই? কিয় বাৰে বাৰে তাইৰ ফালে চাবলৈ বিচাৰিছোঁ? সকলোবোৰ যেন মোৰ বাবে এতিয়া এক বৃহৎ প্ৰশ্নবোধক চিন ।

( আগলৈ)

#৭

ছাৰ এজন class লৈ সোমাই আহিল। সকলোৱে নিজৰ নিজৰ ঠাইত বহিলেগৈ। আমিও নিজৰ বেন্সত বহিলো। লগে লগেই Class আৰম্ভ হ’ল। সকলো lecture attend কৰাত ব্যস্ত। মইও পঢ়াত মন বহোৱাব চাইছোঁ। কিন্তু মাজে মাজে যেন ব্যৰ্থ হৈ গৈছোঁ। বাৰে বাৰে চকু কেইটা তাইৰ ফালে গৈ আছে। কিয় মই তাইক ইমানকৈ চাই আছোঁ? কেনেকুৱা এই অচিনাকি অনুভৱ ? নাই, কোনো প্ৰশ্নৰ যেন উত্তৰ মোৰ ওচৰত নাই। নিজৰ ওপৰতে এক আচৰিত ক্ষোভ।

এনেদৰেই Class টো শেষ হ’ল। সকলো পিছৰ Class টোৰ বাবে অন্য এটা ৰুমলৈ গৈছে। ৰঞ্জন আৰু মইও ৰুমটোলৈ যাবলৈ ওলালোঁ।

ৰুমটোত গৈ দেখিলোঁ, অকল ৰাগিনীৰ লগৰ জনীহে Class লৈ আহিছে। কিন্তু ৰাগিনী! তাই ক’ত গ’ল। আগৰ Class টোত আছিল দেখোন। এতিয়া ক’ত গ’ল? এবাৰ বাহিৰলৈ চালোঁ । নাই , বাহিৰতো নাই চোন। মনত বাহিল নহয় উৎকণ্ঠা। হ’ল আৰু আজিলৈ। ভালকৈয়ে Class কৰিম মানে আজি।

  • মনতে ভাৱিলোঁ।
    তেনেকুৱাতে ছাৰ এজন সোমাই আহিল আৰু ক’লে –
    : আজি মোৰ অলপ কাম আছে। So আজিৰ Class টো cancel।

কথাষাৰ কৈ ছাৰজন ওলাই গ’ল। ওফ! অলপ শান্তি তেও । নহ’লে এই Class টোত ও তাইৰ কথাই আমনি দিলেহেতেন।

: কি হ’ল বন্ধু, কি ভাৱি আছা ?

  • ৰঞ্জনে শুধিলে।
    : নাই, এনেই । কি নো ভাৱিবা ।
    : ওহো, এনেই টো হ’ব নোৱাৰে। অথনিৰে পৰা লক্ষ্য কৰি আছোঁ তোমাক, কিবা ভাবুক টোৰ দৰে আছা । নে chemistry ৰ কিবা নতুন reagent আৱিষ্কাৰ কৰিম বুলি ভাবিছা ?
    তাৰ কথাত মাথোঁ হাঁহিবহে পাৰিলোঁ।
    : সেইবোৰ একো নহয় বুজিছা, অথনি ছাতিৰ খুচে বুকুলৈকে বিন্ধিলে যেন পাওঁ। সেইকাৰণে এই অৱস্থা।
  • ৰাগিনীৰ লগৰ জনীয়ে তপৰাই ক’লে। তাই আমাৰ সন্মুখৰ বেন্স খনতে বহি আছিল। কি আচৰিত ছোৱালী। কোনো চিনা জনা নাই। কেনেকৈ তেনেদৰে ক’ব পাৰিলে? তাইৰ কথা শুনি ৰঞ্জনেও হাঁহিবলৈ ধৰিলে।
    : So sorry Ranveer, I am just kidding . By the way, myself Krittika, Krittika Hazarika.

আচৰিত, মোৰ নামটোও চিনি পায়। মই দেখোন ভালদৰে চিনিকে নাপাওঁ। পিছে চিনি পামনো কেনেকৈ? চকু কেইটাই টো ৰাগিনীৰ বাহিৰে আন কাৰোলৈ চাবই নোখোজে। আচলতে, তাইক বাদ দি আজিকালি একো বস্তুৱেই দেখোন ভাল নলগা হৈছে।
: Ohh Hello, nice name হা, মানে মোৰ ভন্টিৰ নাম ৰিত্তিকা আৰু তোমাৰ কৃত্তিকা। প্ৰায় একেই দুয়োটা। By the way তুমি মোৰ নামটো কেনেকৈ জানিলা। মইতো তোমাক মাতি পোৱা নাই আজিলৈকে।
: মাতিলেহে নাম জানিব পাৰি নেকি কিবা। আৰু কলেজৰ most handsome আৰু hero looking ল’ৰাটোক কোনে চিনি নাপাব । ইফালে gym মাৰি body অলপ বনাই থৈছা। সকলোৱেই চিনি পাব তোমাক। পিছে কথা এটা কওঁ, তোমাৰ কথা কিন্তু কলেজৰ বহুত ছোৱালীৰ মুখতে শুনি আছোঁ।
: কিন্তু আমাৰ বেটা আকৌ প্ৰেম অবিস্বাসী। প্ৰেম যদি সোফালে , এইজন আকৌ বাওঁফালে। গতিকে লাভ নাই।

  • ৰঞ্জনে তপৰাই উত্তৰ দিলে।
    : Yes, he is right. মই প্ৰেম নামানো ।
    বৰ আচৰিত হৈ কৃত্তিকাই মোৰ ফালে চালে।
    : এতিয়া নামানা বাৰু, কিন্তু যেতিয়া হ’ব তেতিয়া টো মানিবা।
  • কৃত্তিকাই ক’লে।
    : Never, মোৰ কেতিয়াও প্ৰেম নহয়।
    : O hello, প্ৰেম কৰোঁ বুলি কৰিব নোৱাৰি। সঁচা প্ৰেম আপোনাআপুনি হয়। আৰু এই সঁচা প্ৰেমেই হৈছে এক স্বৰ্গীয় অনুভূতি। বুজিলা?

এইবোৰ প্ৰেম নে ক’ৰ কি সকলো মিছা। It’s a useless thing. Just waste of time.

  • মনতে ভাৱিলোঁ।

কিন্তু তেতিয়াও যেন মোৰ মনটো অস্থিৰ । বাৰে প্ৰতি ৰাগিনীৰ কথা সুধিব মন গৈছে। এবাৰত সুধিয়ে পেলালোঁ।
: তোমাৰ লগৰ গৰাকী ক’ত গ’ল? মানে ৰাগিনীৰ কথা সুধিছো।
: অহ তাই, তাই PG লৈ গৈছে। গা টো ভাল নাছিল আজি।
আকৌ মনত উৎকণ্ঠা বাহি গৈছে। শৰীৰ অসুস্থ তাইৰ, কিন্তু এনে লাগিছে যেন, সেই অসুস্থতা মইহে অনুভৱ কৰিছোঁ।
: কি হৈছে তাইৰ? বেছিকৈ গা বেয়া নিকি?

  • একেটা উশাহতে কথাকেইষাৰ সুধি পেলালোঁ।
    : নাই নাই, ইমানও বেয়া নহয়। অলপ rest ল’লেই ঠিক হৈ যাব। পিছে তুমি তাইৰ কথা ইমান সুধি আছা যে। Miss কৰিছা নেকি তাইক? নে বেলেগ কিবা ? ওহো ওহো । কথা গৰম।

কিবা ক’বলৈ লওঁতেই ল’ৰা এটাই আহি ক’লেহি .….
: Guys, পৰহিলৈ আমাৰ fresher’s । Notice মাৰিলে।

সকলোৰে মুখত যেন এক আনন্দ ফুটি উঠিছে।
: কিবা কৰিবা নেকি fresher’s ?

  • কৃত্তিকাই সুধিলে।
    : নাই, নকৰোঁ। আমিনো কি কৰিম আৰু । পিছে তুমি কি কৰিবা?
    : জানো কি কৰোঁ, ভাৱিব লাগিব।
    : পিছে তোমাৰ লগৰ গৰাকীয়ে বৰ ধুনীয়া গান গায়।
    : কি হ’ল? তুমি শুনি আপ্লুত হৈ গ’লা নেকি?
    : কি কোৱা হে! ভাল লাগিল আৰু শুনি। আচলতে সেইদিনা তাই গোৱা গানটো মোৰ বহুত প্ৰিয়।
    : ঠিক আছে তেন্তে, মই তাইক fresher’s ত তুমি গান এটা গাবলৈ কৈছা বুলি কম বাৰু। Specially তোমাৰ কাৰণে।
  • এইবুলি কৈ মূৰ্হুততে তাই ৰুমটোৰ পৰা হাঁহি হাঁহি ওলাই গ’ল। মই একো কোৱাৰ সুযোগেই নাপালোঁ। কিন্তু এটা কথা ভালদৰে জানিব পাৰিলোঁ যে এই কৃত্তিকা নামৰ প্ৰাণীটোৱে আগলৈ কিছু অঘটন ঘটাব।

( আগলৈ)

#৮

কলেজৰ পৰা আহি ঘৰ পালোহি। দেখিলোঁ চোতালত এখন নতুন ধুনীয়া bullet। কোনোবা আলহি আহিছে চাগৈ। এইবুলি ভাৱি ভিতৰলৈ সোমাই গ’লো। বাহিৰৰ কোঠাটোতে দেউতা বহি আছে। সময়টো চালোঁ, ৪ বাজিছে। আজি তেওঁ অফিচৰ পৰা ইমান সোনকালে আহিল নে । আচৰিত হ’লো কিবা কথাটো ভাৱি।
: চাওঁ, এইফালে আহচোন।

  • দেউতাই মাতিলে। মইও ওচৰলৈ গ’লো।
    : ওমম, কোৱাচোন।
    : এইটো ল।
  • এইবুলি কৈ চাবি এটা মোৰ হাতত তুলি দিলে।
    : এইটো টো বাইকৰ চাবি । কিন্তু……..
    : ওম, এইটো বাইকৰে চাবি । সৌ বাহিৰত যে bullet খন দেখিছ, সেইখন আজিৰ পৰা তোৰ।
    : তাৰমানে সেইখন মোৰ!!!!!
  • আনন্দতে প্ৰায় ক’ব নোৱাৰা হৈ পৰিছোঁ। কি কৰিম, কি নকৰিম যেন লাগিছে।
    : অ, তোৰেই সেইখন। আজি অফিচ ছুটি লৈছিলোঁ। দিনটো এইবোৰ কামতে ঘূৰি আছিলোঁ। আগতে কোৱা নাছিলোঁ মানে তোক surprise দিব বিচাৰিছিলোঁ।
    : Thank you so much দেউতা।
  • মনত এক অপাৰ আনন্দ। কথাষাৰ কৈ লৰালৰিকৈ নিজৰ ৰুমলৈ গ’লোঁ।

বেগটো টেবুলতে থৈ বিছনা খনত বাগৰি দিছোঁ। কি এক সুকীয়া আমেজ। এবাৰ চাবিটো চাইছোঁ। মনতে ভাৱিলোঁ, কেনেকৈ প্ৰত্যেক পিতৃ মাতৃয়ে সন্তানৰ সুখ -দুখৰ কথা, মনৰ কথা বুজিব পাৰে? সেয়ে হয়তো তেখেতলোকক পৃথিৱীৰ প্ৰথম আৰু প্ৰধান ঈশ্বৰ বুলি কোৱা হয়। আজি তেখেতলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু বাহি গৈছে। তথাপি নিজৰ ওপৰতে খংও উঠিছে। কিয় আজি মোৰ শ্ৰদ্ধা বাহিছে ? বস্তুটো পোৱাৰ কাৰণে? নিজকে নিজেই প্ৰশ্ন কৰিছোঁ। কোনোবা এখিনিত মই স্বাৰ্থপৰ নেকি বাৰু? নাই নাই, মই এনেকুৱা হ’ব নোৱাৰোঁ। কিন্তু কি কৰিম, এই প্ৰশ্নসমূহৰ উত্তৰ ও যে মোৰ ওচৰত নাই।

কথাবোৰ ভাৱি থাকোঁতেই আকৌ এবাৰ চাবিটো চাইছোঁ । বাইক খনৰ ছবিটো মনলৈ ভাহি আহিছে। কিন্তু এয়া কি? ৰাগিনীৰ চেহেৰা টোও দেখোন দুচকুত ভাহি আহিছে। হঠাৎ ছাতিৰে খুচ খোৱা কথাটো মনত পৰি গ’ল। ডিঙিটো এবাৰ চুই চাইছোঁ। কিবা এটা ভাল লাগিছে। খুচটোৱে বিন্ধি থকাৰ দৰে লাগিছে। কিন্তু ডিঙিত নহয়, অথনি কৃত্তিকাই কোৱাৰ দৰে যেন বুকুতহে বিন্ধিছে। এবাৰ মনতে ভাৱিছোঁ, আজিলৈকে তো বহুত ছোৱালী লগ পাইছোঁ, বহুতৰ লগত কথা পাতিছোঁ, কাৰো লগতেই তো এনেকুৱা হোৱা নাই। কিন্তু কিয় এইৰ লগত এনেকুৱা হৈছে? কিয় বাৰে বাৰে মনটোৱে তাইৰ কথা ক’ব বিচাৰে? কিয় মোৰ দুচকুৱে অনবৰতে তাইকেই চাবলৈ বিচাৰে? কিয় তাইৰ বাহিৰে মোৰ আন একোৱেই ভাল নলগা হৈছে? কিয় তাইক দেখিলে বুকুত এটা বিষ অনুভৱ হয়? বিষ নে অন্য কিবা ধৰিব পৰা নাই। এতিয়া এই সকলোবোৰ কিয়ৰ এটাই মাথোঁ উত্তৰ – নাজানোঁ। জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে মোৰ মন মগজু কিছুমান প্ৰশ্নৰে ভৰি গৈছে। কিন্তু কোনো এটা প্ৰশ্নৰ উত্তৰ হ’লে মই বিচাৰি পোৱা নাই। এনেবোৰ প্ৰশ্ন পৰীক্ষাত অহা হ’লে মই বছৰি বছৰি ফেইল কৰিলোহেঁতেন।

সন্ধিয়া ৬ বাজি ৩০ মিনিট। পঢ়া টেবুলত বহিছোঁ। সেই কথাবোৰতে লাগি থকাৰ বাবে আজি বাইক খন এপাক ও চলোৱা নহ’লেই নহয়। কালিলৈ কলেজলৈকে নিম আৰু একেবাৰে।
: Hello bro .
: একেবাৰে grand entry মৰা দি আহিছ যে।

নাই মোৰ কথাত গুৰুত্বই নাই। ৰুমটোত ইফালে সিফালে কিবা চাবলৈ ধৰিছে।
: কি বিচাৰিছ?
: নহয়, তোৰ লগৰ কোনোবা আহিছে নেকি চাইছোঁ।
: মোৰ কি লগৰ টো জেঠী , পৰুৱাটোৰ সমান নি? যেনেদৰে বিচাৰিছ যেন ক’ৰবাত লুকাই হে থাকিব।আৰু তোৰ নো আজি কি ভূত উকালে আহিয়েই যে লগৰ কোনোবা অহাৰ কথা সুধিছ। বাৰু আহিলেই যেনিবা , তাতে তোৰ ইমান excited হ’ব লগীয়া কি কথা আছে?
: তই নুবুজিবি বুজিছ। অকল তহঁতিয়েই কিবা ভনীয়েৰহঁতৰ লগৰ ছোৱালী চাব পাৰ নেকি? আমি কি ককায়েকবোৰৰ লগৰ ল’ৰাবোৰক চাব নোৱাৰিম নেকি? অৱশ্যে তোৰ কথা বেলেগ। আৰু মই এনেই সুধা নাছিলোঁ। বাহিৰত নতুন বাইক এখন দেখিহে সুধিছিলোঁ কোনোবা আহিছে নেকি।
: অহ, সেই বাইকখন।
: হয় , সেইখনৰ কথাই কৈছোঁ।

তেনেতে অলপ style ত তাইক চাবিটো জুকাৰি জুকাৰি দেখুৱালোঁ।
: এইটো চা ।
: চাবি আকৌ এইটো।
: অই মূৰ্খ , তোক মই এইটো কি বুলি সুধা নাই নহয়। এইটো চাবি বুলি মইও চিনি পাওঁ।
: হ’ব দে। তেন্তে….…
: এই চাবিটো মোক দেউতাই gift দিছে। মানে বাহিৰত থকা যিখন bullet ৰ কথা তই কৈছ, সেইখন আজিৰ পৰা মোৰ।
: কি কৱ বে !

  • এক প্ৰকাৰ জপিয়াই দিলে তাই।
    : Party খোৱাই দিবি মোক।
    : লাজ লগা নাই তোৰ হা ? ঘৰৰ মানুহৰ পৰা Party খুজিছ।
  • মইও অলপ ইতিকিঙৰ সুৰত ক’লোঁ।
    : কিবা এটা খুৱাই দিবি মোক।
    : হ’ব খাবি যা।
    : পিছে বাইকখন গোটালা , এতিয়া বাইকৰ পিছফালে বহোৱাবলৈ মানুহ এগৰাকী বিচাৰা আৰু।
    : বেলেগ মানুহ কিয় লাগে? মা আছেই দেখোন, মাক বহোৱাম আকৌ।
    : গাধ, মই মাৰ কথা কোৱা নাই। তোৰ প্ৰেয়সীৰ কথা কৈছোঁ। বুজিকে নাপাৱ ।
    : আকৌ আৰম্ভ হৈ গ’ল আৰু ন তোৰ। অথনিৰে পৰা নাছিলি ভালেই হৈছিল। এতিয়া tuition ৰ পৰা আহি মোৰ মগজু ঘোলা কৰিবলৈ আহি গ’লি। যা যা, মোৰ কাম আছে।
  • এইবুলি কৈ তাইক ৰুমটোৰ বাহিৰত থৈ আহিলোঁ আৰু দুৱাৰ খন জপাই দিলোঁ। বাহিৰৰ পৰাই তাই আকৌ মাত লগালে-
    : বিচাৰ বিচাৰ, সোনকালে বিচাৰ pillion rider এজনী। নোৱাৰিলে মই আছোৱে নহয়, মই বিচাৰি দিম।

ভাল পাগলী এজনী গোট খালে আমাৰ ঘৰত। কিয় যে এইজনী এনেকুৱা হ’ল নহয়। বাৰু সেইবোৰ বাদ দিয়া , এতিয়া নিজৰ কামত ধৰা। – এইবুলি ভাবি আকৌ নিজৰ কামত বহিলোগৈ।

( আগলৈ)

#৯

ৰাতিপুৱাই সোনকালে উঠিলোঁ। মনত এক অপাৰ আনন্দ। কাৰণ নতুন বাইক লৈ আজি কলেজলৈ যাম। তাতে আজি কলেজত নৱাগত আদৰণি সভা আছে। বাৰে বাৰে ৰাগিনীক চাবলৈও মন গৈছে। গতিকে আজি পলম হোৱাৰ কথাই নাহে। তাতে কৃত্তিকাই কোৱাৰ দৰে ৰাগিনীয়ে সঁচাই যদি আজি গান গায়। ওফ! বুজাব নোৱাৰা অনুভূতি। লৰালৰিকৈ গা পা ধুই কলেজলৈ ওলালোঁ। আজি যেন নিজকে অলপ সজাব মন‌ গ’ল। চুলিখিনিত অলপ gel লগাই hair dryer ৰে চুলি বোৰ উঠাই লৈছোঁ। Tight shirt এটা আৰু অলপ চেপু পেন্ট এটা উলিয়াই পিন্ধি লৈছোঁ। হাতত দামী ঘড়ী এটাও লগাই লৈছোঁ, যিটো অৱশ্যে মই occasionally হে ব্যৱহাৰ কৰোঁ। Perfume অলপ ও লগাই লৈছোঁ। মুঠতে সম্পূৰ্ণ branded হৈ লৈছোঁ। আইনা খনৰ সন্মুখত ৰৈ নিজকে এবাৰ চাইছোঁ। কাৰ কাৰণে মোৰ এই পৰিবৰ্তন। কাৰ বাবে আজি নিজকে ইমান সজাইছোঁ। কি হৈছে একো ধৰিবই পৰা নাই।

: OMG ! You are looking so hot and hancy bro . It’s awesome yaar. I mean, today your look will kill everyone my dashing bro.
: লাজ নাই হাৰামি । ককায়েৰক hot দেখিছ।
: হ’ব, দেখিছোঁ কাৰণেহে কৈছোঁ কিবা। আজিটো মই damn sure যে , আজি তই বাইকত আগফালে পিছফালে সকলোফালেই মানুহ উঠাব লাগিব যেন পাওঁ।
: পাগল , বেলেগ কথা নাই। ৰাতিপুৱাই ৰাতিপুৱাই সেইবোৰেই অকল।
: পিছে আজি এই dashing look কাৰ কাৰণে? ওহো ওহো।

তেনেতে টেবুলত থকা sunglass যোৰ লৈ পিন্ধি ল’লোঁ।
: ধৰি ল এই নতুন ৰূপ তোৰ হ’বলগীয়া ন’ৱ জনীৰ কাৰণে।
ধেমালিতে মইও কথাষাৰ কৈ ৰুমৰ পৰা ওলাই আহিলোঁ। ভাৱি নাপালোঁ এনেবোৰ কথা মোৰ মুখত ওলাল ক’ৰ পৰা। হঠাৎ কেনেকুৱা পৰিবৰ্তন এয়া। কাৰ বাবে এই পৰিবৰ্তন? নাজানোঁ আগলৈ আৰু কি কি পৰিবৰ্তন হয়।

বাইকখন start দিলোঁ, তেনেতে ভিতৰৰ পৰা ভন্টি দৌৰি ওলাই আহিছে ।
: যা যা , all the best.

তাইৰ কথাত মইও এটা সন্তুষ্টিৰ হাঁহি মাৰি কলেজলৈ ওলাই গ’লোঁ।

কলেজৰ ৰাস্তাত সোমাইছোঁ। দেখিলোঁ ৰঞ্জনে খোজ কাঢ়ি গৈ আছে। ওচৰ পাই বাইক খন ৰখালোঁ।
: অ’ ভাই উঠা ।
মোলৈ ঘূৰি চালে ।
: অ’ বে, ৰনবীৰ তুমি। ধৰিবই পৰা নাই। কিছু চাল পেলাইছা কিন্তু। Killer look bro, killer look.
: হেহে , thank you, উঠা উঠা।

দুয়োটা গৈ কলেজত সোমালোঁ। বাইকৰ পৰা নামি প্ৰেক্ষাগৃহৰ ফালে যাবলৈ লৈছোঁ। দেখিলোঁ প্ৰেক্ষাগৃহৰ বাৰান্দাত কৃত্তিকা ৰৈ আছে। তাৰ কাষতে দেখোন সেইজনী ৰাগিনী। মনটো হঠাৎ ভাল লাগি গ’ল। এযোৰ পাতল নীলা মেখেলা চাদৰ পিন্ধি আহিছে তাই । খোপাত দুপাহি গোলাপ ফুল মাৰি আহিছে। সঁচাই আজি তাইক বৰ ধুনীয়া লাগিছে। আহি আহি তাহাতৰ ওচৰ পালোহি। এবাৰ চাইছোঁ। তাইৰ চকু কেইটা দেখি এনে লাগিল যেন , মোক চাবলৈও তাইৰ মনত দুৰ্বাৰ হেঁপাহ।
: বাঃ ৰনবীৰ, আজি ছোৱালী বিলাকৰ ওপৰত ব্ৰজ্বপাত পেলোৱাৰ উদ্দেশ্যেৰে আহিলা যেন পাওঁ।

  • কৃত্তিকাই ক’লে।
    : ল’ৰাই bullet ও কিনিলে।
  • মই একো ক’বলৈ নাপাওঁতেই ৰঞ্জনে তপৰাই উত্তৰ দিলে।
    : হয় নেকি ৰনবীৰ? আজি তেন্তে সেইটো উদ্দেশ্যেৰে আহিছা যেন পাওঁ।
    : নহয় ধেৎ, তেনেকুৱা কোনো কথা নাই।
    : বুজিছোঁ বাৰু। কিন্তু আন এটা কথাহে বুজি নাপালোঁ।
    : কি?
    : দুয়োটাই যে একে ৰঙৰ কাপোৰ পিন্ধিলা। কথা পাতি ল’লা নি ?
    : মানে?
    : মানে মই তোমাৰ আৰু ৰাগিনীৰ কথা কৈছোঁ।

হয়তো, কথাটো মই মনেই কৰা নাছিলোঁ। মোৰ shirt ৰ ৰং টোও দেখোন পাতল নীলা। মনটোত এক বুজাব নোৱাৰা ফূৰ্তি। What a coincidence.

: কোৱা কোৱা। পাতি ল’লা ন?
: No no, are you crazy? It’s just a coincidence.

এইবুলি কৈ মই আৰু ৰঞ্জন প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই আহিলোঁ। কৃত্তিকাৰ লগত কথা পাতি থাকোতে মাজে মাজে তাইক লক্ষ্য কৰিছিলোঁ। আগৰখিনি সময়ত যেন তাই মোৰ ফালে চাই থাকে, কিন্তু যেতিয়াই মই চাওঁ, তেতিয়া লাজতে তলমূৰ কৰে। সঁচা কথা কবলৈ গ’লে লাজ কৰিলে তাইক দেখিবলৈ আৰু ধুনীয়া লাগে।

সকলো প্ৰেক্ষাগৃহত বহি আছে। ইটোৰ পিছত সিটো প্ৰোগ্ৰাম আৰম্ভ হৈছে। তেনেতে মাইকত ৰাগিনীৰ নাম লৈছে। Stage লৈ উঠি গৈছে তাই। গোটেই হলটোত চিঞৰ বাখৰ। মইও তাইৰ গানটোৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই আছোঁ। তাই গাবলৈ আৰম্ভ কৰিলে-
” বুকুৰ উমেৰে হিয়াতে ৰৈ
মৰম দিয়া মোক
চেঁচা চেঁচা পৰশে তেজতে বৈ
মৰম দিয়া মোক
কলিজা ফালি সোমাই আহা
মন ভৰাই মৰম লোৱা……..”

আৰে মোৰ প্ৰিয় গানটোকে গালে দেখোন। আঃ আকৌ যেন দুৰ্বল হৈ পৰিছোঁ। গা টোত সিৰসিৰণি আৰম্ভ হৈ গৈছে। কিয় আজি তাই আকৌ এই গানটো গাইছে। মনতে সন্দেহ হ’ল, কৃত্তিকাই পৰহি তাইক একো কোৱা নাইতো । কোনো ঠিক নাই।

গানটো শেষ হ’ল। জাউৰীয়ে জাউৰীয়ে হাত চাপৰি উঠিছে । গানটো গাই থাকোঁতে কোনোবা এখিনিত যেন তাই মোৰ ফালে চাই আছিল। এনে লাগিল মোৰ বাবেই যেন তাই গানটো গাইছে। মোক যেন তাই তাইৰ কলিজাখন ফালি সোমাই যাব কৈছে আৰু মোৰ পৰা বিচাৰিছে নিভাজ সঁচা মৰম। কথাবোৰ ভাৱি থাকোঁতেই মোৰ নাম মাতিলে। আচলতে মই একক অভিনয় কৰাৰ কথা আছিল, কিন্তু কাকো কথাটো জনোৱা নাছিলোঁ। মইও মোৰ অভিনয় কৰিলোঁ।

ইতিমধ্যে সকলো প্ৰোগ্ৰাম শেষ হ’ল। এইবাৰ Mr fresher আৰু Miss fresher ঘোষণাৰ সময় আহি পৰিছে। ৰাগিনীৰ নামটো উচ্চাৰণ কৰিছে। তাই Miss fresher আৰু best singer ৰ পুৰস্কাৰ পাইছে।
: আমাৰ মহাবিদ্যালয়ৰ এই বৰ্ষৰ Mr fresher হৈছে ৰনবীৰ বৰুৱা।
-মাইকত ঘোষণা কৰিলে। কি আচৰিত? কিয় আজি তাইৰ লগত সকলোবোৰ মিলি পৰিছে? কি হ’বলৈ গৈ আছে মোৰ লগত? এইবোৰ ভাৱিয়েই Stage লৈ উঠি গৈ পুৰস্কাৰটো গ্ৰহণ কৰিলোঁ।

নৱাগত আদৰণি সভা সমাপ্ত হ’ল। সকলো ঘৰলৈ যাবলৈ ওলাইছে। কৃত্তিকা আৰু ৰাগিনীও বাৰান্দাতে ৰৈ আছে।
: বাঃ ৰনবীৰ, আমি তোমাক ভাবিছিলো কি আৰু তুমি ওলালা কি। তোমাৰ কিন্তু বহুত talent আছে দেই।
: আগলৈ আৰু বহুত কিবাকিবি দেখিবলৈ পাবা। Just wait. হাঃ হাঃ হাঃ।
এইবুলি কৈ বাইকৰ ওচৰলৈ আহিলোঁ। তাই যেন মোক কিবা এটা ক’ব বিচাৰিছিল, কিন্তু নোৱাৰিলে।

মইও বাইকখন লৈ কলেজৰ পৰা ওলালোঁ। দেখিলোঁ দুয়োজনী খোজ কাঢ়ি গৈ আছে। ওচৰ পাই বাইক খনৰ বেগটো অলপ কমাই দিলোঁ। বাইকৰ পৰাই হেঁপাহ পলুৱাই চাইছোঁ। নজনাকে হাঁহি এটা মাৰি দিলোঁ। কিন্তু কি আচৰিত, মোৰ হাঁহিৰ উত্তৰ তাইও এটি মিঠা হাঁহিৰেই দিছে। প্ৰথম দুয়োটাই ইটোয়ে সিটোক ইমান ভালদৰে চাইছোঁ।
: হেঁপাহ পলাল নে নাই ৰনবীৰ।

  • কৃত্তিকাই তপৰাই মাত লগালে। বৰ লাজ পালোঁ। তাইও লাজ কৰা যেন লাগিল। বাইকৰ speed বঢ়াই গুচি আহিলোঁ।

মনটো ভাল লাগিল যদিও কিছুমান কথাত অলপ বেয়াও লাগিল। প্ৰথম কথা, কালিলৈৰ পৰা গৰমৰ বন্ধ। গতিকে তাইক এমাহলৈ নেদেখোঁ। দ্বিতীয় কথা, আজিলৈকে তাইৰ লগত এষাৰো কথা পাতি নাপালোঁ। এতিয়া মাথোঁ গৰমৰ বন্ধ খোলালৈ অপেক্ষা।

( আগলৈ)

#১০

কলেজৰ পৰা ঘৰ পাওঁতে আজি প্ৰায় দেৰিয়েই হ’ল। সময়টো সন্ধিয়া ৬ বাজিছে। লৰালৰিকৈ গা টো ধুই আহিলোঁ। মায়ে চাহকাপ আনি ৰুমতে দিছেহি।
: সকলো ঠিকে ঠিকেই গ’ল নে আজি?

  • মায়ে সুধিলে।
    : ওম, সকলো ভালেই গ’ল আজি। Mr fresher award পালোঁ আজি।
    : বাঃ! Congratulations
    : Thank you so much.
    : ভাগৰ লাগিছে নহয় চাগৈ । অলপ জিৰাই লোৱা।
    : মা, ভন্টিক মই মাতিছো বুলি কৈ দিবাচোন।
    : ঠিক আছে। মা ৰুমৰ পৰা ওলাই গ’ল। নিজকে অলপ ভাগৰুৱা অনুভৱ কৰিলোঁ। বিছনা খনতে বাগৰি দিছোঁ। সমস্ত ভাগৰ বোৰ আঁতৰ হোৱা যেন লাগিল। তেনেতে ৰুমটোলৈ খৰখেদাকৈ কোনোবা সোমাই আহিছে। মই গম পালোঁ, যে সেইজনী ভন্টিৰ বাহিৰে আন কোনো নহয়। এনেও তাই মোৰ ওচৰলৈ আহিবলৈ সুযোগ বিচাৰিয়েই থাকে। তাতে আজি মই নিজেই মাতি পঠাইছোঁ। কোনে পাই আৰু আজি তাইক। সেয়ে full excitement ত আহিছে।
    : তই বুলে মাতিছিলি মোক?
    : অ, বহ , কথা এটা ক’বলৈ আছে।
    : ওম, ক , কি কথা।
    : আজি কলেজত Mr fresher award পালোঁ।
    : অ’ বাঃ ! Congratulations bro. Mr fresher award তই নাপাই আৰু বেলেগ কোনোবাই পাবনে।
    : থ থ , insult দিব নালাগে।
    : insult দিয়া নাই অ’। Seriously কৈছোঁ। পৰহি বাইক পাইছ আৰু আজি Mr fresher award পাইছ। কাৰ চেহেৰা চালি দাদা। নে কোনোবাই life ত entry মাৰিলে নি আকৌ। ইমান ভাল দিন আহিছে।
    : তেনেকুৱা একো কথা নাই। ইয়াক luck বুলি কয়, luck।
    : চালাম তোমাৰ luck ক। পিছে কথা এটা কচোন । আজি Miss fresher award কোনে পালে।
    : ৰাগিনী ফুকন নামৰ ছোৱালী এজনীয়ে পাইছে।
  • কথাষাৰ কওঁতে মোৰ মুখৰ পৰা হাঁহি এটা ওলাই গ’ল।
    : কি হৈছে? কথাটো গৰম যেন পাওঁ। নাম লওঁতেই হাঁহি ওলাল যে মুখৰ পৰা। কথাটো কি?
    : তেনেকুৱা একো নাই। ৰাগিনী সঁচাই ভাল ছোৱালী। দেখিবলৈও বহুত ধুনীয়া। তাইৰ মাতত যেন মৌ বৰষে। আৰু কি জান, তাই বহুত ধুনীয়া গান গায়। আজি best singer ৰ award পাইছে। তাই যেতিয়া গান গায়, মনটো একেবাৰে শাঁত পৰি যায়।
    : দাদা তোৰ মুখত এইবোৰ। কি আচৰিত! আজিলৈকে কোনো ছোৱালীৰ কথাই তোৰ মুখত শুনা নাই। কিন্তু কোন এই ৰাগিনী? যিয়ে তোক পৰিবৰ্তন কৰি দিছে। কিবা এটা তো special গুণ নিশ্চয় আছে। তোৰ কথাবোৰ শুনি মোৰ ছোৱালীজনীক এবাৰ চাবলৈ মন গৈছে। আৰু বেছিকৈ তহঁত দুয়োটাকে একেলগে চাবলৈ মন গৈছে।

ধেৎ ,কথাৰ মাজতে কি ওলাই গ’ল মোৰ মুখৰ পৰা। কি ভাৱিছে ভন্টিয়েহে জানে। সঁচাই মই সলনি হৈছোঁ নেকি? এই পৰিবৰ্তনৰ কাৰণ ৰাগিনী নহয়তো। কি হৈছে আচলতে মোৰ? সকলো খেলিমেলি লাগি গৈছে। আগতে তো এনেকুৱা অনুভৱ কৰা নাই। একো বুজি পোৱা নাই মই আচলতে মোৰ লগত কি হ’বলৈ গৈ আছে।
: থ থ , তেনেকুৱা একো নাই।
: তেনেহলে তোৰ মুখত তাইৰ ইমান প্ৰশংসা কিয়?
: এনেই আৰু।
: একো এনেই নহয়। পিছে ভালেই হ’ব দে, তইতো গান শুনি ভাল পাৱ। গোটেই জীৱন গান শুনি থাকিব পাৰিবি।

তাইৰ কথাষাৰে মাৰ কথাষাৰলৈ মনত পৰি গ’ল। মায়েও সেইদিনা এই কথাষাৰকে কৈছিল।

: যা যা, তোৰ বেলেগ কথা নাই আৰু। তই আচলতে এজনী পাগল। তোৰ ওপৰৰ তাঁৰ দুডালমান চিগিছে যেন পাওঁ।
: হ’ব হ’ব দে, মই সকলো বুজি পাওঁ। মিছা নকলেও হ’ব।

তেনেতে ৰুমটোলৈ দেউতা সোমাই আহিল। ভন্টিয়ে উচপ খাই যোৱা দি গ’ল।
: দুয়োটা ইয়াতে আছ নেকি?
: অ
: ভালেই তেন্তে। কালিলৈ ৰাতিপুৱা দুয়োটা সোনকালে ওলাই থাকিবি। গাড়ী এখন order দি থৈছিলো, কালিলৈ আনিবলৈ যাম।
: কি……….
ভন্টিয়ে জপিয়াই দিলে। মোৰ ও বহুত ভাল লাগিল।
: আৰু , পুৰণা গাড়ী খন তই কেতিয়াবা কলেজলৈও নিব পাৰিবি।

  • দেউতাই মোৰ ফালে চাই ক’লে।
    :ওম, হ’ব হ’ব, ঠিক আছে।
    মনটো আৰু ভাল লাগিল। দেউতাও ৰুমৰ পৰা ওলাই গ’ল।

: বাঃ! দাদা , তোৰ এইখন কপাল নহয়, চোতাল চোতাল। সঁচাকে কাৰ চেহেৰা চালি হয়নে। কপাল ফুলি গৈছে একেবাৰে। Sure তোৰ life ত কোনোবাই entry মাৰিছে।
: যা যা, ইয়াৰ পৰা যা। পঢ়গৈ যা।
: নক’লি ন?
: গ’লি নে?
: হ’ব দে।

তাই নিজৰ ৰুমলৈ লৰ মাৰিলে।

চাওঁতে চাওঁতে গৰমৰ বন্ধও শেষ হ’ব হ’ল। আজি তাৰেই অন্তিম দিন। কালিলৈৰ পৰা আকৌ কলেজ আৰম্ভ হ’ব। এই মাহটোত বহুত কিবাকিবি হ’ল। ঘৰলৈ নতুন গাড়ী আহিল। ভন্টিৰ সদায় সেই কামোৰ বোৰ সদায় সহ্য কৰি গ’লোঁ। এইবোৰৰ মাজতে যেন ৰাগিনীৰ কথাও মনত নপৰাকৈ থকা নাই। খাওঁতে, শোওঁতে, ওঠোতে, বহোতে কেৱল তাইৰ কথাই মনলৈ আহে। কিন্তু কিয়? এই কিয়ৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই। কেতিয়াবা নিজৰ ওপৰতে বহুত খং উঠে। আজিহে মনটো অলপ ভাল লাগিছে। কাৰণ কাইলৈৰ পৰা আকৌ তাইক চাব পাৰিম। কিন্তু তেতিয়াও যেন মনত এটা ভয় আছে। ভয়ৰ কাৰণ মাথোঁ এটাই, সেই ৰাগিনী জনী বাৰু একেই হৈ আছেনে? তাই বাৰু আকৌ মোলৈ চাবনে? নে তাই সলনি হৈছে? এতিয়া এই সকলোবোৰ মোৰ বাবে একো একোটা বৃহৎ প্ৰশ্ন।

( আগলৈ)

#১১

সম্পূৰ্ণ এটা মাহৰ পিছত আজিৰ পৰা আকৌ কলেজ আৰম্ভ হ’ব। মনতে অলপ ফূৰ্তিও লাগিছে। সোনকালে কলেজলৈ সাজু হৈছোঁ। তাতে আজি ৰাগিনীক প্ৰায় এক মাহৰ অন্তত দেখিবলৈ পাম। গতিকে মনটো উখল-মাখল। তথাপি মনত যেন এটা শংকা আছে। সেই ৰাগিনীজনী বাৰু একেই হৈ আছেনে।

৯ বাজিবলৈ ১০ মিনিট সময় আছে। ইতিমধ্যে কলেজ পালোঁহি। ল’ৰা ছোৱালীবোৰ তেতিয়াও আহিয়েই আছে। কিন্তু মোৰ মনটোৱে বাৰে প্ৰতি ৰাগিনীক বিচাৰি আছে। এবাৰ কলেজৰ বাটটোলৈ চাইছোঁ। কিজানি দেখা পাওঁয়েই বা। কিন্তু নাই, ৰাগিনীও নাই আৰু তাইৰ লগৰ কৃত্তিকাকো দেখা নাই। মনটো খেলিমেলি লাগি গৈছে। উত্তেজনা বাঢ়ি গৈছে। আকৌ চাইছোঁ ,দেখো নেকি? কিন্তু নাই, তেতিয়াও নাই।

হঠাৎ মোবাইল ফোনটো বাজি উঠিল। দেখিলোঁ, ৰঞ্জনে ফোন কৰিছে।
: অ ৰঞ্জন ক।
: ক’ত আছ তই?
: Classroom ৰ front ত। কিয়?
: সোনকালে department লৈ আহ।
: কিন্তু কিয়?
: আহচোন তই। আহিলে গম পাবি‌ নহয়।
: Ok, গৈ আছোঁ ৰহ।

এই গৰমৰ বন্ধৰ দিন কেইটাত ৰঞ্জন আৰু মোৰ তুমিবোৰ তই হ’লগৈ। লৰালৰিকৈ department ৰ ফালে গ’লোঁ।

department ত গৈ দেখিলোঁ, সকলোবোৰ চোন একেবাৰে বেলুন আৰু ফুলেৰে সজাই পৰাই ৰাখিছে। আমাৰ লগৰবোৰ ধুনীয়াকৈ বেন্সত বহি আছে। ৰাগিনীও তাতে আছে। অথনিৰে পৰা এনেই বাহিৰত বিচাৰি আছিলোঁ। মনটো অলপ পাতল হোৱা যেন লাগিল। পিছত ৰঞ্জনৰ মুখেৰে গম পালোঁ আজি বুলে departmental fresher’s পাতিছে। সেয়ে সকলোকে ইয়াত এনেদৰে বহুৱাই ৰাখিছে।
: বহা তুমি।

  • দাদা এজনে মাত লগালে। কিন্তু বহিবলৈ চোন ঠাইয়েই নাই। সন্মুখৰ বেন্সখনত ছোৱালী কেইজনীমান বহি আছে। তাৰ পিছৰ বেন্সখনত ৰাগিনী আৰু কৃত্তিকা বহি আছে। শেষৰ বেন্স দুখনত ল’ৰাবোৰ বহি আছে।ক’তো খালিয়েই নাই। ল’ৰাৰ বেন্স দুখনো ভৰ্তি হৈ আছে। গতিকে মই বহিম ক’ত?
    : ইয়াতে বহিবা, আহা।
  • এইবুলি কৈ দাদাজনে মোক নি ৰাগিনীৰ ওচৰতে বহুৱাই দিলে। মনতে কিবা এটা ভাল লাগিল যদিও অলপ অসহ্য অনুভৱ নকৰাও নহয়। ৰাগিনীয়েও মই ওচৰত বহাৰ বাবে যেন অলপ সংকোচ কৰিছে। এবাৰ ভালদৰে চাবলৈ মন গ’ল তাইক। কিন্তু কাষতে চাওঁ কেনেকৈ? সন্মুখত থকা হ’লেও কথাটো বেলেগ আছিল। তথাপি এবাৰ চালোঁ। কিন্তু কি আচৰিত, মোৰ ফালে চাই হাঁহি এটা মাৰিছে। তাৰমানে ৰাগিনী সলনি হোৱা নাই। তাই আজিও মোলৈ চাব বিচাৰে। মনটোত এক বুজাব নোৱাৰা আনন্দ।
    : ৰনবীৰ, কি খবৰ?
  • কৃত্তিকাই সুধিলে।
    : ভাল ভাল, তোমাৰ কেনে ?
    : মোৰ বিন্দাচ ।

তেনেতে ছাৰ-বাইদেউ সকল সোমাই আহিল। লগে লগেই সভা আৰম্ভ হ’ল। সকলোৱে নিজৰ নিজৰ বক্তৃতা প্ৰদান কৰিলে। নৱাগত সকলক নতুন নতুন কথা বুজাই দিলে। প্ৰায় এক ঘন্টা সময় ধৰি সভা অনুষ্ঠিত হ’ল। সভা সামৰি ছাৰ-বাইদেউ সকল নিজৰ কামত গ’ল। মইও ৰঞ্জনৰ ওচৰলৈ যাবলৈ লৈছোঁ। কিন্তু এয়া কি? পিছফালৰ পৰা যেন কোনোবাই টানি ধৰিছে।
: আঃ!

  • হঠাৎ ৰাগিনীয়ে চিঞৰি উঠিল। ঘূৰি চাই দেখিলোঁ তাইৰ দুপত্তাখন কোনোবা বদমাচে মোৰ পেন্টৰ বেল্ট সোমোওৱা ফিটাডালত গাঠি মাৰি থৈছে। সোঁফালৰ পিন্ টো চিঙি দুপত্তাখন খহি পৰিছে। সকলোৱে উকিয়াবলৈ ধৰিলে। লাজত ৰঙা পৰি গৈছে তাই। চকুকেইটাও চলচলীয়া হৈ আহিছে। তাইৰ অৱস্থা দেখি মোৰ খং উঠি আহিল। কোন পাখণ্ডই এই কামটো কৰিব পাৰে?
    : Who is the bloody rascal?
  • খঙতে চিঞৰি উঠিলো।
    : চাওঁ, এইফালে আহা।
  • প্ৰথমবাৰৰ বাবে তাইক মাতিছোঁ। ওচৰলৈ আহিছে তাই। তাইৰ ফালে পিঠিটো দি , গোটেই মানুহজনীক মোৰ পিঠিটোৰে আৱৰি ধৰিছোঁ, যাতে তাই গাঁঠিটো খোলালৈ আঁৰ হৈ থাকে।
    : খোলা এতিয়া। মই ঢাকি আছোঁ তোমাক।
    : কি খুলিম।
    : গাঁঠিটো আকৌ। নহ’লে কি এনেকৈ থাকিম বুলি ভাৱিছা নেকি?
    : কিন্তু মই কেনেকৈ খুলিম?
    : হাত দুখনেৰে খোলা আকৌ। কি কথাবোৰ সুধি আছা বাৰু।
    : কিন্তু মই……..
    : তোমাক গাঁঠিটোহে খুলিব কৈছোঁ। মোৰ পেন্টটো খুলিব কোৱা নাই নহয়।

এইবাৰ তাই খুলিবলৈ চেষ্টা কৰিছে।
: ৰনবীৰ , মই নোৱাৰিছোঁ। টানকৈ মাৰিলে গাঁঠিটো।

বাঃ! মোৰ নাম টোও জানে তাই। কিবা এটা ভাল লাগি গ’ল।

: পাৰিবা, অলপ চেষ্টা কৰাচোন ।
: নাই পৰা।
: পাৰিবা পাৰিবা, keep trying.
সকলোৱে কেৱল আমাৰ দুটাৰ ফালেই চাই আছে। যেন live shooting হে চলি আছে।

: সেইটো খুলি লাভ নাই। খোল নাখায় আৰু। পাভ যোৰা একেবাৰে। দুয়োটাৰে গঠবন্ধন হৈ গ’ল আৰু আজি।

  • কৃত্তিকাই জুকাবলৈ আৰম্ভ কৰি দিলে।
    : Are you totally out of your mind Krittika? Try to understand her condition.
    : কিয়, তুমি আছাই দেখোন তাইৰ condition বুজিবলৈ। তোমাৰ গাটোৰে আৱৰিও আছা দেখোন তাই লাজ পাই বুলি।
  • কথাষাৰ কৈ তাই মিচমিচাই হাঁহি উঠিল।

নোৱাৰি আৰু এই ছোৱালীজনীক। ঘৰত ভন্টি আৰু কলেজত এইজনী। দুয়োজনী মস্ত কামোৰ।
: পাৰিছা নে?

  • ৰাগিনীক সুধিলোঁ।
    : নাই পৰা।
    : চিঙি পেলোৱা তেতিয়াহ’লে।
    : কি?
    : ফিটাডাল।
    : কিন্তু……
    : একো নহয়। তোমাৰ সন্মানতকৈ মোৰ ফিটাডাল ডাঙৰ নহয়। মানে মোৰ কাৰণে ছোৱালীৰ সন্মান বহুত ওপৰত।

কি কৈ পাইছিলো মই আজি। তাইৰ সন্মানতকৈ মোৰ ফিটাডাল ডাঙৰ নহয়। কি ভাৱিছে বাৰু তাই।

: চাওঁ ,তুমি নোৱাৰা যদি মোক দিয়া।

  • এইবুলি কৈ ফিটাডাল চিঙি পেলালোঁ। তাইৰ দুপত্তাখনত গাঁঠিটোৰে সৈতে মোৰ ফিটাডাল ও লাগি থাকিল।

:I am so sorry Ragini. I don’t know, এই সকলোবোৰ কেনেকৈ হ’ল ?

এইবুলি কৈ ৰুমটোৰ পৰা ওলাই আহিলোঁ। মনটোত খংটো আছে যদিও অলপ ভাল ও লাগিল। কাৰণ আজি তাইৰ লগত প্ৰথম কথা পাতিলোঁ। কিন্তু আমাৰ বাৰ্তালাপ যে ইমান আশ্চৰ্যকৰভাৱে আৰম্ভ হ’ব ভবাই নাছিলোঁ।

: ৰনবীৰ, ৰনবীৰ……

পিছলৈ ঘূৰি চাই দেখিলোঁ ৰাগিনী মোৰ পিছে পিছে আহিছে। কিন্তু কিয় আহিছে?

( আগলৈ)

#১২

দেখিলোঁ ৰাগিনী মোৰ পিছে পিছে আহিছে। মই ৰৈ দিলোঁ।
: I am so sorry Ragini. এইবোৰ কেনেকৈ হ’ল মই একোৱেই নাজানোঁ।
: তুমি কিয় sorry কৈছা, মইহে তোমাক sorry ক’ব লাগে। মোৰ কাৰণে তোমাৰ ফিটাডাল চিঙিব লগীয়া হ’ল।
: তুমি এতিয়াও সেই সামান্য ফিটাডালতে লাগি আছা। মই কৈছোৱেই দেখোন it doesn’t matter to me.
: হ’ব বাৰু, ঠিক আছে, আৰু উলিয়াই নাথাকো এইবোৰ কথা।
: Good
তেনেতে দাদা এজনে আহি আমাক মাত লগালেহি ।
: তোমালোকৰ লগত যি হ’ল, তাৰ কাৰণে বেয়া নাপাবা। কোনোবাই বদমাচি কৰি এনেকুৱা কাম কৰিছিল। এতিয়া আকৌ ভিতৰলৈ আহা। আমাৰ অনুষ্ঠান শেষ হোৱাই নাই নহয়।
: কিন্তু………..

  • কিবা এটা ক’বলৈ লওঁতেই ৰাগিনীয়ে হাতখনত ধৰি ৰখাই দিলে আৰু নিজেই উত্তৰ দিবলৈ লাগিলে।
    : হ’ব দাদা একো নাই। আমি বেয়া পোৱা নাই নহয়।

এইবুলি কোৱাত দাদাজন ৰুমৰ ভিতৰলৈ সোমাই গ’ল।
: তুমি মোক একো ক’ব নিদিলা কিয়?
: হ’বচোন দিয়া। অনবৰতে খং কৰি থকাও ভাল নহয়। তাতে আজি ইমান এটা ভাল দিন। আৰু আজি যিটো ঘটনা ঘটিছিল, সেইটো ভালৰ কাৰণে হৈছিল বুলি জানো ধৰি ল’ব নোৱাৰি ।

কথাষাৰ কৈ তাই বৰ অদ্ভুত চাওনি এটা দি থৈ গ’ল। আচলতে কি বুজাব বিচাৰিছে তাই। সকলো ভালৰ কাৰণে হৈছে। কি ক’ব বিচাৰিছে তাই এই কথাষাৰে। মনটো আকৌ অশান্ত হৈ পৰিল। এই ছোৱালীজনীক দেখিলে কিয় মই দুৰ্বল হৈ পৰোঁ? কিয় বাৰে বাৰে এই ছোৱালীজনীয়ে মোৰ মনটোক আকৰ্ষিত কৰে? নাজানো, এইবোৰৰ উত্তৰ মই আজি পৰ্যন্ত বিচাৰি পোৱা নাই। তথাপিও মনটোত কিবা এটা ভাল লাগি আছে। হয়তো ৰাগিনীয়ে ঠিকেই কৈছে। যি হ’ল ভালৰ বাবেই হ’ল। কাৰণ মোলৈ লাজ কৰা ছোৱালীজনীয়ে আজি প্ৰথমবাৰ মোৰ চকুত চকু থ’ব পাৰিছে। মোক মাতিবলৈ সংকোচ কৰা ছোৱালীজনীয়ে আজি মোৰ লগত কথা পাতিব পাৰিছে। সেই গাঁঠি টোৰ বাবে যেন আমি আজি close হ’ব পাৰিলোঁ। কৃত্তিকাৰ ভাষাত সেই গঠবন্ধনে যেন আমাৰ দুটাক ওচৰ চপাই আনিলে। হাতখন এবাৰ চুই চাইছোঁ। তাইৰ হাতৰ পৰশ পৰিছিল আজি মোৰ হাতখনত । মনটো ভাল লাগি গ’ল। ধেৎ , কি ভাৱি আছো মই এইবোৰ। আচলতে হৈছে কি মোৰ?

কথাবোৰ ভাৱি ভাৱি কেতিয়ানো ৰুমৰ ভিতৰ পালোগৈ ধৰিবই নোৱাৰিলোঁ। ৰুমত গৈ দেখিলোঁ দাদা-বাইদেউসকলে আমাৰ junior বোৰৰ লগত ধেমালি কৰি আছে। অন্য ভাষাত ক’বলৈ গ’লে এক প্ৰকাৰৰ ragging চলি আছে। দাদাহঁতে কিবাকিবি কৰিবলৈ দিছে আৰু আমাৰ লগৰবোৰে খুওব আনন্দেৰে সেইবোৰ কৰি দেখাইছে। সকলোৱে বহুত মজা লৈছে। এইবাৰ মোৰ পাল পৰিল।
: তুমি এজনী ছোৱালীৰ লগত এটা ৰোমান্টিক গানত নাচিব লাগিব।

  • দাদা এজনে ক’লে।
    শেষ। সৰ্বনাশ আৰু আজি। নাচিব লাগিব আৰু মই? তাকো এটা ৰোমান্টিক গানত। অসম্ভৱ! এয়া হ’বই নোৱাৰে।
    : ৰনবীৰ। এয়া তোমাৰ dance partner।
  • আকৌ দাদা এজনে মাত লগালে।

কিন্তু কি আচৰিত? মোৰ dance partner আন কোনো নহয়, মাথোঁ ৰাগিনী। আকৌ মনতে ভাৱিলোঁ, আচলতে কি হ’বলৈ গৈ আছে এয়া মোৰ লগত। যিমানেই মোৰ মনত অশান্তি বাঢ়িছে, কিয় সিমানেই এই ছোৱালীজনী মোৰ ওচৰ চাপি আহিছে। বাৰে বাৰে কিয় কেৱল প্ৰতিটো কথাতে মই আৰু ৰাগিনী?

: তোমালোকৰ প্ৰিয় গান কি?

  • এইবাৰ বা এগৰাকীয়ে সুধিলে।
    : জুবিন দাৰ “মৰম দিয়া মোক”
  • দুয়োটাই একেলগে উত্তৰ দিলোঁ।
    : বাঃ! Matching matching.
  • কোনোবাই চিঞৰি উঠিল।

সকলোৱে উকিয়াবলৈ আৰম্ভ কৰিলে। আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ। কেনেকৈ ইমান মিলিব পাৰে আমাৰ পচন্দ বোৰ। হয়তো মই অলপ বেছিকৈয়ে ভাৱিছোঁ। গানটো সঁচাই বহুত ধুনীয়া। গতিকে যিকোনো মানুহৰে গানটো পচন্দৰ হ’ব পাৰে। সেয়েহে ইমান ভাৱি একো লাভ নাই।

: এই গানটো কি তোমাৰো প্ৰিয় নেকি?

  • ৰাগিনীয়ে সুধিলে।
    : ওমম, বহুত প্ৰিয়। বুকুৰ অতিকৈ আপোন এই গানটো।
    : মইও বহুত ভাল পাওঁ গানটো শুনি।
    : পিছে তোমাৰ মোৰ লগত নাচিবলৈ কিবা অসুবিধা হ’ব নেকি?
    : নাজানোঁ।
  • এটা তেনেই সাধাৰণ উত্তৰ দিলে তাই।

তেনেতে গানটো বজোৱা হ’ল। আমিও নাচিবলৈ সাজু হ’লোঁ। প্ৰথম অৱস্থাত অলপ অসহ্য অনুভৱ হৈছিল। কিন্তু গানটো যিমানেই বাজি উঠিল, আমিও ইটোৱে সিটোৰ মাজত বিলীন হৈ গ’লোঁ। আমি ক’ত আছোঁ, কি কৰিছোঁ সকলোবোৰ যেন পাহৰি গৈছোঁ। মাথোঁ ইটোৱে সিটোৰ চকুলৈ চাই কেৱল নাচিবলৈ ধৰিছোঁ। আমাৰ নৃত্য আৰম্ভ হোৱাৰ লগে-লগে গোটেই ৰুমটো মৌনতাৰে ভৰি পৰিছে। ক’তো যেন কোলাহল নাই। সকলো কেৱল নিস্তব্ধ।

নাচি নাচি গানটো কেতিয়ানো শেষ হ’ল গমকে নাপালোঁ। কিছুমানে হাত চাপৰি বজাইছে। কিছুমানে আকৌ অহৰহ উকি মাৰিছে। তেনেতে কৃত্তিকা আমাৰ ওচৰলৈ আহিল।
: OMG, what a romantic performance! I just loved it. Both are looking like a sweet and a perfect couple.

  • কৃত্তিকাই তপৰাই মাত লগালে।
    : কৃত্তিকা, তুমিতো জানাই, মই এইবোৰ…….
    : অ জানো জানো, তুমি প্ৰেমক নামানা। প্ৰেমৰ প্ৰতি তোমাৰ ঘৃণা আছে। আচলতে সেয়া ঘৃণা নহয় বুজিছা। প্ৰেম কি বস্তু সেই কথাটো তুমি আজিলৈকে ভালদৰে বুজি পোৱাই নাই। Actually তুমি বহুত innocent। I mean তুমি বহুত চিধা মানুহ। মই কি ভাবোঁ জানা, যাৰ বাবে তোমাৰ মনত প্ৰেম উপজিব ,তাই বহুত lucky হ’ব।
    : আৰু তেনেকুৱা যে কিবা হ’ব, সেয়া অসম্ভৱ।
    : পিছে আমাৰ ৰাগিনী বাইদেৱে প্ৰেমত বহুত বিশ্বাসী দেই। তাতে তুমি আকৌ অবিস্বাসী। তোমালোক দুটাৰ chemistry কিন্তু বঢ়িয়া হ’ব দেই।

এইবুলি কৈ তাই আমাৰ ওচৰৰ পৰা আতঁৰি গ’ল। কি কথা কয় এই ছোৱালীজনীয়ে। মুখখনত অলপো লেকাম নাই দেই। কি chemistry ৰ কথা ক’লে তাই। বুজিয়েই নাপালোঁ একো। পিছে ৰাগিনী আৰু মোৰ মাজত chemistry হ’ব নে physics হ’ব , সেইটো নাজানোঁ। কিন্তু আগলৈ যে কিবা এটা হ’ব সেইটো খাটাং।

: তুমি কি সঁচায়ে প্ৰেম-ভালপোৱা এইবোৰ নামানা নেকি?

  • ৰাগিনীয়ে সুধিলে।
    : নাই, নামানো।
    : কিন্তু কিয়?
    : মই আৱেগিক হৈ বেয়া পাওঁ। আৰু মই মানুহটো আৱেগিক নহয় ও। মই প্ৰতিটো বস্তু practically চাই ভাল পাওঁ।
    : প্ৰেম মানে তো কেৱল আৱেগিক হোৱা নুবুজায়। আৰু সকলো বস্তুৱেই যে practically চাব লাগিব তাৰ কিবা ধৰা বন্ধা নিয়ম আছে নেকি? কিছুমান বস্তু মনৰ দৃষ্টিকোণেৰেও চাবলৈ শিকাচোন। ভাল লাগিব।
    : মনৰ দৃষ্টিকোণেৰে মানে? মই ঠিক কথাটো ধৰিব পৰা নাই।
    : সকলো কথাই বুজাই কোৱাৰ প্ৰয়োজন আছে জানো? এবাৰ কাৰোবাক ভাল‌ পাই চোৱা সকলো বুজি পাবা।
    : ভাল পাওঁ বুলিয়ে জানো কাৰোবাক ভাল পাব পাৰি?
  • একো নক’লে তাই। মাথোঁ হাঁহি এটা মাৰি কৃত্তিকাৰ ওচৰলৈ গ’ল। মইও তাইৰ যোৱাৰ ফালে চাই থাকিলোঁ।

( আগলৈ)

#১৩

সকলো প্ৰোগ্ৰাম ইতিমধ্যে শেষ হৈছে। সকলো ঘৰলৈ যাবলৈ ওলাইছে। কৃত্তিকা আৰু ৰাগিনীও PG লৈ বুলি বাট লৈছে।
: ৰঞ্জন, উঠ। মই তোক তিনিআলিলৈকে লৈ যাওঁ।
: ভালেই দে।

দুয়োটা বাইকত উঠি কলেজৰ পৰা ওলালোঁ। দেখিলোঁ দুয়োজনী ৰাস্তাটোত খোজ কাঢ়ি গৈ আছে। ৰঞ্জনে তপৰাই মাত লগালে।
: অই অই নবৌ সেয়া।
: ঘটিটো তোৰ।
: হ’ব দে।

ওচৰ পাই বাইক খনৰ বেগটো অলপ কমাই দিলোঁ। ৰাগিনীলৈ এবাৰ চালোঁ। তাইও বাইক খন দেখি মোৰ ফালে চাইছে। হাঁহি এটা মাৰি ক’লোঁ-
: আহা bye ।
: ওমম bye, ভালদৰে যাবা।

মনটো ভাল লাগি গ’ল। কি ক’লে তাই। মোৰ কাৰণে তাই চিন্তা কৰে নেকি বাৰু? নে এনেই মুখত ওলোৱা কথা এয়া। কিয় চিন্তা কৰিছোঁ মই এইবোৰ? নাই নাই এনেকুৱা একো নাই। হাঁহি এটা মাৰি গুচি আহিলোঁ। তিনিআলিত ৰঞ্জনক নমালোঁ।
: তই যাবি। মই গৈ থাকোঁ।
: Ok , যোৱা যোৱা, লাহে লাহে যাবা দেই। নবৌয়ে কৈ পঠাইছে নহয়।
: তইও একেই হ’লি আৰু।

পাগল হ’ল। সকলো পাগল হ’ল। প্ৰথমতে আমাৰ ঘৰৰ সেই জিনিচ টো, তাৰ পিছত কৃত্তিকা, আৰু এতিয়া এই ৰঞ্জনক পাগলৰ ভূতটোৱে পাইছে। যি দেখিছোঁ গোটেই তিনিওটায়ে মোক আৰু ৰাগিনীক লৈ ৰামলীলা, ৰাসলীলা ৰচনা কৰিহে এৰিব। কথাবোৰ ভাৱি গোটেই কেইটাৰ ওপৰত কিবা হাঁহিহে উঠিল।

কলেজৰ পৰা ঘৰ পাই মুখ হাত ধুই আহি ভাত কেইটা খাই ল’লোঁ। অলপ জিৰণি লওঁ বুলি বিছনা খনতে বাগৰি দিছোঁ। চকু কেইটা মুদি দিছোঁ। কিন্তু এয়া কি? আজি দেখোন টোপনি অহাই নাই। বাৰে বাৰে ৰাগিনীৰ চেহেৰাটো মনলৈ আহি আছে। তাইৰ লগত আজি কটোৱা প্ৰতিটো সময় মনলৈ আহি আছে। আজি আমি দুয়োটা কিমান কাষতে আছিলোঁ। দুয়োটাই ইটোয়ে সিটোৰ লগত নাচিবলৈ পালোঁ। আকৌ সেই দুপত্তাৰ কথাটো। সকলোবোৰ ভাৱি কিবা এটা ভাল লাগিছে। তথাপি যিমানেই তাইৰ কথা মনলৈ আহিছে, সিমানেই যেন বুকুখনত বিষ এটা উঠি আহিছে। নাজানো কিহৰ বিষ এয়া। আচলতে মোৰ লগত কি হৈছে একো ধৰিবই পৰা নাই। কিবা নিজৰ জীৱনটোকে এখন Chinese চিনেমাৰ দৰে লাগিছে। চিনেমাখনৰ দৰে জীৱনটোও চলি গৈ আছে, কিন্তু বুজি হ’লে একোৱেই পোৱা নাই। এইবোৰ ভাৱি থাকোঁতে কেতিয়ানো টোপনি গ’লো গমকে নাপালোঁ।

: অই উঠ , উঠ। ৬:৩০ হ’ল।

  • ভন্টিৰ মাতত খপজপকৈ সাৰ পালোঁ। চকু কেইটা মোহাৰি মোহাৰিয়েই bathroom ত গৈ অলপ fresh হৈ আহিলোঁ। দেখিলোঁ তাই তেতিয়াও মোৰ ৰুমতে আছে।
    : তই যোৱাই নাই যে।
    : দে।
    : কি লাগে?
    : বাকীটো ।
    : বাকীটো বিচাৰিবলৈ মই কোনটো জন্মত তোৰ পৰা ধাৰ লৈছিলোঁ।
    : মই কালি দেউতাই দিয়া টকা ৫০০ ৰ কথা কৈছোঁ।
    : সোনজনী অ’ সেই পইচাটো বেপাৰীজনক দিবলৈ কৈছিল।
    : সোনটো অ’ বেপাৰীজনে ৩২০ টকা লৈছিল বুলি মইও জানো। গতিকে ৫০০ ৰ পৰা ৩২০ বিয়োগ কৰিলে ১৮০ টকা এটা থাকে নহয়। মই সেই বাকীটোৰ কথা সুধিছোঁ।
    : অহহ সেইটো।
    : হয় সেইটো। কি কৰিলি সেইটো ?
    : কি কৰিলি মানে, সেইকেইটা এতিয়া মোৰ।
    : সেইকেইটা কেনেকৈ তোৰ হ’ল ৰে? কালি দেউতাই মোক দিছিল পইছা টো সেই মানুহজনক দিবলৈ।
    : কিন্তু, সেইটো তইয়েই দেখোন মোক দিছিলি আৰু কৈছিলি যে তই নোৱাৰ বুলি। গতিকে সেইকেইটা এতিয়া মোৰ।
    : নহ’ব। সেই পইচা কেইটাত মোৰও অধিকাৰ আছে।
    : হাঃ হাঃ! থোৱা হে তোমাৰ অধিকাৰ।
    : কি নো কিবা। বেছি অলপ। আধা হ’লেও পাবই লাগিব। ৯০ টকা মোক দিবই লাগিব।
    : এটকাও নাপাৱ।
    : তই নিদিয়ালৈকে মই ইয়াতেই বহি থাকিম আজি। কেনিও নাযাওঁ ।
    : বহি থাক তেনেহলে।
    : বেছিয়েই কৰিছ অলপ।
    : কি বেছি কৰা দেখিলি। মই just fact টো কৈছোঁ।
    : fact my foot. পইচা খোৱা, দালাল , হাৰামি ।
    : তই নিজেই কি? ভিক্ষাৰী । লাজ নাইকীয়াৰ দৰে পইচা খুজি আছ।
    : চাই লম তোকও ৰহ। এদিন মোৰও দিন আহিব।
    : হাঃ হাঃ! Eagerly waiting for that day.
    : হুঃ ! মই জানিছোঁ, তই কিয় পইচা টো দিব বিচৰা নাই।
    : কিয়?
    : ওহো ওহো! তোৰ কোনোবা special ৰ birthday আহিছে চাগৈ।

special শব্দটো শুনি মুখৰ পৰা হাঁহি এটা ওলাই গ’ল।
: সেয়া মই জানিছিলোয়েই । তোৰ হাঁহিয়ে সকলো বুজাইছে।
: থ থ , সেইবোৰ একো নহয়। মোক খাবৰ কাৰণে লাগে এই পইচা কেইটা। আৰু বৰ একেবাৰে হাঁহি চাই কথা ক’ব পৰা জনী ওলাইছে। Psychiatrist একেবাৰে। পঢ়া-শুনা নাই হে? নিজৰ কামত যা।
: অ Psychiatrist য়েই মই। তই নকলেও মই সকলো বুজি পাওঁ। I am damn sure যে তোৰ কিবা নহয় কিবা এটা হৈছে। মাত্ৰ তই ফুটাই ক’ব পৰা নাই।
: বাদ দে থ। একো হোৱা নাই তেনেকুৱা।
: তমি নকলেও মই জানো বাপোকণ। তোৰ হৃদয়ৰ দুৱাৰত নিশ্চয় কোনোবাই calling bell মাৰিলে। গতিকে দুৱাৰ খন খুলি সেই অপ্সৰাক ভিতৰলৈ সোমাই আহিবলৈ দিয়া। নহ’লে তোমাৰেই কষ্ট হ’ব।
: হ’ব drama queen, যাবি নে মই দেউতাক মাতো?
: গৈছোঁ গৈছোঁ। পিছে মোৰ কথাটো নাপাহৰিবি। দুৱাৰ খন খুলি দে।

এটা বদমাচি হাঁহি মাৰি তাই ৰুমৰ পৰা ওলাই গ’ল। মইও নিজৰ কামত ধৰিলোঁ।

নিশা ১ বাজিছে। মোৰ বাহিৰে ঘৰৰ সকলো গভীৰ নিদ্ৰাত। পঢ়া শেষ কৰি মইও শোবলৈ লৈছোঁ। হঠাৎ ভন্টিৰ কথাটো মনত পৰি গ’ল। সঁচাকৈয়ে ৰাগিনীয়ে মোৰ হৃদয়ত ঘন্টা বজাইছে নেকি বাৰু? ভন্টিয়ে কোৱাৰ দৰে দুৱাৰ খন খুলি নিদি মইয়েই তাইক মোৰ হৃদয়লৈ আগমন ঘটাত বাধা দি ৰাখিছোঁ নেকি বাৰু? বুকুখন আকৌ বিষাই উঠিছে। কাকো একো ক’বও পৰা নাই। মুঠতে এক বুজাব নোৱাৰা পৰিস্থিতি। এবাৰ হঠাৎ ভাৱিছোঁ কি হৈছে মোৰ। কি ভাৱি আছো মই? আচলতে গোটেই দিনটো পাগল কেইটাৰ লগত থাকোঁতে থাকোঁতে মইও পাগল হৈছোঁ। মাথোঁ পাগল থানালৈ যাবলৈহে বাকী আছে। এইবোৰ ভাৱি গুনিয়েই কেতিয়ানো টোপনিটো আহিল ধৰিবই নোৱাৰিলোঁ।

( আগলৈ)

#১৪

ৰাতিপুৱা ৬ বাজি ৩০ মিনিট। কলেজলৈ যাবলৈ সাজু হৈছোঁ। তেনেতে ভন্টি ৰুমটোলৈ আহিল।
: কলেজলৈ ওলালিয়ে নেকি?
: ওমম। তই স্কুল নাযাৱ নেকি আজি?
: নাযাওঁ। আমাৰ বন্ধ আছে আজি। পিছে কালি মই কোৱা কথাটো মনত আছেনে?
: কোনটো কথা?
: কিয় কালি কোৱা কথাটো আকৌ।
: মানে?
: তই বৰ পাহৰি যাৱ কথাবোৰ। কালি যে তোক কৈছিলোঁ মনৰ দুৱাৰ খন খুলি দিবলৈ। এতিয়া বুজি পালি?
: ৰাতিপুৱাই ৰাতিপুৱাই তোৰ বেলেগ কথা নাই আৰু। মই তোক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ যে মোৰ জীৱনত প্ৰেম, ভালপোৱা ………..

  • কথাষাৰ সম্পূৰ্ণ কৰিব নৌপাওঁতেই তাই তপৰাই মাত লগালে।
    : হ’ব হ’ব। তুমি কি ক’বা মোৰ জনা আছে। একেখিনি কথাকে শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে। কেতিয়াকেনো তই সলনি হ’বি আৰু? নাজানো আৰু কোন অপেস্বৰীয়ে তোক সলনি কৰিব পাৰিব। অৱশ্যে তোক এইবোৰ কৈও লাভ নাই। তোৰ দৰে নিৰস এটাই প্ৰেম, ভালপোৱা, মৰম এইবোৰ ক’ত বুজিবি। প্ৰতিটো কথাকে practically চোৱাটোহে আৰু তই।

এইদৰেই বকবকাই অলপ খঙত তাই ৰুমৰ পৰা ওলাই গ’ল। মই ইমান নীৰস হৈ থাকোঁ বাবে সকলোৱে মোক কঠোৰ বুলি ভাবে। দুই এষাৰ ৰোমান্টিক কথা পাতিব নাজানো বাবে সকলোৱে মোক প্ৰেম বিৰোধী বুলি ভাবে। কিন্তু মোৰো তো এখন হৃদয় আছে। এটা মন আছে। মোৰো তো মন‌ যায় কাৰোবাক হিয়া উজাৰি ভাল পাবলৈ, কাৰোবাক বুকুৰ ভিতৰত থূপ খাই থকা মৰমবোৰ উচৰ্গা কৰিবলৈ। কিন্তু সেইবুলিয়ে ভাল পাওঁ বুলি জানো কাৰোবাক ভাল পাব পাৰি? যাকে তাকে জানো হৃদয়ৰ মৰমবোৰ বিলাব পাৰি ? আনৰ কথা নাজানো, কিন্তু মই নোৱাৰোঁ। মোৰ মৰম নিভাঁজ আৰু পবিত্ৰ। ইয়াত মোৰ কোনো সন্দেহ নাই আৰু ই মোৰ বাবে গৌৰৱ। সকলোৱে কয় মোৰ সলনি হ’বৰ হ’ল। কিন্তু কেনেকৈ সলনি হওঁ মই। মোৰ মৰমবোৰ যাচিবলৈ আজিলৈকে দেখোন কাকো মোৰ জোখাৰে উপযুক্ত যেন লগাই নাই। কিন্তু নুবুজে। কোনেও মোৰ মনৰ কথা বুজি নাপায়। সকলোৰে বাবে কেৱল মই এটা নীৰস, বাস্তৱিক প্ৰাণী। মুঠতে নিজৰ ওপৰতে সকলো খং উজাৰি দিছোঁ।

সময় ৮ বাজি ৫৫ মিনিট। কলেজলৈ প্ৰায় সকলো ল’ৰা ছোৱালীয়ে আহিল। মইও লৰালৰিকৈ নিজৰ class লৈ গৈছোঁ। সকলো class তে বহি আছে। class আৰম্ভ হ’ল। সকলোৱে পঢ়াত ব্যস্ত হৈ পৰিল।
লাহে লাহে সময়বোৰ পাৰ হৈ গ’ল। ইটোৰ পিছত সিটো class ও হৈ গ’ল। মাথোঁ এতিয়া practical ৰ class টোহে বাকী আছেগৈ। মই আৰু ৰঞ্জন দুয়োটা laboratory ৰ ফালে গ’লোঁ। আমাৰ পিছে পিছে ৰাগিনী আৰু কৃত্তিকাও আহি আছে। পিছফালৰ পৰা কৃত্তিকাই চিঞৰিলে-
: অ ৰনবীৰ। কি খবৰ?

  • পিছলৈ ঘূৰি চালোঁ আৰু দুয়োটা সেইখিনিতে ৰৈ দিলোঁ।
    : ভাল ভাল। তোমাৰ পিছে কেনেকুৱা?
    : আছোঁ আৰু। পিছে আমাৰ ৰাগিনীয়েহে তোমাক বৰকৈ miss কৰে।

কি কয় তাই। অলপো লাজ নাই দেই এই ছোৱালীজনীৰ। যেতিয়াই তেতিয়াই যি মন যাই তাকেই কৰে। কথাষাৰ শুনি ৰাগিনীৰ দুচকুত লাজ বিৰিঙি আহিছে। মূৰ তুলি চাব পৰা নাই তাই। মাত্ৰ কৃত্তিকাক ঢকা এটা দি কৈছে-
: ইমান মিছা কথা কিয় কৈছ?
: মই সঁচাকৈয়ে কৈছোঁ। তইহে মিছা মাতিছ।
: এইৰ কথা বিশ্বাস নকৰিবা দেই। এই এনেই গাই আছে এইবোৰ।
: তাৰমানে তুমি মোক miss নকৰা।

  • মইও কথাৰ সুৰত সুৰ মিলাই তাইক কথাষাৰ ক’লোঁ। এক আচৰিত লাজুকী চাওনিৰে তাই মোৰ ফালে চালে। লাজে ভয়েই তাই উত্তৰ দিলে-
    : তেনেকুৱাও নহয় ।
    : তাৰমানে তুমি মোক miss কৰা।

একো নকৈ তাই লাজতে laboratory ৰ ভিতৰলৈ লৰ মাৰিলে। ৰঞ্জন আৰু কৃত্তিকা দুয়োটাই মোৰ পিঠিত ঢকিয়াই ঢকিয়াই ক’বলৈ ধৰিলে-
: বধাই হ’ , বধাই হ’। Party party
: পাগল কেইটা।

এইবুলি কৈ হাঁহি হাঁহি laboratory ৰ ভিতৰলৈ সোমাই গ’লোঁ। তাহাঁত দুয়োটাও মোৰ পিছে পিছে আহিল।

অলপ সময়ৰ পিছত ছাৰ এজন সোমাই আহিল। তেখেতে আমাক চাৰিটা চাৰিটাকৈ group কৰি দিলে। আমাৰ group টোত মই, ৰঞ্জন, কৃত্তিকা আৰু ৰাগিনী। মনটো ভাল লাগি আহিল। সকলোৱে নিজৰ নিজৰ কামবোৰ ভগাই ল’লে। মইও ৰাগিনীৰ ওচৰলৈ গ’লোঁ। বেন্সখনতে আউজি ৰৈ তাইক ওচৰৰ পৰা চাইছোঁ। তাইও লাজ লাজকৈ চাইছে। কিন্তু একো ক’ব পৰা নাই।
: তেতিয়াহ’লে তুমি মোক miss কৰা।
একো উত্তৰ দিয়া নাই। মাথোঁ লাজ কৰিছে।
: কি হ’ল একো নোকোৱা যে।
: নকওঁ।
: কিয়?
: এনেই।
: এনেই কিয়? কিবা এটা টো কোৱা।
: না নকওঁ।
: কিন্তু কিয়?
: আজি তুমিও টো এবাৰো চোৱা নাছিলা মোৰ ফালে। আমি মতাৰ পিছতহে ঘুৰি চাইছা।

কি ক’লে এয়া তাই। মনটো এক বুজাব নোৱাৰা আনন্দেৰে উপচি পৰিছে। এই মূহুৰ্তটো কিবা এটা উৎসৱৰ দৰে লাগিছে। ভাল লাগিছে ভাৱি যে তাইও বিচাৰে মই তাইক চোৱাটো। তাইৰ ফালে চাই দেখিলোঁ অলপ লাজ কৰিছে তাই। ভাৱিছে চাগৈ কি কৈ পালে তাই আজি। লাজতে পলাব খুজুতেই পিছফালৰ পৰা হাতখনত ধৰি ৰখাই দিলোঁ। পিছলৈ ঘূৰি চালে তাই।
: ৰ’বাচোন।
: কোৱা।
: আচলতে আজি ঘৰৰ পৰা আহোঁতেই মোৰ মনটো বৰ এটা ভাল নাছিল। সেয়েহে……
: বুজি পাইছোঁ। পিছে কোনোবাই কিবা ক’লে নেকি? নে বেলেগ কিবা? কিবা girlfriend ৰ‌ case নেকি ?
: তেনেকুৱা একো কথা নাই। ভন্টিৰ লগত অলপ লাগিলোঁ আজি। আৰু মোৰ কোনো girlfriend নাই দেই। (সকলোতে যদি তোমাকেই দেখোঁ, মন মগজু যদি সকলোতে তুমিয়েই বিচৰণ কৰি ফুৰা, ক’ৰ পৰা মোৰ বেলেগ girlfriend থাকিব)

  • পিছৰ কথাকেইষাৰ মনতে ভাৱিলোঁ। কিন্তু ক’ব নোৱাৰিলোঁ।

: জানো বাৰু তোমাৰ girlfriend নাই বুলি। কৃত্তিকাই মোক সকলো কৈছে। তুমি বুলে প্ৰেম, ভালপোৱা এইবোৰ নামানা। প্ৰতিটো বস্তু practically চোৱা হেনো। এটা কথা কওঁ বেয়া পাবা নেকি?
: নাপাওঁ কোৱা।
: প্ৰতিটো বস্তু practically নাচাবাচোন। তোমাৰও টো মন এটা আছে। গতিকে কিছুমান বস্তু মনৰ দৃষ্টিকোণেৰেও চাবলৈ শিকাচোন। চাবা, তোমাৰ ভাল লাগিব।
: ( তেনেহলে তুমিয়েই শিকাই দিয়াচোন সেই দৃষ্টিকোণেৰে চাবলৈ)

  • ক’বলৈ মন গৈছিল। কিন্তু ক’ব নোৱাৰিলোঁ। কি বা ভাৱে তাই।
    : মোৰ আৰু এটা কথা ক’ব লগীয়া আছিল।
    : কি কোৱাচোন।
    : তোমাক দেখিলে মোৰ কেনেকুৱা লাগে জানা।
    : কেনেকুৱা লাগে?
    : বহুত ভাল বন্ধু এজন পোৱাৰ নিচিনা লাগে।
    : ভালেই তেন্তে। আজিৰ পৰা আমি ভাল friend।
  • তপৰাই মাত লগালোঁ।
    : ঠিক আছে।
  • হাঁহি এটা মাৰি তাই উত্তৰ দিলে।
    : ৰাগিনী , if you don’t mind, তোমাৰ contact number টো দিব পাৰিবা নেকি?
    : অহ sure।

এইবুলি কৈ তাই contact number টো দিলে। মোৰ ভাগৰ number টোও তাইক দিলোঁ।

লাহে লাহে ৪ বাজিল। practical ও শেষ হ’ল। ৰাগিনীৰ ওচৰলৈ গ’লোঁ।
: মই যাওঁ। তুমি আহা।
: ঠিক আছে। ভালদৰে যাবা।

এই ভালদৰে যাবা বুলি কথাষাৰ শুনিলে বৰ ভাল লাগে। কিবা আপোন যেন অনুভৱ হয়।

( আগলৈ)

#১৫

সন্ধিয়া ৭ বাজিছে। পঢ়া টেবুলত বহি আছোঁ। কিন্তু পঢ়াত মনটো বহাব পৰা নাই। বাৰে বাৰে দিনটোত ৰাগিনীৰ লগত হোৱা কথোপকথন বোৰকে মনলৈ আহি আছে। নাজানো এই ছোৱালীজনীৰ কি এনে বিশেষ গুণ আছে, যিটোৱে মোক তাইৰ প্ৰতি ইমান আকৃষ্ট কৰিছে। সকলোতে মাথোঁ এতিয়া তাইকেই দেখা পাওঁ। তাইৰ বাহিৰে যেন মোৰ আন একো ভালেই নালাগে। নাজানো এইবোৰ কিহৰ কাৰণে হৈছে, কিয় হৈছে একোৱেই নাজানোঁ। প্ৰথমবাৰৰ বাবে মোৰ এনেকুৱা হৈছে যে মই মোৰ ভাৰসাম্যতা হেৰুৱায় পেলাইছোঁ। নিজকে নিজেই বুজাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। সকলোবোৰ খেলিমেলি হৈ থকা যেন লাগিছে। নিজৰ ওপৰতে খং উঠি আহিছে। ভন্টিও আহিছিল কথা পাতিবলৈ। কিন্তু জোৰকৈ তাইক পঠিয়াই দিলোঁ। আজি যেন কাৰো লগতে কথা পাতিব মন যোৱা নাই।

ৰাতি ১১ বাজিছে। সকলোৱে খাই বৈ উঠি নিজৰ নিজৰ ৰুমত। মইও নিজৰ ৰুমলৈ সোমাই আহিলোঁ। মোবাইল ফোন টো উলিয়াই what’s up টো খুলি লৈছোঁ। ৰাগিনীয়ে ফোন নাম্বাৰটো দিছিল আজি। তাইৰ লগতে অলপ কথা পাতো বুলি ভাৱিলোঁ।

: Hi! It’s me Ranveer.

  • মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে তাইৰ পৰা উত্তৰ আহিল।
    : ওম, চিনি পাইছোঁ। নাম্বাৰটো মোবাইলত save আছে।
    : বাঃ! বেলেগ আৰু। পিছে ইমান তৎক্ষণাৎ reply যে। কাৰ লগত busy আছিলা হয়নে। এহে এহে। Case গৰম যেন পাওঁ।
    : হ’ব, মোৰ তেনেকুৱা একো নাই দেই।

কথাষাৰ শুনি মনটো ভাল লাগিল। তথাপি নিজেই এবাৰ ভাৱিছোঁ, ইয়াত মোৰ ভাল লাগিব লগীয়া কি কথা আছে। নাই নাই এইবোৰ ভাৱি লাভ নাই। Be cool ৰনবীৰ।

: পিছে তুমি ইমান ৰাতিখন what’s up ত কি কৰি আছা। কোনোবা ঠিক কৰিলা নেকি আকৌ? ঠিক নাই দেই।
: মই তোমাৰ লগত কথা পাতি আছোঁ আকৌ , আকৰিজনী হাঃ হাঃ।
: হ’ব, মই আকৰি নহয় দিয়া।
: ঠিক আছে, তেনেহলে তুমি ইমান ৰাতি online যে what’s up ত।
: মই তোমাৰ message ৰ কাৰণে wait কৰি আছিলোঁ।
: কি ক’লা????? ………… অই ক’ত গ’লা??

নাই , গ’ল তাই। Offline দেখাইছে তাইৰ নাম্বাৰটো। হয়তো লাজ কৰিলে চাগৈ। আচলতে এই ছোৱালীজনীয়ে কি বুজাব বিচাৰিছে মই একো বুজি পোৱা নাই। নিজকে মই বুজি পোৱা নাই, আনক কি বুজি পাম। গতিকে এই অদৰকাৰী কথাবোৰ ভাৱি একো লাভ নাই।

ৰাতিপুৱা ৮ বাজি ৩০ মিনিট। কলেজলৈ যাবলৈ বাইকখন start দিছোঁ। তেনেকুৱাতে ফোনটো বাজি উঠিল। দেখিলোঁ ৰঞ্জনে ফোন কৰিছে।
: অই শুন।
: ক
: আজি মই কলেজলৈ নাযাওঁ বুজিছ। গতিকে তই notes বোৰ photo মাৰি দি দিবি।
: Ok , পিছে আজি নহাৰ কাৰণ?
: বিশেষ কাম এটা আছে। পিছত কম। এতিয়া যা তই কলেজলৈ।
: ঠিক আছে দে।

কলেজৰ ৰাস্তাটোত সোমাইছোঁ, দেখিলোঁ গুলপীয়া ছাতি এটা লৈ ছোৱালী এজনী গৈ আছে। মই পিছফালৰ পৰা ধৰিব পাৰিলোঁ সেইজনী ৰাগিনীয়ে হয়। পিছে আজি তাই অকলে যে। কৃত্তিকা নাই নেকি? কোবা কোবিকৈ বাইকখন নি তাইৰ ওচৰত ৰখালোঁ। উঠিবলৈ ইংগিত দিলোঁ। নাই আগুৱাই গৈছে তাই। মইও আকৌ বাইকখন তাইৰ ওচৰত ৰখালোঁ। নাই আৰু বেছি আগুৱাই গৈছে। আকৌ বাইকখন তাইৰ ওচৰত নি ৰখালোঁ। এইবাৰ তাই কিবা এটা ক’বলৈ লওঁতেই helmet টো খুলি দিলোঁ। তেতিয়াহে তাইৰ মুখত হাঁহি এটা ওলাইছে।
: অহ তুমি হে।
: তাৰমানে তুমি মোক চিনিকে পোৱা নাই। হ’ব আৰু দিয়া।
: নহয় অ’। নিজেই helmet ডাল পিন্ধি গোটেই মুখখন ঢাকি আহিছে, কেনেকৈ চিনি পাম মই।
: অহ ঠিকেই , মনেই কৰা নাছিলোঁ। কি কৰিবা , উপায় নাই। ৫০০ টকা দিবলৈ মন নাই। সেইকাৰণে পিন্ধি আহিছোঁ আৰু। বাৰু উঠা।
: নালাগে নেকি? কলেজ‌ পালোঁহিয়ে দেখোন।
: অ hello এতিয়াও কলেজলৈ আধা কিলোমিটাৰতকৈ বেছি আছে। নে মোৰ লগত যাবলৈ বেয়া পাইছা ?
: তেনেকুৱাও নহয়।
: মই ছোৱালীক বাইকত নুঠাও। কিন্তু তুমি lucky যে তোমাক উঠাইছোঁ। গতিকে উঠা।

এইবাৰ তাই উঠিলে। মইও বাইকখন start দি কলেজৰ ফালে যাবলৈ ল’লোঁ। Mirror খনত তাইক চালোঁ, মোৰ লগত আহিছে যদিও তাই যেন লাজ কৰিছে। হঠাৎ চকুৱে চকুৱে পৰিল। Mirror খনৰ পৰা দৃষ্টি আতৰাই আগলৈ চালোঁ।

গৈ থাকোতেই তাইক সুধিলোঁ।
: আজি কৃত্তিকাৰ কি হ’ল?
: তাই ঘৰলৈ গৈছে আজি।
: অও, পিছে ঘৰ ক’ত তাইৰ ?
: জাঁজীত।

আহি আহি কলেজ পালোহি। বাইকখন ৰখাই দুয়োটা class ৰুমৰ ফালে যাবলৈ লৈছোঁ।
: ব’লা।
: ওম, ব’লা। ৯ বাজিবই হ’ল।
: ৰাগিনী ..
: কি?
: কালি হঠাৎ offline হৈ গ’লা যে। কাৰণ টো কি?
: …….
: কোৱা আকৌ।
: …….
: আৰে , কিবা এটা সুধিছোঁ মই।
: Class দেৰি হৈছে।

  • এইবুলি কৈ তাই লাজতে তলমূৰ কৰি Classroom ৰ ফালে দৌৰি গ’ল। মইও তাইৰ পিছে পিছে গ’লোঁ। আজি ৰাতিপুৱা ৰাতিপুৱাই মনটোত বহুত আনন্দ। ৰাগিনীৰ লগত একেলগে অহা এই মূহুৰ্ততো কেতিয়াও পাহৰিব নোৱাৰি।

( আগলৈ)

#১৬

দুয়োটা গৈ classroom ত সোমালোঁ। ইতিমধ্যে ছাৰ জন আহিলেই। দুয়োটাকে একেলগে সোমোৱা দেখি সকলোৱে এক আচৰিত দৃষ্টিৰে আমাৰ ফালে চাইছে। দুয়োটা গৈ নিজৰ নিজৰ ঠাইত বহিলোগৈ। সময়ত class আৰম্ভ হ’ল।

প্ৰথম class টো শেষ হ’ল। পিছৰ class টোলৈ যাবলৈ সাজু হৈছোঁ। ৰাগিনীৰ ওচৰলৈ গ’লোঁ। তাই মনটো অলপ মাৰি থকা যেন লাগিছে।
: কি হ’ল?
: একো হোৱা নাই।
: মনটো অলপ মাৰি থকা যেন লাগিছে।
: অহ নহয়। কৃত্তিকা নাই অহা যে আজি, সেয়ে অকলে অকলে কিবা এটা ভাল লগা নাই।
: ক’ত অকলে। মই আছোঁ নহয়।

আচৰিত ধৰণে তাই মোৰ ফালে চালে। ধেৎ কি ওলাই গ’ল মোৰ মুখৰ পৰা। আজিকালি মুখখন লেকাম নোহোৱা হৈ পৰিছে। যেতিয়াই তেতিয়াই যি-তি কথা ওলাই যায়।
: মানে মোৰ লগতে যাব পাৰিবা।

  • কথাষাৰ সলাই দিলোঁ।
    : কিন্তু…..
    : বেয়া পাইছা যাবলৈ?
    : নহয়। নাই পোৱা।
    : আকৌ তেন্তে? ব’লা যাওঁ, নহ’লে দেৰি হ’ব পিছৰ Class টোলৈ।
    : ঠিক আছে ব’লা।

এইবুলি কৈ দূয়োটা ৰুমৰ ভিতৰৰ পৰা একেলগে ওলাই আহিলোঁ আৰু পিছৰ Class টোৰ ফালে যাবলৈ ধৰিলোঁ।

: আজি ৰঞ্জন নাই অহা নেকি?
: ওহু, নাই অহা।
: কিয়?
: কিবা বিশেষ কাম আছে বুলি ক’লে। কি কাম আছে সেইটোহে নক’লে।
: অহ।
: পিছে কৃত্তিকা কেতিয়া গ’ল ঘৰলৈ?
: কালি আবেলি।
: আজি আহিবনে?
: নাই নাহে, দুদিনমান থাকিব।
: তেতিয়াহলে তুমি কেইদিনমান অকলশৰীয়া।
: ওম , তাই নাথাকিলে বেয়াই‌ লাগে জানা। অনবৰতে টেপটেপাই থাকে যদিও কিবা এটা ভাল লাগে।
: ওম, বুজিছোঁ বাৰু। একো নাই, এইকেইদিন মই আছোঁ।
: তুমি কি এইকেইদিন হে থাকিবা নেকি? সদায় নাথাকা মানে।
: ( মই টো সদায়েই থাকিব বিচাৰোঁ।)

  • কথাষাৰ ক’বলৈ মন গৈছিল যদিও ক’ব নোৱাৰিলোঁ।

: নহয় মানে, মই কৈছোঁ এইকেইদিন মোৰ লগতে কথা পাতিব পাৰিবা।
: হয় নেকি।
: Yeah.

এইদৰে কথা পাতি গৈ থাকোতেই কেতিয়ানো classroom পালোঁহি গমকে নাপালোঁ।

লাহে লাহে ইটোৰ পিছত সিটো class শেষ হ’ল। সকলো ঘৰলৈ যাবলৈ ওলাইছে। ৰাগিনীও যাবলৈ ওলাইছে। মইও তাইৰ পিছে পিছে বাইকখনৰ ফালে যাবলৈ ধৰিলোঁ। তেনেতে সেইখিনিত ৰৈ থকা ল’ৰা কেইটামানে তাইক মাতিলে।

: চাওঁ, অলপ ৰ’বাচোন।

ল’ৰা এটা তাইৰ ফালে আগবাঢ়ি আহিছে। তাই অলপ ভয় খোৱা যেন লাগিছে। মইও সেইখিনিতে ৰৈ দিলোঁ। ল’ৰাটোৱে তাইৰ ওচৰ পাই ক’লে-

: তুমি ৰাগিনী নহয় জানো? মোৰ নাম মানস। মই তোমাক ভাল পাওঁ।

এইবাৰ তাই ভয়ত আৰু কপিবলৈ ধৰিলে। তাইক দেখি এনেকুৱা লাগিছে যেন তাই নিজকে বৰ অসহায় অনুভৱ কৰিছে। গাল-মুখ হেতা পৰি গৈছে। গোটেইজনী কন্দনামুৱা হৈ পৰিছে। তাইৰ অৱস্থাটো মোৰ সহ্য নহ’ল। লগে লগে তাইৰ ওচৰলৈ গ’লোঁ। তাইৰ হাতখনত ধৰিলোঁ। উচপ খাই উঠিল তাই।

: মই মই।

এইবাৰ তাইৰ হাতৰ আঙুলিৰ ফাকত মোৰ আঙুলি কেইটা সোমোৱাই ল’লোঁ আৰু ল’ৰাটোৰ ফালে চালোঁ। সিও বৰ অদ্ভুত চাউনীৰে মোৰ ফালে চাইছে।
: কি কৈছিলা নামটো? মানস ন। শুনা মানস, তুমি propose মাৰিছা যদিও লাভ নাই বুজিছা। ৰাগিনী already মোৰ আৰু সদায়ে মোৰ। গতিকে তুমি দৃষ্টিটো অলপ বেলেগ ফালে দিয়াটো ভাল হ’ব নেকি? কলেজ ছুটি হ’ল নহয়, এতিয়া যোৱা। এইৰ লগত লাগি লাভ নাই।

  • এনেকৈ কোৱাত ল’ৰা কেইটা আঁতৰি গ’ল। কথাবোৰ কওঁতে তাই বৰ আচৰিত দৃষ্টিৰে মোৰ ফালে চাই আছিল। এতিয়া তাইৰ ভয় টো অলপ কমা যেন লাগিছে। লগে লগে হাতখন আতৰাই আনিলোঁ।
    : O hello, এতিয়া ভয় টো এৰা। তাহাতি গ’ল। আৰু এইখিনিতে ৰৈ থাকা। অকলে যাব নালাগে। মই থৈ আহিমগৈ।
    : নালাগে নেকি। মই পাৰিম।
    : মই যিটো কৈছোঁ সেইটো শুনা। ৰৈ থাকিব কৈছোঁ ৰৈ থাকা। মই বাইকখন লৈ আহোগৈ।

এইবুলি কৈ মূৰ্হুততে বাইকখন লৈ আনি তাইৰ ওচৰত ৰখালোঁ।
: উঠা।
: ওম, ব’লা।

বাইকখন start দি দুয়োটা কলেজৰ পৰা ওলাই আহিলোঁ। তাইৰ ভয়টো এতিয়াহে কমিছে।
: মোক একেবাৰে PG ৰ সন্মুখত থবগৈ নালাগে নেকি।
: কিয়?
: মালিক খুড়াই দেখিলে বা কি কয়।
: মালিক খুড়াই তোমালৈকে বাট চাই থকা নাই নহয়। আৰু যদি কিবা কাৰণত দেখেও , ফাঁকি এটা মাৰি দিবা।
: মানে?
: মাহীৰ পুতেক, মামাৰ পুতেক কাৰোবাৰ পুতেক বনাই দিবা আৰু।

PG ৰ গেটৰ সন্মুখত বাইকখন ৰখালোঁ। নাই আগফালে কোনো নাই। কোনেও নেদেখে তেতিয়াহলে।

: ৰনবীৰ …
: ওম কোৱা।
: অথনি ল’ৰা কেইটাৰ আগত তেনেকৈ কিয় ক’লা?
: তোমাক বচাবলৈ। মই তেনেকৈ নোকোৱা হ’লে তাহাতৰ ওচৰৰ পৰা তুমি সোনকালে আহিব পাৰিলাহেঁতেন জানো?

চকু কেইটা চলচলীয়া হৈ আহিছে তাইৰ।
: আজি মোক তাহাতৰ পৰা বচোৱাৰ বাবে thank you. আজি তুমি নথকা হেতেন সেই মূহুৰ্তত মই কি কৰিলোঁহেঁতেন নিজেই নাজানিলোঁ হয়।
: একো নাই দিয়া, যেতিয়ালৈকে মই আছোঁ, তেতিয়ালৈকে তুমি নিচিন্ত থাকা।

বৰ ধুনীয়া হাঁহি এটা মাৰি চাইছে মোলৈ তাই।

: পিছে অথনি কথাটোৰহে উত্তৰ নিদিলা।
: কোনটো কথা?
: কালি হঠাৎ কিয় offline হৈ গ’লা।
: আন্ধাৰ হ’ব , সোনকালে যোৱা। ঘৰত চিন্তাও কৰিব নহ’লে।

এইবুলি কৈ তাই গেটখন খুলি ভিতৰলৈ লৰ মাৰিলে। এতিয়াও তাই উত্তৰ নিদিলে। বাইকখন ঘূৰাই লৈ মইও আহিবলৈ ল’লোঁ। দেখিলোঁ ভিতৰৰ পৰা খিৰিকী খনেদি bye bye দিছে। মইও হাঁহি এটা মাৰি গুচি আহিলোঁ।

( আগলৈ)

#১৭

সন্ধিয়া ৬ বাজি ৩০ মিনিট। নিজৰ ৰুমতে সোমাই laptop টোত চিনেমা এখন লগাই লৈছোঁ। তেনেতে ৰুমটোলৈ ভন্টি সোমাই আহিল।
: কি হ’ল? আজি ল’ৰা বৰ ফূৰ্তিত আছে।
: কি হোৱা দেখিলি?
: হ’ব দে, অহাৰ পৰা মন কৰি আছোঁ তই কিবা এটা ফূৰ্তিত আছ। মনে মনে নিজেই হাঁহি আছ। কথাটো কি,কচোন ক।
: তই পাগল হৈছ। মোৰ তেনেকুৱা একো হোৱা নাই।
: পাগল মই হোৱা নাই। তইহে পাগল হৈছ যেন পাওঁ। অথনিৰে পৰা অকলে অকলে মিচমিচাই হাঁহি আছ।
: থ থ ।
: এনেদৰে মানুহে কেতিয়া অকলে অকলে হাঁহি থাকে জান?
: কেতিয়া?
: যেতিয়া কাৰোবাৰ প্ৰেমত পৰা যায়। I am damn sure যে তোৰও তেনেকুৱাই কিবা এটা হৈছে। আৰু মই লক্ষ্য কৰিছোঁ যিদিনাৰ পৰা তই নতুন কলেজখনলৈ গৈছ, সেইদিনাৰ পৰা কিছু সলনি হোৱা যেন লাগিছে তোক। ক ক , কাৰ প্ৰেমত পৰিলি । কোন সেই lucky তিৰোতা?
: যা যা, বৰ একেবাৰে প্ৰেমৰ জ্ঞান দিবলৈ অহা জনী। বয়স হৈছে কিমান তোৰ হা।
: হ’ব দে, নকলেও নাই। মই এনেও জানোঁ তই প্ৰেমত পৰিছ বুলি। নহ’লে কোনোদিনে ৰোমান্টিক চিনেমা নোচোৱা ল’ৰা এটাই আজি ৰোমান্টিক চিনেমা চাই নাথাকে।
: যাবি নে তই।
: গৈছোঁ গৈছোঁ। আৰু শুন, তই যে বয়সৰ কথা কৈছ, তোতকৈ বয়সত সৰু হ’ব পাৰোঁ, কিন্তু এইবিলাক ক্ষেত্ৰত মই যথেষ্ট পাকৈত।

এইবুলি কৈ তাই হাঁহি হাঁহি ৰুমটোৰ পৰা ওলাই গ’ল।

সময়টো চাইছোঁ, ৰাতি ১২ বাজিছে। দিনটো আজি বহুত‌ ভাগৰ লাগিছে। গতিকে শুবলৈ বুলি বিছনাত পৰিছোঁ। তেনেকুৱাতে ফোন টো বাজি উঠিল। দেখিলোঁ ৰাগিনীৰ message।
: অথনিৰ বাবে thank you so much.
: কিমান thank you নিদিয়া আৰু। অথনি দিছিলাই দেখোন।
: নহয়, তথাপিও মনটো ভাল লাগি থকা নাছিল। সেইকাৰণে আকৌ thank you ক’বৰ মন গৈছিল।
: হয় নেকি? তেন্তে এটা কাম কৰা। এক দিস্তা কাগজ লোৱা আৰু তাত হেঁপাহ পলুৱাই thank you শব্দটো লিখা। আৰু কাইলৈ মোক বহীখন দি দিবা। তেতিয়া তোমাৰ thank you কোৱা হৈ যাব।
: ইতিকিং কৰিছা?
: নাই কৰা। সঁচাটো কৈছোঁ। আৰু তুমি যেনেকৈহে thank you কৈ আছা, ইয়াৰ বাহিৰে মই কি কম কোৱা?
: হ’ব দিয়া। Bye. Good night.
: ৰ’বা আকৌ শুব হ’লেই নে। আহিছা হে অলপ সময় টো থাকা।
: কি কৰিম নো থাকি?
: কথা পাতা আকৌ মোৰ লগত। মোৰ লগত কথা পাতিব মন যোৱা নাই নেকি?
: গৈছে।
: আকৌ তেন্তে? Good night দিয়ে দিলা যে।
: লাজ লাগে মোৰ কথা পাতিবলৈ।
: এতিয়াও ইমান লাজ কৰা মোলৈ? তাকো মোবাইলত কথা পাতিবলৈ ও লাজ। নমস্কাৰ জনাইছোঁ তোমাৰ লাজক।
: হ’ব। Insult দিব নালাগে।
: নাই দিয়া। কথাটো কৈছোঁ।
: তোমাৰ টোপনি ধৰা নাই?
: ধৰিছিল। মই শুবলৈ লৈছিলোঁ। কিন্তু তোমাৰ message পাই টোপনি নোহোৱা হৈ গ’ল।
: মই তেন্তে তোমাৰ টোপনিহে ভাঙিলোঁ।
: একো নাই। মই ভালেই পাইছোঁ। তোমাৰও টোপনি ধৰা নাই।
: নাই ধৰা। মই কলেজৰ পৰা আহি শুই দিলোঁ অলপ।
: ঠিকেই আছে দিয়া।
: আৰু কিমান দেৰি থাকিবা? মানে কেতিয়া শুবা?
: যেতিয়া টোপনি ধৰিব। কি হ’ল, তুমি আমনি পাইছা নেকি?
: নাই পোৱা।
: আকৌ তেন্তে?
: নহয় তোমাৰ টোপনি আহিছে নেকি জানিব বিচাৰিছিলোঁ।
: এতিয়া মোৰ সহজে টোপনি নাহে।
: ঠিক আছে, মোৰ লগত কথা পাতি থাকা, তোমাৰ টোপনি আহি যাব।
: বাঃ ৰাগিনী! আজিহে গম পাইছোঁ, তুমি ছোৱালীজনী ইমান boring নে, যে তোমাৰ লগত কথা পাতিলে টোপনি আহি যাব।
: আকৌ Insult দিছা?
: নাই দিয়া অ’। ধেমালি কৰিছোঁ। ভন্টিৰ বাহিৰে তুমিয়েই প্ৰথম ছোৱালী, যাৰ লগত মই ধেমালি কৰিছোঁ।
: বুজি পাইছোঁ।
: বাৰু সেইবোৰ বাদ দিয়া। তোমাৰ ঘৰ ক’ত কোৱাচোন।
: মোৰ ঘৰ শিৱসাগৰৰ নামতিত।
: অও আচ্ছা। তোমাৰ ঘৰত কোন কোন আছে?
: মা, দেউতা, ককা, আইতা, ভাইটি আৰু মই।
: বাঃ বহুত মানুহ।
: তোমাৰ কোন কোন আছে?
: মা, দেউতা, ভন্টি আৰু মই।
: চাৰিজন প্ৰাণী তেন্তে।
: Yes.
: ৰনবীৰ
: ওম কোৱা।
: মই শোও নেকি?
: টোপনি ধৰিছে?
: ওম, অলপ অলপ ধৰিছে।
: ঠিক আছে শোৱা। পিছে কাইলৈ কলেজ আহিবা নহয়?
: যাম। তুমি?
: যাম যাম।
: বাৰু bye, good night and sweet dreams.
: ( যিদিনাৰে পৰা তোমাক লগ পাইছোঁ সেইদিনাৰে পৰা সপোন-দিঠক সকলো sweet য়েই হৈ পৰিছে।)

  • মনতে ভাৱিলোঁ।

: ঠিক আছে। bye, good night।

এবাৰ তাইৰ DP খন চাই লৈছোঁ। মোবাইল টো থৈ লাহেকৈ বিছনা খনত পৰি দিছোঁ। খুব ভাল লাগিছে। হয়তো ভাল টোপনি এটা আহিব আজি।

( আগলৈ)

#১৮

সময় পোৱা ৬ বাজিছে। হঠাৎ মোবাইল ফোন টো বাজি উঠিল। দেখিলোঁ ৰঞ্জনে ফোন কৰিছে। আজি ইমান ৰাতিপুৱাই ৰাতিপুৱাই ফোন কৰিছে। কথাটো কি? খপজপকৈ ফোন টো receive কৰিলোঁ।
: হেল্ল’ ৰনবীৰ।
: অ কচোন। ইমান ৰাতিপুৱাই ফোন কৰিলি যে।
: শুই উঠিলি নে তই?
: উঠিলোঁ, কচোন ক কি হ’ল।
: ৰাগিনীৰ খবৰটো পালি নেকি?

  • ৰাগিনীৰ নাম শুনি একেজাপে বিছনাৰ পৰা উঠিলোঁ।
    : কি হৈছে ৰাগিনীৰ?
    : তই গমেই নাপাৱ নেকি?
    : ওহো, নাপাওঁ। কি হৈছে তাইৰ?

মনটোত উৎকণ্ঠা বাহি গৈছে। শৰীৰত যেন এক শিৰশিৰণি আৰম্ভ হৈছে।
: ৰাগিনী কালি bathroom ত পিছল খাই পৰিল।

কথাষাৰ শুনি মনত উৎকণ্ঠা বেছিকৈহে বাহিবলৈ ধৰিলে।

: বেছিকৈ দুখ পাইছে নেকি তাই? ক’ত আছে এতিয়া তাই?
: অলপ দুখ পাইছে। বৰ্তমান তাই PG তে আছে। ডাক্তৰে এক সপ্তাহ bed rest দিছে।
: তই কেনেকৈ জানিলি?
: কালি মই কৃত্তিকালৈ ফোন কৰোঁতে তাই কৈছিল।
: ঠিক আছে দে। আজি কলেজ আহিবি নহয়?
: যাম যাম।

ফোনটো ৰাখিলোঁ। এইবাৰ একেডোখৰ ঠাইতে বহি আছোঁ। কি কৰোঁ কি নকৰোঁ লাগিছে। বাৰে বাৰে তাইৰ চেহেৰাটো মনলৈ আহি আছে। এবাৰ মনতে ভাৱিলোঁ, ইমান খিনি হৈ গ’ল, তাই মোক এবাৰো জনোৱা নাই কিয়? হঠাৎ মোবাইল ফোন টো উলিয়াই তাইলৈ ফোন কৰিলোঁ। নাই মোবাইল switch off। লাহে লাহে মনৰ উৎকণ্ঠা বাহি গৈছে। কেতিয়া ৮:৩০ বাজে লাগিছে। ঘড়ীটোকে বাৰে বাৰে চাইছোঁ। Colgate বুলি বিষৰ মলম এটাকে সানিব লৈছোঁ। মুঠতে কি কৰিছোঁ, ক’ত আছোঁ একো ক’ব পৰা নাই। মাথোঁ তাইৰ চিন্তাই আমনি কৰি আছে।

৯ বাজিলে। লাহে লাহে কলেজৰ class বোৰ আৰম্ভ হৈছে। মইও নিজৰ class ত সোমাই আছোঁ। কিন্তু class ত অলপো মন বহোৱাব পৰা নাই। বাৰে বাৰে ৰাগিনীৰ চিন্তাই খাই মাৰিছে। তাইৰ অনুপস্থিতি যেন মোৰ অলপো সহ্য হোৱা নাই। বাৰে বাৰে চকুযোৰিয়ে মাথোঁ তাইকেই বিচাৰি আছে। এবাৰ চাবলৈ মন গৈছে তাইক। যিয়েই নহওঁক, আজি তাইৰ ওচৰলৈ যামেই। দেখিম নহয়, PG ৰ মালিকে কেনেকৈ বাধা দিব পাৰে।

আবেলি ৩ বাজিছে। কলেজত আজি আৰু class নাই। লগে লগেই বাইকখন লৈ কলেজৰ পৰা ওলালোঁ। দোকান এখনত ৰৈ আজিৰ সকলোবোৰ notes জেৰক্স কৰিলোঁ।

PG ৰ গেটখনৰ সন্মুখত বাইকখন ৰখাই ভিতৰলৈ সোমাই গ’লোঁ। মোক দেখি মালিকজন ওলাই আহিল।
: বাৰু কোৱাচোন, কিয় আহিছা?
: নমস্কাৰ uncle। মই ৰাগিনীৰ লগৰ।

মানুহজনে বৰ আচৰিত দৃষ্টিৰে মোলৈ চাইছে। উপায় নাই। মানুহৰ স্বভাৱেই এনেকুৱা। এনেকুৱা মানুহৰ দৃষ্টিত এহাল ল’ৰা-ছোৱালী কেতিয়াও বন্ধু হ’ব নোৱাৰে।

: আচলতে ৰাগিনীৰ ঘটনাটো কালি গম পালোঁ। আৰু সেয়েহে কলেজৰ কিছুমান important notes দিবলৈ আহিলোঁ। অলপ মাতি দিব পাৰিবনে বাৰু?
: notes দিবলৈ আহিছা যদি বাৰু ঠিকেই আছে। কিন্তু মাত্ৰ ৫ মিনিট সময়হে লগ কৰিব পাৰিবা। আচলতে আমি student ৰ পৰিয়ালৰ বাহিৰে আন ল’ৰাক লগ কৰিবলৈ নিদিওঁ। কিন্তু তুমি কিবা important notes ৰ কথা কৈছা কাৰণে দিছোঁ বাৰু। কিন্তু মাত্ৰ ৫ মিনিট।
: ঠিক আছে। ধন্যবাদ।

  • মানুহজনৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যেন মই ৰাগিনীক নহয়, জেলৰ কোনোবা কয়দীক হে লগ কৰিবলৈ আহিছোঁ। তেনেকুৱাতে wheel chair এখনত বহি ৰাগিনী ওলাই আহিছে। লগৰ এজনীয়ে wheel chair খন ঠেলি আনিছে। মইও অলপ ওচৰলৈ গ’লোঁ।

: ৰনবীৰ তুমি ইয়াত।
: তোমাৰ খবৰ লবলৈ আহিছোঁ। তুমি নিজেই টো খবৰ নিদিয়াই। লোকৰ মুখেৰে শুনিয়েই আহিছোঁ।
: তেনেকুৱা নহয় অ’। মোৰ মোবাইল টো কিবা এটা হৈছে। কালি ৰাতিৰে পৰা switch off হৈ আছে। Charge ও লোৱা নাই। আৰু অকল কি তোমাৰে বেয়া লাগিছে নেকি, তোমাক খবৰ দিবলৈ নাপাই মোৰ হবলা বেয়া লগা নাই।

কথাকেইষাৰ শুনি মনটো কিবা এটা ভাল লাগি গ’ল। এক প্ৰকাৰ আপোন যেন অনুভৱ হ’ল।

: বাৰু কেনেকৈ পৰিবলৈ পালা? অলপ সাৱধানে থাকিব নোৱাৰা? অলপ বেছি কিবা হোৱাহেঁতেন?
: হ’বচোন দিয়া। ইমান কিয় উগ্ৰ হৈছা? মোৰ তেনেকুৱা একো হোৱা নাই। ডাক্তৰে এক সপ্তাহ bed rest দিছে নহয়, তাৰ পিছত সকলো ঠিক হৈ যাব।
😦 কিন্তু এই একসপ্তাহ মোৰ যে কিমান কষ্ট হ’ব, সেই কথাটো তাই ভাৱি চাইছে জানো?)

  • মনতে ভাৱিলোঁ।

: বাৰু তুমি rest লোৱা। ডাক্তৰে যি কৈছে সকলো ভালদৰে মানি চলিবা। আৰু অলপ সাৱধানে থাকিবা।
: ঠিক আছে বাৰু।
: এইখিনি আজিৰ notes। মই জেৰক্স কৰি আনিছোঁ। লোৱা। আৰু বাকীবিলাক ও এনেকৈ দি থাকিম।
: Thank you so much. পিছে কাইলৈৰ পৰা কৃত্তিকা কলেজলৈ যাব। গতিকে তুমি ইমানবোৰ কষ্ট কৰিব নালাগে।
: নাই নহ’ব। তেনেহলে মই notes বোৰ কৃত্তিকাৰ হাততে জেৰক্স কৰি দি পঠাম। তুমি এইকেইদিন rest লোৱা।
: নালাগে অ’ ইমানবোৰ কৰিব। মই কৃত্তিকাৰ পৰা লিখি ল’ব পাৰিম। আৰু মই ভৰিতহে দুখ পাইছোঁ, হাত দুখন ঠিকেই আছে নহয়।
: নালাগে। মই যিটো কৈছোঁ সেইটো শুনা। মুঠতে তুমি
rest লোৱা। মই সদায় notes বোৰ কৃত্তিকাৰ হাতত দি পঠাম।
: Ok. ইমানকৈ কৈছা যেতিয়া ঠিক আছে বাৰু।
: Ok. এতিয়া মই যাওঁ। Take care and get well soon. আৰু কিবা দৰকাৰ হ’লে মোক জনাবা, মই আছোঁ।
: ঠিক আছে। ভালদৰে যাবা।
: মোৰ চিন্তা বাদ দিয়া। তোমাৰ নিজৰ কথা ভাৱা। বাৰু যাওঁ।

এইবুলি কৈ বাইকখন লৈ ঘৰলৈ উভতিলোঁ। অলপ দূৰ যোৱাৰ পাছত পিছলৈ ঘূৰি চাই দেখিলোঁ তাই তেতিয়াও বাৰান্দাতে wheel chair খনত বহি চকুৰ আঁতৰ নোহোৱালৈকে মোৰ ফালে চাই ৰৈছে।

(আগলৈ)

#১৯

ঘৰ আহি পাওঁতে প্ৰায় ৪:৩০ মান বাজিল। হাত মুখ ধুই dinning table ত বহিছোঁ। মায়ে ভাত বাঢ়ি দিছে।
: আজি দেৰি হ’ল যে, practical আছিল নেকি?
: নহয় মা। মানে মোৰ লগৰ ৰাগিনী নামৰ ছোৱালী এজনীয়ে bathroom ত পৰি ভৰিটোত অলপ দুখ পাইছে। তাইৰে খবৰ এটা লৈ আহিলোঁ আৰু আজিৰ notes বোৰ দি আহিলোঁ।
: ঠিকেই আছে দিয়া।
: ৰাগিনী বৰ ভাল ছোৱালী মা। শিৱসাগৰত ঘৰ। ইয়াত PG ত থাকে।

মায়ে মুখেৰে একো নামাতিলে। মাথোঁ হাঁহি হাঁহি ৰুমৰ পৰা ওলাই গ’ল।

পঢ়া টেবুলত বহি আছোঁ যদিও পঢ়াত মন বহোৱাব পৰা নাই। বাৰে বাৰে ৰাগিনীৰ চিন্তাই খাই মাৰিছে। কিবা কৰিছে তাই এতিয়া। ফোনটোও বেয়া হ’ল বুলি কৈছে। না এতিয়া ফোন কৰিব পাৰিম, না মেচেজ দিব পাৰিম। সকলোফালে মুঠতে বৰ অশান্তি। এতিয়া মই কেনেকৈ তাইৰ খবৰ লওঁ। বিষটো অলপ কমিছে নে বাৰু তাইৰ? আগতকৈ অলপ ভাল পাইছেনে বাৰু তাই? এই সকলোবোৰ প্ৰশ্নই মোক খুন্দিয়াই আছে। এবাৰ, মাত্ৰ এবাৰ তাইৰ খবৰ লবলৈ পোৱাহেঁতেন। এবাৰ নিজকে প্ৰশ্ন কৰিছোঁ কিয় মই তাইৰ কথা ইমান কৈ ভাৱি আছোঁ। কোন হয় তাই মোৰ? ভাল বান্ধৱী? মোৰ এনেকুৱা আৰু বহুত বান্ধৱী আছে দেখোন। কিন্তু ৰাগিনীৰ ক্ষেত্ৰত এই সুকীয়া অনুভৱ কিয়? কিয় মই তাইৰ কথা ইমান চিন্তা কৰিছোঁ? কিয় তাইৰ ইমান যত্ন লৈছোঁ? কিয় তাই একো নোকোৱাকেই মই সহায়ৰ হাত আগবঢ়াওঁ? মোৰ মন মগজু সকলোতে কেৱল তাইয়েই কিয়? কি হৈছে মোৰ? কেনেকুৱা অনুভৱ এয়া? তাইৰ প্ৰতি এয়া মোৰ কেনেকুৱা আকৰ্ষণ? এই নতুন, অচিনাকি অনুভৱক মই কি বুলি নাম দিম? বন্ধুত্ব নে অন্য কিবা? নাই, এটা প্ৰশ্নৰো উত্তৰ মোৰ ওচৰত নাই। নাজানো কি হৈছে মোৰ। মাথোঁ এটাই বুজি পাইছোঁ যে লাহে লাহে কিছুমান উত্তৰবিহীন প্ৰশ্নৰ মাজলৈ সোমাই গৈছোঁ। নাজানো এইবোৰৰ উত্তৰ কেতিয়াবা পাম নে নাপাম। আৰু যদি পাওঁ, তেন্তে ক’ত পাম আৰু কেনেকৈ পাম। মুঠতে ইটোৰ পিছত সিটো প্ৰশ্ন। এটাৰ উত্তৰ বিচাৰোঁতে আনটো প্ৰশ্নৰ উদয় হয়। মুঠৰ ওপৰত সকলোফালেই বৰ সমস্যা।

ৰাতি ১১ মান বাজিছে। হঠাৎ মোবাইল ফোন টো vibrate হৈছে। Silent কৰি থোৱা আছিল। কোনোবাই ফোন কৰিছে চাগৈ, সেয়েহে vibrate কৰিছে। মোবাইল টো চাই দেখিলোঁ এটা unknown নম্বৰৰ পৰা ফোন আহিছে। ফোনটো উঠালোঁ।
: হেল্ল’ ৰনবীৰ। মই ৰাগিনীয়ে কৈছোঁ।

মই তাইৰ মাতটোতে ধৰিব পাৰিলোঁ। এতিয়াহে যেন অলপ সকাহ পাইছোঁ। মনটো এতিয়াহে অলপ পাতল হোৱা যেন লাগিছে।

: কিন্তু তুমি মোবাইল……
: এইটো কৃত্তিকাৰ ফোন নম্বৰ। অথনি তুমি যোৱাৰ পিছতে তাই পালেহি। এতিয়া তাইৰ মোবাইলৰ পৰাই তোমালৈ ফোন কৰিছোঁ।
: অও আচ্ছা।
: কি কৰিছা?
: তোমাৰ কথাকে ভাৱি আছোঁ।

  • ধেৎ কি ওলাই গ’ল মুখৰ পৰা।

: এ নহয় মানে। তোমাৰ কথা ভৱা নাই। মানে ভাৱিছোঁ। মানে ভৱা নাই। এই কি গাই আছোঁ মই। আচলতে তুমি দুখ পোৱা কথাটোকে ভাৱি আছোঁ। বৰ কষ্ট হয় চাগৈ এনেকৈ।

  • কথাটো সলাই দিলোঁ। ধৰিব পাৰিছে যদিও উপায় নাই আৰু। মুখৰ পৰা ওলোৱা কথা। এবাৰ ওলাল যি ওলাল, ঘূৰাই আনিব তো নোৱাৰি।

: অও হয় নেকি?
: Yeah. পিছে কোৱাচোন এতিয়া কেনেকুৱা পাইছা? আগতকৈ অলপ পাতল পাইছা নে বাৰু?
: আগতকৈ অলপ ভাল লাগিছে। তথাপি বিষটো অলপ আছে।
: বিছনাতে আছানে? নে উঠিছা নেকি আকৌ কেনেবাকৈ?
: নাই উঠা। বিছনাতে আছোঁ। Rest লৈছোঁ।
: সঁচাকৈ কৈছানে? মই কৃত্তিকাক সুধিম আকৌ।
: সঁচাকৈয়ে কৈছোঁ। বিছনাতে আছোঁ। কেনিও যোৱা নাই।
: Good. সময়মতে দৰৱবোৰ খালা নে নাই?
: খালোঁ, খালোঁ।
: ঠিক আছে।
: ৰনবীৰ…
: কৈ যোৱা।
: অথনি মোৰ বাবে ইমানবোৰ কষ্ট কৰাৰ বাবে thank you.
: আকৌ thank you, অথনি হেঁপাহ নপলালে হপাই। মই কোৱা নাই জানো গোটেইবোৰ thank you বহী এখনত লিখি আনিবা।
: হ’ব দিয়া।
: I am just kidding.
: আচলতে মোৰ কাৰণে আজিলৈকে ঘৰৰ মানুহৰ বাহিৰে কোনেও ইমানবোৰ কৰা নাই।
: হ’ব দিয়া। মই কৰিছোঁ নহয়। Be happy.
: সেইকাৰণে টো কৈছোঁ তুমি আনতকৈ বহুত বেলেগ।
: হে হে। পৃথিৱীত সকলোবোৰ যদি একেই হ’লহেঁতেন, পৃথিৱীখনৰ দেখোন কোনো মজাই নাথাকিলে হেঁতেন।
: তথাপিও তুমি বহুত বেলেগ।
: বাৰু সেইবোৰ বাদ দিয়া। এতিয়া শুই থাকা। বেছিকৈ কথা পাতিব নালাগে। আৰু এইকেইদিন ইমান দেৰিলৈকে নাথাকিবা। অলপ সোনকালে শুই দিবা। Good night and take care.
: Ok, good night. Bye
: Bye

এইবুলি কৈ ফোনটো কাটিলোঁ। এতিয়াহে বুকুখনে যেন অলপ শান্তি পাইছে। মইও লাহেকৈ বিছনা খনত পৰি দিলোঁ।

এনেদৰে লাহে লাহে এক সপ্তাহ পাৰ হৈ গ’ল। ৰাগিনীও ক্ৰমান্বয়ে সুস্থ হৈ আহিল। এই এক সপ্তাহত তাইৰ কাৰণে notes, questions, এই সকলোবোৰ কৃত্তিকাৰ হাততে জেৰক্স কৰি দি পঠালোঁ। এই গোটেই সপ্তাহটো যেন বৰ কষ্টেৰে পাৰ কৰিলোঁ। ৰাগিনীক বহুত miss কৰিলোঁ। তাই অনুপস্থিতিত মোৰ শৰীৰৰ আধা অংশ নোহোৱা যেন লাগিছিল। এটা কথাই যেনিবা ভাল হৈছিল ফোনত তাইৰ সকলো খবৰ ল’ব পাৰিছিলোঁ। এতিয়া আৰু এই উত্তেজনা বোৰ লাহে লাহে কমিছে। কাৰণ কাইলৈৰ পৰা আকৌ ৰাগিনী কলেজলৈ আহিব। কাইলৈৰ পৰা আকৌ তাইক হেঁপাহ পলুৱাই চাব পাৰিম।

( আগলৈ)

#২০

ৰাতিপুৱা আজি অলপ সোনকালেই উঠিলোঁ। মনটো এটা আনন্দেৰে উপচি পৰিছে। কাৰণ এক সপ্তাহৰ পিছত আজি ৰাগিনী কলেজলৈ আহিব। কিমান দিনৰ মূৰত যেন তাইক আজি লগ পাম। মনত তাইক লগ পোৱাৰ উৎসাহবোৰ বাহি আহিছে। সেয়েহে যিমান পাৰোঁ সিমান সোনকালে কলেজলৈ ওলাইছোঁ।

আধা ঘন্টা মান আগতেই আজি কলেজ পালোঁহি। ডিঙি মেলি যিমান পাৰোঁ দূৰলৈকে চাই পঠাইছোঁ। কিজানি তাইক দেখা পাওঁৱেই। নাই তেতিয়ালৈকে তাই অহাই নাই। হঠাৎ দেখিলোঁ কৃত্তিকা আৰু ৰাগিনী আহি আছে। এতিয়াহে যেন মনটো অলপ ভাল লাগিছে। বুকুখনে কিবা এক শান্তি পোৱা যেন লাগিছে। অলপ আগুৱাই গ’লোঁ তাইৰ ওচৰলৈ। ওচৰ পোৱাত হাঁহি এটা মাৰিছে তাই।
: Hi !
: Hi !
: কেনেকুৱা পাইছা এতিয়া? বিষ টো সম্পূৰ্ণকৈ ভাল পালানে?
: ওম। এতিয়া মই সম্পূৰ্ণ সুস্থ।
: আগলৈ অলপ সাৱধানে থাকিবা। আকৌ কিবা এটা হ’লে মা-দেউতাৰ tension বাঢ়িব নহয়। কোনে আকৌ care ল’ব।
: তুমি আছাই দেখোন।
: মানে? … কি কৈছা?

  • একো নামাতিলে। লাজতে classroom ৰ ভিতৰলৈ লৰ মাৰিলে। এই ছোৱালীজনীয়ে মাজে মাজে কি কৈ থৈ যায়, মই হ’লে একো বুজি নাপাওঁ।

: আমাৰ ল’ৰাই আজিকালি কাৰোবাৰ বৰ খবৰ ৰাখে দেই।

  • কৃত্তিকাই মাত লগালে।
    : নকবাই আৰু। সপোনে দিঠকে কেৱল তেওঁৰ কথাই চিন্তা কৰি থাকে।
  • মই কিবা এটা কোৱাৰ আগতেই ৰঞ্জনে তপৰাই উত্তৰ দিলে।
    : দুয়োটা ঠিকেই আছ তো।
    : আমাৰ কি হৈছে, একো হোৱা নাই। তোৰহে কিবা কিবি হৈছে যেন পাওঁ।
  • ৰঞ্জনে ক’লে।
    : হৈছে যেন পাওঁ নহয়, কিবা হৈছেই। আমাৰ ৰনবীৰৰ আজি কালি কাৰোবাক দেখিলে “कुछ कुछ होता है”। মাথোঁ গাবলৈহে বাকী আছে “क्या करूं हाए, कुछ कुछ होता है”।
  • ৰঞ্জনৰ কথাত কৃত্তিকাইহে উত্তৰ দিলে।
    : ভাল কামোৰ দুটা লগ লাগিলি। শান্তি নাই আৰু মানে তহঁতৰ পৰা। আৰু কৃত্তিকা, গানটো যে গালা, পাৰিলে এপাক নাচিও দিব লাগিছিলে।
  • এইবুলি কৈ মইও classroom ৰ ভিতৰলৈ সোমাই গ’লোঁ।
    : কি কৰিবা আৰু? সকলো ৰাগিনীৰ দৰে lucky নহয়তো, যে তোমাৰ লগত নাচিবলৈ পাব।
  • পিছফালৰ পৰা কৃত্তিকাই চিঞৰিলে।

ইতিমধ্যে দুটা class শেষ হৈছে। ইয়াৰ পিছত দুঘণ্টাৰ off আছে। ৰঞ্জন আৰু মই দুয়োটা ৰাগিনীহঁতৰ ওচৰলৈ গ’লোঁ।
: ব’লা নহ’লে আজি অলপ পাৰ্টি হৈ যাওক। ৰাগিনীও বহুত দিনৰ মূৰত আজি কলেজলৈ আহিছে। পইছা মই দিম বাৰু।
: ঠিক আছে তেন্তে। কেণ্টিনলৈ যাওঁ ব’লা।

  • কৃত্তিকাই উত্তৰ দিলে।
    : কেণ্টিনত নাখাওঁ দেই। ওচৰতে restaurant এখন আছে নহয়। তালৈকে যাওঁ।
    : ভালেই হ’ব, ব’লা তেন্তে।
    : পিছে ৰাগিনী, তুমি কি ক’বা?
    : মই নো আৰু কি ক’ম। তোমালোক যাবা যেতিয়া যাওঁ ব’লা।
    : So guys, let’s go.
    : পিছে যাবা কিহত?
  • কৃত্তিকাই সুধিলে।
    : বেছি দূৰ নহয়। অলপ গ’লেই পামগৈ। আৰু মই বাইক নিনিও নহয়। গোটেই কেইটা খোজকাঢ়িয়ে যাওঁ ব’লা।
    : ঠিক আছে ব’লা।

এইবুলি কৈ গোটেই কেইটা কলেজৰ পৰা ওলাই আহিছোঁ। ৰঞ্জন আৰু কৃত্তিকাই কথাত মগ্ন হৈ আছে। হাঁহি হাঁহি ক’ব নোৱাৰে দুইটাই। সংসাৰৰ সমস্ত ফকটীয়া কথাবোৰ পাতি গৈছে চাগৈ। দুয়োটা ৰাস্তাটোত এনেদৰে গৈছে যেন গোটেই ৰাস্তাটো কেৱল তাহাঁত দুয়োটাৰহে। ৰাগিনী আৰু মইও একেলগে কথা পাতি গৈ আছোঁ। তাই মোৰ সোঁফালে গৈ আছে। হঠাৎ খুব জোৰেৰে বাইক দুখন পাৰ হৈ গৈছে। এইবাৰ তাইক মই মোৰ বাওঁফালে আনি নিজেই সোঁফালে গ’লোঁ।
: ভয় খাইছা মোক খুন্দিয়াই থৈ যায় বুলি?
: ওহো, নাইখোৱা তো ।
: আকৌ তেন্তে মোক বাওঁফালে দি নিজেই সোঁফালে গ’লা যে?
: নহয় মানে তোমাক সতৰ্ক কৰি দিছোঁ।
: এইবোৰ কোৱাতকৈ direct কৈ নিদিয়া কিয় তোমাৰ care কৰিছোঁ বুলি?
: মানে? কি ক’ব বিচাৰিছা তুমি?
: হ’ব বুজিও নুবুজাৰ ভাও ধৰিব নালাগে। আৰু মই ইমান সহজে নমৰো দিয়া। এই পৃথিৱীত নিজৰ প্ৰেম কাহিনী লিখাৰ পিছতহে মই মৰিম বুজিছা। গতিকে ইমান চিন্তা নকৰিলেও হ’ব।
: বাঃ! পিছে কাৰ লগত লিখিবা তোমাৰ এই প্ৰেম কাহিনী?
: লিখিম আৰু, আছে নহয় কোনোবা। ক’ৰবাত তো ওলাব মোৰ প্ৰেমৰ সংগীজন, মোৰ প্ৰেম কাহিনীৰ সম্পূৰ্ণকৰ্তা জন।
: বেলেগ ৰোমান্টিক dialogue মাৰিছা দেই।
: হ’ব। পিছে তুমি তো এইবোৰ বিশ্বাস নকৰা, আজি ইমান কৈ সুধি আছা যে?
: নাই এনেই। কেতিয়াবা জানিবলৈ মন যায় নহয়।
: পিছে তোমাক আনে যিমান নিৰস বুলি ভাবে সিমান নিৰস নহয় কিন্তু। বিচাৰিলে তোমাৰ মাজতো বহুত কিবাকিবি পোৱা যাব।
: ( বিচাৰি চোৱা আকৌ তেন্তে। মইতো সদায় তাৰেই কামনা কৰোঁ)
: কিবা ক’লা?
: ওহো নাই কোৱা।
: বাৰু মোৰ কথা বাদ দিয়া। তোমাৰ কথা কোৱা।
: মোৰ কথা মানে?
: মানে কাৰোবাক তো ভালদৰে চোৱা। কোনোবা নহয় কোনোবা এগৰাকীক টো ভাল লাগিব।
: ( মনটোৱে তোমাৰ বাহিৰে আন কাকোৱে নিবিচাৰে দেখোন। চকুযোৰে তোমাৰ বাহিৰে আন কাৰোলৈও চাবই নোখোজে। মই কি কৰোঁ? )
: ৰনবীৰ, ৰনবীৰ।

  • গাটোত জোঁকাৰি দিছে।
    : হা!
    : কি ভাৱি আছা?
    : নাই একো ভৱা নাই। restaurant খন পালোঁহি ব’লা।

এইবুলি কৈ গোটেই কেইটা restaurant খনৰ ভিতৰলৈ সোমাই গ’লোঁ।

( আগলৈ)

#২১

লাহে লাহে কলেজৰ sessional exam বোৰ আহিল। সকলো পঢ়া শুনাত ব্যস্ত হৈ পৰিলোঁ। কলেজৰ পৰীক্ষা বোৰো ক্ৰমাৎ শেষ হ’ল। তেনেদৰে ব্যস্ততাৰ মাজতে এমাহ পাৰ হৈ গ’ল। ৰাগিনী আৰু মোৰ মাজত থকা সম্পৰ্কও আগতকৈ ঘনিষ্ঠ হ’ল। আমি দুয়োটা ভাল বন্ধুৰ পৰা অন্তৰংগ বন্ধুলৈ পৰিণত হ’লোঁ। আমাৰ মাজত কথা-বতৰাৰ মাত্ৰা বাঢ়িবলৈ ধৰিলে। সেইদৰে ৰঞ্জন আৰু কৃত্তিকাৰ মাজত থকা বন্ধুত্বও ক্ৰমাৎ বাঢ়ি আহিল। দুয়োটাৰে খুট-খাট কাজিয়াবোৰ, পাগলামি বোৰ দিনে দিনে বাঢ়িহে আহিল। মুঠতে আমাৰ চাৰিওটাৰ বন্ধুত্বৰ ভেটিটো আগতকৈ বেছি মজবুত হৈ আহিল। কিন্তু সেই অনুপাতে ৰাগিনীৰ প্ৰতি থকা মোৰ অনুভৱ বোৰ আগতকৈ গাঢ় হৈ আহিল। দিনে-নিশাই কেৱল তাইৰ কথাই মনটোত আমনি কৰি থাকে। যিমানেই দিনবোৰ বাগৰি গৈছে, তাইৰ চিন্তাই মনটোক বেছিকৈহে হেঁচা মাৰি ধৰিছে।

: ঐ দাদা উঠ। মায়ে উঠিব কৈছে সোনকালে। এফালে যাব লাগিব আজি।

  • ভন্টিৰ মাতত সাৰ পালোঁ। বিছনা খনতে বহি তাইৰ ফালে চালোঁ।
    : ক’ত যোৱাৰ কথা কৈছ?
    : আজি আমি সকলো নামঘৰলৈ যাম।
    : নামঘৰলৈ মানে?
    : হেৰৌ, ভাদ মাহ সোমালে বুলি নাজান নেকি? সেয়েহে আজি সকলোৱে “ঢেকিয়াখোৱা বৰনামঘৰ”লৈ যোৱাৰ programme কৰিছে।
    : এহ মজা তেন্তে।
    : হয়, গতিকে সোনকালে গা ধুই আহগৈ যা। ৯ বজাত যামেই আমি। ভাদ মাহ নহয়, বহুত ভিৰ হ’ব।
    : Ok, darling.
    : darling বুলি girlfriend ক ক’বি যা। পিছে আজি extra কৈ চাকি এগছি জ্বলাই থৈ আহিবা।
    : কিয় বা?
    : তোমাৰ হেৰিৰ কাৰণে আকৌ।
    : কোন হেৰি, ক’ৰ হেৰি?
    : ধেৎ এইটো, গাধটো ক’ৰবাৰ। বুজিকে নাপাই একো। মই তোৰ হ’বলগীয়া মানুহজনীৰ কথা কৈছোঁ।
    : কাম নাই আৰু মোৰ?
    : কি ঠিক। ভগৱানে কিজানিবা আজি তোৰ মনৰ কথা শুনেই। কিবা চমৎকাৰ কৰি যদি আজি তোক তোৰ life partner ৰ লগত মিলাই দিয়েই।
    : ঐ হ’ব নেকি আজিলৈ। তোৰ এই ফকটীয়া কথাবোৰ শুনি থাকিবলৈ মোৰ ওচৰত একদমেই সময় নাই and I am not interested.

এইবুলি কৈ টাৱেল খন লৈ ৰুমৰ পৰা ওলাই আহিলোঁ।

: হে ভগৱান, তুমি বৰ বেয়া দেই। নিজেই ১৬০০ গোপীৰ লগত ৰাসলীলা কৰিলা, আমাৰ এইটোৰ জীৱনলৈহে কাকো নপঠালা।

  • নিজেই নিজেই তাই ৰুমটোৰ ভিতৰতে বলকি থাকিল।

প্ৰায় ৯ বাজিবৰেই হ’ল আৰু। শৰাইৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু গাড়ীৰ দিকিত ভৰাই দিছোঁ। দেউতাই ইতিমধ্যে গাড়ী start দিলেই। মায়ে লৰালৰিকৈ ঘৰৰ দুৱাৰ বোৰত তলা লগাইছে। গেৰেজ আৰু গেটত তলা লগোৱাৰ দায়িত্ব মোৰ। সকলোবোৰ তলা লগাই গাড়ীত বহিলোহি। মা দেউতাৰ লগত আগত বহিছে। ভন্টি আৰু মই পাছত। লগে লগে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। মোবাইল টো উলিয়াই গাড়ীৰ লগত connect কৰি লৈছোঁ। এইবাৰ জুবিন দাৰ সেই মৰম দিয়া মোক গানটো বজাই লৈছোঁ। গানটো বজাওতে ভন্টিয়ে এক আচৰিত দৃষ্টিৰে মোৰ ফালে চাইছিল। মই অলপো গুৰুত্ব নিদিলোঁ। মাথোঁ খিৰিকীৰে বাহিৰলৈ চাই গানটোৰ আমেজ লৈছোঁ। গানটো শুনাৰ লগে লগে দেহ মন শিয়ৰি আহিলেই নহয়। নুশুনাকৈও থাকিব নোৱাৰোঁ, শুনিলেও বিপদ। মুঠতে এক প্ৰকাৰ অশান্তি।

সময় ১০ বাজিছে। নামঘৰত আহি উপস্থিত হ’লোঁহি। ইতিমধ্যে মানুহৰ ভিৰ লাগিলেই। গাড়ী ৰখাবলৈ ঠাই নাই। চৌদিশৰ পৰা অগনন ভক্তৰ সমাগম ঘটিছে। দোকান পোহাৰ মানুহে উপচি পৰিছে। অকল ধূপ-চাকি, শৰাইৰ বস্তুৱেই নহয়, বেলুন, পুতলা, গাড়ী-মটৰ, ফুল, কাপোৰ কানি, খোৱা বস্তু এই সকলোবোৰেৰে দোকান ভৰি আছে। এনেকুৱা লাগিছে নামঘৰলৈ অহা নাই, যেন মেলা চাবলৈহে আহিছোঁ। আকৌ গাড়ী parking ৰ নামত পইচা আছেই। সৰু গাড়ীৰ বাবদ ৪০ টকা, ডাঙৰ গাড়ীৰ বাবদ ৬০ টকা। আধ্যাত্মিকতা কম, চৌদিশে কেৱল ব্যৱসায় আৰু ব্যৱসায়।

যেনে তেনে গাড়ীখন ৰাখিবলৈ ঠাই এডোখৰ পালোঁ। মই গাড়ীৰ পৰা শৰাইৰ বস্তুবোৰ নমালো। মা আৰু ভন্টিয়ে ধূপ চাকি কিনিছে। গোটেই কেইটা নামঘৰৰ ভিতৰলৈ সোমাই গ’লোঁ। শৰাইৰ বস্তুবোৰ জমা দি চাকি জ্বলাবলৈ গ’লোঁ। চাকি বন্তি জ্বলাই মাহঁত নামঘৰৰ ভিতৰত বহিছে। তেনেকুৱাতে ভন্টিয়ে মোক বাহিৰলৈ লগ ধৰিলে।
: মা আমি দুয়োটাই অলপ বজাৰখন ফুৰি আহোঁগৈ।
: যোৱা বাৰু। কিন্তু বেছি দেৰি নকৰিবা। সেৱা কৰিব লাগিব নহয়।
: ঠিক আছে। বেছি দেৰি নকৰোঁ বাৰু।

এইবুলি কৈ দুয়োটা নামঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ।

: ঐ চা চা। Chance তে ইয়াৰে কোনোবা এজনী বিচাৰি ল। ইয়াত সকলো available পাবি। বিচাৰি ল নিজৰ পচন্দ মতে।

  • তাই পাগলামি আৰম্ভ কৰি দিলে।
    : কাম নাই নেকি তোৰ? মনে মনে থাক। মানুহে কি বুলি ভাবিব।
    : হ’ব দে, তোৰ মোৰ কথা শুনিবলৈ মানুহবোৰ অহা নাই নহয়।

তেনেতে ৰঙা মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী পাৰ হৈ গ’ল। তাই চিঞৰি উঠিল-
: সৌজনী চা। ৰঙা গোলাপ।

একো নামাতিলোঁ। এইবাৰ তাই হালধীয়া মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী দেখিলে। আকৌ মাত লগালে তাই-
: ঐ ঐ , সৌজনী চা, গোটেইজনী পকা আম একেবাৰে।
: তোৰ মূৰটো। অলপ মনে মনে থাকিব নোৱাৰ নে?

এইবাৰ সেউজীয়া মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী দেখিলোঁ। ওঁঠত ৰঙা lipstick লগাই আহিছে। তাই কিবা কোৱাৰ আগতে মইয়েই তাইক ক’লোঁ-
: ঐ সেইজনী চা। গোটেইজনী ভাটৌ চৰাই একেবাৰে।
: বাঃ! দাদা তইও পাৰিছ দেই। মোৰ লগত থাকি থাকি তইও বনি গৈছ।

  • এইবুলি কৈ তাই খেতখেতাই হাঁহিবলৈ ধৰিলে। তাইৰ হাঁহি দেখি মইও হাঁহিত ৰব নোৱাৰা হ’লোঁ। এইবাৰ তাই দোকান এখনত সোমালে। যি তি বস্তুবোৰৰ দাম সুধিবলৈ লাগিলে। হঠাৎ দেখিলোঁ কাষেৰে পাৰ হৈ যোৱা ছোৱালী এজনীৰ গামোচাখন মোৰ ওচৰত পৰি গ’ল। গামোচাখন বুটলি লৈ ছোৱালীজনীক দিবলৈ বুলি পিছে পিছে খোজ ল’লোঁ।

: Hello, excuse me , hello শুনকচোন। আপোনাৰ গামোচা খন। মোৰ ওচৰত পৰি আহিছিল।

এইবাৰ ছোৱালীজনীয়ে পিছলৈ ঘূৰি চাইছে। কিন্তু কি আচৰিত, এইজনী ৰাগিনী দেখোন।

( আগলৈ)

#২২

লাহে লাহে কলেজৰ sessional exam বোৰ আহিল। সকলো পঢ়া শুনাত ব্যস্ত হৈ পৰিলোঁ। কলেজৰ পৰীক্ষা বোৰো ক্ৰমাৎ শেষ হ’ল। তেনেদৰে ব্যস্ততাৰ মাজতে এমাহ পাৰ হৈ গ’ল। ৰাগিনী আৰু মোৰ মাজত থকা সম্পৰ্কও আগতকৈ ঘনিষ্ঠ হ’ল। আমি দুয়োটা ভাল বন্ধুৰ পৰা অন্তৰংগ বন্ধুলৈ পৰিণত হ’লোঁ। আমাৰ মাজত কথা-বতৰাৰ মাত্ৰা বাঢ়িবলৈ ধৰিলে। সেইদৰে ৰঞ্জন আৰু কৃত্তিকাৰ মাজত থকা বন্ধুত্বও ক্ৰমাৎ বাঢ়ি আহিল। দুয়োটাৰে খুট-খাট কাজিয়াবোৰ, পাগলামি বোৰ দিনে দিনে বাঢ়িহে আহিল। মুঠতে আমাৰ চাৰিওটাৰ বন্ধুত্বৰ ভেটিটো আগতকৈ বেছি মজবুত হৈ আহিল। কিন্তু সেই অনুপাতে ৰাগিনীৰ প্ৰতি থকা মোৰ অনুভৱ বোৰ আগতকৈ গাঢ় হৈ আহিল। দিনে-নিশাই কেৱল তাইৰ কথাই মনটোত আমনি কৰি থাকে। যিমানেই দিনবোৰ বাগৰি গৈছে, তাইৰ চিন্তাই মনটোক বেছিকৈহে হেঁচা মাৰি ধৰিছে।

: ঐ দাদা উঠ। মায়ে উঠিব কৈছে সোনকালে। এফালে যাব লাগিব আজি।

  • ভন্টিৰ মাতত সাৰ পালোঁ। বিছনা খনতে বহি তাইৰ ফালে চালোঁ।
    : ক’ত যোৱাৰ কথা কৈছ?
    : আজি আমি সকলো নামঘৰলৈ যাম।
    : নামঘৰলৈ মানে?
    : হেৰৌ, ভাদ মাহ সোমালে বুলি নাজান নেকি? সেয়েহে আজি সকলোৱে “ঢেকিয়াখোৱা বৰনামঘৰ”লৈ যোৱাৰ programme কৰিছে।
    : এহ মজা তেন্তে।
    : হয়, গতিকে সোনকালে গা ধুই আহগৈ যা। ৯ বজাত যামেই আমি। ভাদ মাহ নহয়, বহুত ভিৰ হ’ব।
    : Ok, darling.
    : darling বুলি girlfriend ক ক’বি যা। পিছে আজি extra কৈ চাকি এগছি জ্বলাই থৈ আহিবা।
    : কিয় বা?
    : তোমাৰ হেৰিৰ কাৰণে আকৌ।
    : কোন হেৰি, ক’ৰ হেৰি?
    : ধেৎ এইটো, গাধটো ক’ৰবাৰ। বুজিকে নাপাই একো। মই তোৰ হ’বলগীয়া মানুহজনীৰ কথা কৈছোঁ।
    : কাম নাই আৰু মোৰ?
    : কি ঠিক। ভগৱানে কিজানিবা আজি তোৰ মনৰ কথা শুনেই। কিবা চমৎকাৰ কৰি যদি আজি তোক তোৰ life partner ৰ লগত মিলাই দিয়েই।
    : ঐ হ’ব নেকি আজিলৈ। তোৰ এই ফকটীয়া কথাবোৰ শুনি থাকিবলৈ মোৰ ওচৰত একদমেই সময় নাই and I am not interested.

এইবুলি কৈ টাৱেল খন লৈ ৰুমৰ পৰা ওলাই আহিলোঁ।

: হে ভগৱান, তুমি বৰ বেয়া দেই। নিজেই ১৬০০ গোপীৰ লগত ৰাসলীলা কৰিলা, আমাৰ এইটোৰ জীৱনলৈহে কাকো নপঠালা।

  • নিজেই নিজেই তাই ৰুমটোৰ ভিতৰতে বলকি থাকিল।

প্ৰায় ৯ বাজিবৰেই হ’ল আৰু। শৰাইৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু গাড়ীৰ দিকিত ভৰাই দিছোঁ। দেউতাই ইতিমধ্যে গাড়ী start দিলেই। মায়ে লৰালৰিকৈ ঘৰৰ দুৱাৰ বোৰত তলা লগাইছে। গেৰেজ আৰু গেটত তলা লগোৱাৰ দায়িত্ব মোৰ। সকলোবোৰ তলা লগাই গাড়ীত বহিলোহি। মা দেউতাৰ লগত আগত বহিছে। ভন্টি আৰু মই পাছত। লগে লগে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। মোবাইল টো উলিয়াই গাড়ীৰ লগত connect কৰি লৈছোঁ। এইবাৰ জুবিন দাৰ সেই মৰম দিয়া মোক গানটো বজাই লৈছোঁ। গানটো বজাওতে ভন্টিয়ে এক আচৰিত দৃষ্টিৰে মোৰ ফালে চাইছিল। মই অলপো গুৰুত্ব নিদিলোঁ। মাথোঁ খিৰিকীৰে বাহিৰলৈ চাই গানটোৰ আমেজ লৈছোঁ। গানটো শুনাৰ লগে লগে দেহ মন শিয়ৰি আহিলেই নহয়। নুশুনাকৈও থাকিব নোৱাৰোঁ, শুনিলেও বিপদ। মুঠতে এক প্ৰকাৰ অশান্তি।

সময় ১০ বাজিছে। নামঘৰত আহি উপস্থিত হ’লোঁহি। ইতিমধ্যে মানুহৰ ভিৰ লাগিলেই। গাড়ী ৰখাবলৈ ঠাই নাই। চৌদিশৰ পৰা অগনন ভক্তৰ সমাগম ঘটিছে। দোকান পোহাৰ মানুহে উপচি পৰিছে। অকল ধূপ-চাকি, শৰাইৰ বস্তুৱেই নহয়, বেলুন, পুতলা, গাড়ী-মটৰ, ফুল, কাপোৰ কানি, খোৱা বস্তু এই সকলোবোৰেৰে দোকান ভৰি আছে। এনেকুৱা লাগিছে নামঘৰলৈ অহা নাই, যেন মেলা চাবলৈহে আহিছোঁ। আকৌ গাড়ী parking ৰ নামত পইচা আছেই। সৰু গাড়ীৰ বাবদ ৪০ টকা, ডাঙৰ গাড়ীৰ বাবদ ৬০ টকা। আধ্যাত্মিকতা কম, চৌদিশে কেৱল ব্যৱসায় আৰু ব্যৱসায়।

যেনে তেনে গাড়ীখন ৰাখিবলৈ ঠাই এডোখৰ পালোঁ। মই গাড়ীৰ পৰা শৰাইৰ বস্তুবোৰ নমালো। মা আৰু ভন্টিয়ে ধূপ চাকি কিনিছে। গোটেই কেইটা নামঘৰৰ ভিতৰলৈ সোমাই গ’লোঁ। শৰাইৰ বস্তুবোৰ জমা দি চাকি জ্বলাবলৈ গ’লোঁ। চাকি বন্তি জ্বলাই মাহঁত নামঘৰৰ ভিতৰত বহিছে। তেনেকুৱাতে ভন্টিয়ে মোক বাহিৰলৈ লগ ধৰিলে।
: মা আমি দুয়োটাই অলপ বজাৰখন ফুৰি আহোঁগৈ।
: যোৱা বাৰু। কিন্তু বেছি দেৰি নকৰিবা। সেৱা কৰিব লাগিব নহয়।
: ঠিক আছে। বেছি দেৰি নকৰোঁ বাৰু।

এইবুলি কৈ দুয়োটা নামঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ।

: ঐ চা চা। Chance তে ইয়াৰে কোনোবা এজনী বিচাৰি ল। ইয়াত সকলো available পাবি। বিচাৰি ল নিজৰ পচন্দ মতে।

  • তাই পাগলামি আৰম্ভ কৰি দিলে।
    : কাম নাই নেকি তোৰ? মনে মনে থাক। মানুহে কি বুলি ভাবিব।
    : হ’ব দে, তোৰ মোৰ কথা শুনিবলৈ মানুহবোৰ অহা নাই নহয়।

তেনেতে ৰঙা মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী পাৰ হৈ গ’ল। তাই চিঞৰি উঠিল-
: সৌজনী চা। ৰঙা গোলাপ।

একো নামাতিলোঁ। এইবাৰ তাই হালধীয়া মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী দেখিলে। আকৌ মাত লগালে তাই-
: ঐ ঐ , সৌজনী চা, গোটেইজনী পকা আম একেবাৰে।
: তোৰ মূৰটো। অলপ মনে মনে থাকিব নোৱাৰ নে?

এইবাৰ সেউজীয়া মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী দেখিলোঁ। ওঁঠত ৰঙা lipstick লগাই আহিছে। তাই কিবা কোৱাৰ আগতে মইয়েই তাইক ক’লোঁ-
: ঐ সেইজনী চা। গোটেইজনী ভাটৌ চৰাই একেবাৰে।
: বাঃ! দাদা তইও পাৰিছ দেই। মোৰ লগত থাকি থাকি তইও বনি গৈছ।

  • এইবুলি কৈ তাই খেতখেতাই হাঁহিবলৈ ধৰিলে। তাইৰ হাঁহি দেখি মইও হাঁহিত ৰব নোৱাৰা হ’লোঁ। এইবাৰ তাই দোকান এখনত সোমালে। যি তি বস্তুবোৰৰ দাম সুধিবলৈ লাগিলে। হঠাৎ দেখিলোঁ কাষেৰে পাৰ হৈ যোৱা ছোৱালী এজনীৰ গামোচাখন মোৰ ওচৰত পৰি গ’ল। গামোচাখন বুটলি লৈ ছোৱালীজনীক দিবলৈ বুলি পিছে পিছে খোজ ল’লোঁ।

: Hello, excuse me , hello শুনকচোন। আপোনাৰ গামোচা খন। মোৰ ওচৰত পৰি আহিছিল।

এইবাৰ ছোৱালীজনীয়ে পিছলৈ ঘূৰি চাইছে। কিন্তু কি আচৰিত, এইজনী ৰাগিনী দেখোন।

( আগলৈ)

#২২

: ৰাগিনী তুমি???

  • একপ্ৰকাৰ চিঞৰি উঠিলোঁ।
    : ৰনবীৰ তুমি???
  • তাইও আচৰিত হৈ চিঞৰি উঠিল।
    : তুমি ইয়াত কেনেকৈ?
  • দুয়োটাই একেলগে সুধি পেলালোঁ।
    : মই মা আৰু দেউতাৰ লগত আহিছোঁ।
  • ৰাগিনীয়ে ক’লে।
    : পিছে তুমি ইয়াত কেনেকৈ?
    : অহ, মইও মোৰ family ৰ লগত আহিছোঁ।
    : তুমি এবাৰো কোৱা নাছিলা যে ইয়ালৈ আহিম বুলি?
    : তুমিও তো কোৱা নাছিলা। আৰু মই ইয়ালৈ আহিম বুলি আজি ৰাতিপুৱা হে গম পাইছোঁ।
    : তুমি আহিবা বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ। আৰু মইও কালি পিছবেলা মায়ে কোৱাতহে গম পাইছোঁ। সেয়েহে তোমাক কোৱা নহ’ল।
    : বাৰু সেইবোৰ বাদ দিয়া। পিছে তুমি ঘৰলৈ কেতিয়া গ’লা?
    : কালি পিছবেলা। কলেজৰ পৰা অহাৰ পাছত দেউতাই লৈ আনিলেগৈ।
    : অহ। কেইদিনমান থাকিবা চাগৈ?
    : নাই নাই, আজি পিছবেলাই আকৌ PG লৈ যাম। কাইলৈৰ পৰা আকৌ কলেজ আছে নহয়। আজি দেওবাৰ বাবেহে বাচিলোঁ।

মনটো ভাল লাগি গ’ল। তাৰমানে কাইলৈ তাই কলেজলৈ যাব। ৰক্ষা তেন্তে। আজি পিছে তাইক আনদিনাতকৈও বেছি ধুনীয়া লাগিছে। মেখেলা চাদৰত তাইক বৰ ধুনীয়া লাগে। আধা সেউজীয়া, আধা হালধীয়া, মানে সম্পূৰ্ণ সেউজীয়াও নহয়, সম্পূৰ্ণ হালধীয়াও নহয়, তেনেকুৱা ৰঙৰ চাদৰ মেখেলা এযোৰ পিন্ধি আহিছে। ৰংটো ধৰিবই পৰা নাই ভালদৰে। তথাপিও ধুনীয়া লাগিছে তাইক। হেঁপাহ পলুৱাই চাইছোঁ তাইক আজি। মই তেনেদৰে চাই থকা দেখি তাই অলপ লাজ কৰা যেন লাগিছে। তেনেকুৱাতে পিঠিত ঢকা এটা পৰিল। ঘূৰি চাই দেখিলোঁ ভন্টি। ৰাগিনীক মোৰ লগত দেখি তাই পাগলামি আৰম্ভ কৰি দিলে।
: বাঃ! দাদা তই বেলেগ expert দেই। পুৰা 4G speed দেখোন। মই তোক এই মাত্ৰ চাবলৈ কৈছিলোঁ হে, তই কামটো কৰিয়েই পেলালি। একেবাৰে আধা পকা আধা কেঁচা ডঁহেচিয়া আমটোকে পালি। চাব্বাচ।

তেলেকা চকুৰে তাইলৈ চাই ক’লোঁ-
: মোৰ লগৰ হয়। অলপ মনে মনে থাক।
: কি কৱ???
: ৰাগিনী এইজনী মোৰ ভন্টি। আৰু পাগল এই মোৰ লগৰ। নাম ৰাগিনী।
: Hi

  • ৰাগিনীয়ে ক’লে।
    : Hello.
    : তোমাৰ নামটো কি?
    : মোৰ নাম ৰিত্তিকা বৰুৱা।
    : কোন class ত পঢ়া?
    : মই class 10 ত পঢ়োঁ।
    : ঠিকেই আছে দিয়া। ভালদৰে পঢ়িবা।
    : হি হি। ৰাগিনী বা তুমি সঁচাকৈ বৰ ধুনীয়া।
    : হাঃ হাঃ! Thank you.
    : মই যাওঁ দেই এতিয়া bye। তুমি দাদাৰ লগত কথা পাতা।
    : ঠিক আছে যোৱা।

তাই নামঘৰৰ ভিতৰলৈ যাবলৈ ওলাল। ৰাগিনীয়ে নুশুনাকৈ মনে মনে ক’লোঁ তাইক-
: য’তে ত’তে যি তি ফেলফেলাই নিদিবি। মুখখনত অলপ লেকাম লগাবি।
: মইনো কি জানো, তোৰ যে লগৰ কোনোবা হয়। আন কাৰোবাৰ লগত কথা পাতি আছ বুলিহে।
: মোক কি তই বলিয়া কুকুৰে কামোৰা পাইছ নেকি, অচিনাকি ছোৱালীৰ লগত lecture মাৰি থাকিবলৈ। আৰু তই জান কি নো? যা এতিয়া। পাৰিলে দোকান এখন খুলি ল ইয়াতে। তাৰ পিছত বিকি থাকিবি তোৰ সেই পকা আম, কেঁচা আম।
: হ’ব দে। হুহ বেছি অলপ।

এইবুলি কৈ তাই আমাৰ ওচৰৰ পৰা আতঁৰি গ’ল।
: তাই কি আমৰ কথা কৈ আছিল? আৰু কাক চোৱাৰ কথা কৈছিল?
: বাদ দিয়া এইবোৰ। পাগলীজনীৰ কথা কি নো। কলেজত ক’ম দিয়া কেতিয়াবা।
: ঠিক আছে।
: ৰাগিনী ….
: হুম।
: If you don’t mind, can I click a selfie with you?
: Oh sure, why not??

দুয়োটাই সেইডোখৰ ঠাইতে selfie এখন ল’লোঁ।
: ৰাগিনী….
: কোৱা।
: ব’লা মোৰ মাৰ লগত চিনাকি কৰাই দিম।
: এতিয়াই?
: অ, একো নহয় ব’লা।
: ঠিক আছে ব’লা।

দুয়োটা নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আজি তাইক লক্ষ্য কৰিছোঁ মোলৈ যেন তাই অলপ লাজ কৰি আছে।
: কি হ’ল ৰাগিনী? কিবা লাজ কৰি থকা দি আছা যে?
: তোমাক দেখি লাজ লাগিছে।
: মোক কি জকৰ টোৰ নিচিনা লাগিছে নেকি?
: নহয়। নাই লগা।
: আকৌ তেন্তে??
: ধূতি, পাঞ্জাবী আৰু গামোচা খনৰে সৈতে তোমাক আজি দৰাটোৰ নিচিনা লাগিছে।
: তাৰমানে বেয়া দেখিছা??
: মইনো ক’ত বেয়া লাগিছে বুলি ক’লোঁ। আজি তোমাক দেখাত দৰাৰ নিচিনা লাগিছে। কিন্তু ধুনীয়া লাগিছে।

কথাখিনি পাতি থাকোঁতেই মাৰ ওচৰ পালোঁহি।
: মা, এয়া মোৰ লগৰ ৰাগিনী।
: নমস্কাৰ বৰমা।
: নমস্কাৰ।

  • হাঁহি এটা মাৰি মায়ে উত্তৰ দিলে।
    : তুমিয়েই ৰাগিনী ন। ইয়াৰ মুখত তোমাৰ কথা শুনিয়েই থাকোঁ।
    : অহ। পিছে আপোনালোক ভালে আছে নহয়?
    : ওম, আমাৰ ভালেই। তোমাৰ ভাল?
    : ভাল বৰমা।
    : কাৰ লগত আহিছা ইয়ালৈ?
    : মাক-দেউতা আৰু মই। আমি পিছে যাবলৈ ওলালোঁ। প্ৰসাদ দিয়ালৈ নৰওঁ। মানে পিছবেলা কৈ মই PG লৈ যাব লাগিব।
    : তুমি PG ত থাকা তেন্তে।
    : হয় বৰমা।
    : ভালেই দিয়া। কেতিয়াবা আমাৰ ঘৰলৈ যাবা ৰনবীৰৰ লগত।
    : ( মইতো একেবাৰে মোৰ লগত নিব বিচাৰোঁ।)
  • মনতে ভাৱিলোঁ। ধেৎ কি ভাৱিছোঁ মই এইবোৰ। মই ইমান দুষ্ট কেতিয়াৰ পৰা হ’লোঁ।

: ঠিক আছে বাৰু। মই এতিয়া যাওঁ বৰমা।
: ওম, যোৱা। ভাল লাগিল তোমাক লগ পাই।
: ধন্যবাদ। ৰিত্তিকা bye. ৰনবীৰ যাওঁ।
: ব’লা মই গাড়ীৰ ওচৰত থৈ আহোঁগৈ। মা মই ৰাগিনীক গাড়ীৰ ওচৰলৈকে আগবঢ়াই দিওঁ।
: ওম যোৱা।

দুয়োটা নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। গাড়ীৰ ওচৰত ৰাগিনীৰ মাক-দেউতাক ৰৈ আছে। তাই চিনাকি কৰাই দিলে।
: মা- দেউতা। এয়া ৰনবীৰ। মোৰ লগৰ।
: নমস্কাৰ খুড়া, নমস্কাৰ খুড়ী।
: নমস্কাৰ।

  • হাঁহি মুখেৰেই দুয়োজনে উত্তৰ দিলে।
    : নামঘৰলৈ আহিলা।
    : হয় খুড়া।
    : আমাৰ এই আকৌ মোক ফোনত তোমাৰ কথা কৈয়েই থাকে।
  • ৰাগিনীৰ মাকে ক’লে। মই তাইৰ ফালে চালোঁ। লাজতে তলমূৱা কৰি দিলে।
    : কেতিয়াবা শিৱসাগৰ গ’লে আমাৰ তাত সোমাবা।
    : ঠিক আছে খুড়ী। কেতিয়াবা গ’লে সোমাম বাৰু।
    : আমি পিছে যাবলৈ ওলালোঁ বুজিছা।
    : হয় খুড়া। ৰাগিনীয়ে কৈছে।
    : ঠিক আছে তেন্তে। আমি যাওঁ। আগলৈ লগ পাম বাৰু।
    : নিশ্চয় খুড়া।
    : ৰনবীৰ bye.
    : bye.

এইবুলি কৈ তাই গাড়ীত বহিলেগৈ।

: ৰনবীৰ আমি আহিছোঁ তেন্তে।

  • মাক-দেউতাক দুয়োজনে একেলগ ক’লে।
    : ওমম, যাব।

তাই গ’লগৈ। যাওঁতে বহুত সময় ধৰি পিছলৈ ঘূৰি চাই গৈছিল। মইও সেইডোখৰতে ৰৈ গাড়ীখন চকুৰ আতঁৰ নোহোৱালৈকে তাইৰ ফালে চাই আছোঁ। গাড়ীখন নেদেখা হ’লোঁ। মইও নামঘৰৰ ভিতৰলৈ সোমাই গ’লোঁ। তেনেতে মোবাইল ত message এটা সোমালে। দেখিলোঁ ৰাগিনীৰ message।
: তোমাৰ মা আৰু ভন্টিক লগ পাই বহুত ভাল লাগিল।
: তোমাৰ মাক-দেউতাক লগ পাইও বহুত ভাল লাগিল। দুয়োজনেই বৰ সহজ সৰল মানুহ।

  • মইও তৎক্ষণাৎ উত্তৰ দিলোঁ।

( আগলৈ)

#২৩

নামঘৰৰ পৰা আহি ঘৰ পাওঁতে প্ৰায় ৪:৩০ বাজিল। দিনটোৰ দৌৰাদৌৰিত ভাগৰো লাগিছে। হাত মুখ ধুই আহি বিছনা খনতে বাগৰ মাৰিছোঁ। টোপনি আহিছে যদিও শোব পৰা নাই। বাৰে বাৰে ৰাগিনীৰ চেহেৰাটো মনলৈ আহি আছে। তাইৰ সেই ধুনীয়া চেহেৰাটো, মিঠাকৈ সেই হাঁহিটো, ধিৰস্থিৰ খোজ কাটল সকলোবোৰে মনটোত আমনি কৰি আছে। তাই যেন মোৰ প্ৰত্যেকটো উশাহত প্ৰেমৰ মন মতলীয়া সুবাস বিয়পাই দিছে। এইবোৰ ভাৱি থাকোঁতে কেতিয়ানো টোপনি গ’লোঁ গমকে নাপালোঁ।

ৰাতিপুৱা অলপ দেৰিকৈ শুই উঠিছোঁ। কাৰণ ১০ বজাৰ পৰাহে class আছে। গতিকে আজি অলপ লাহে ধীৰে গ’লেও হ’ব। সেই সময়ত চিপচিপকৈ বৰষুণ এজাক দি আছে। তেনেকুৱাতে ৰুমটোলৈ দেউতা সোমাই আহিল।
: আজি তোৰ কলেজ কেই বজাৰ পৰা আছে?
: ১০ বজাৰ পৰা।
: বৰষুণ দি আছে নহয়, মোৰ লগতে যাব পাৰিবি। মই এনেও আজি ১০ বজাতহে অফিচলৈ যাম।
: ঠিক আছে বাৰু।

দেউতাৰ লগত কলেজলৈ আহি আছোঁ। বৰষুণ জাক কমাৰ নামেই লোৱা নাই। গিৰগিৰকৈ তেতিয়াও দিয়ে আছে। আহি আহি কলেজ পালোঁহি।
: তোৰ class কেইটা লৈকে আছে?
: ৩ বজাত শেষ হ’ব আজি। পিছবেলাকৈ এটা কাম কৰিবা। ৰাজু দাদাৰ হাতত পুৰণা গাড়ী খন দি পঠিয়াই দিবা।
: ঠিক আছে। এইটো ল, কিবা এটা খাই ল’বি।

এইবুলি কৈ তেওঁ মোৰ হাতত ২০০ টকা এটা দিলে। মইও কলেজৰ ভিতৰলৈ সোমাই গ’লোঁ। যিমান পাৰোঁ সিমান খৰকৈ ৰুমলৈ গৈছোঁ। বৰষুণ জাক বাঢ়ি আহিছে। Class পাওঁ মানে তিতি বুৰি অৱস্থা নাইকীয়া হ’লোঁ। Shirt পিন্ধা নিপিন্ধা একেই হৈ পৰিল। Class ৰুমৰ ভিতৰলৈ সোমাই গ’লোঁ। সেইটো অৱস্থাত সকলোৱে মোক বৰ অদ্ভুত চাউনীৰে চাইছে। ৰাগিনীয়েও আজি চাই আছে। আজি যেন তাইৰ চাউনীতো অলপ বেলেগ। বুজি নাপালোঁ সেই ছাউনীৰ আঁৰৰ ৰহস্য কি। মই হাঁহি এটা মাৰি নিজৰ বেন্সত বহিলোঁ। তাই তেতিয়াও চাইয়েই আছে। আজি যেন মোৰ পৰা দৃষ্টি আঁতৰাব খোজা নাই। মই চকুৰে ইংগিত দি আগলৈ চাবলৈ ক’লোঁ। তেতিয়াহে তাই আগলৈ ঘূৰিছে।

প্ৰথম class টো তেনেদৰেই পাৰ হৈ গ’ল। বাহিৰৰ বাৰান্দালৈ ওলাই আহিছোঁ। ৰুমাল খনেৰেই গা টোৰ পানীবোৰ টোকিছোঁ। তেনেতে ছোৱালী এজনী ওচৰলৈ আহিছে। চিনি নাপাওঁ কিন্তু। ওচৰ পায়েই চিধাই মাত লগাইছে।
: Hello, ৰনবীৰ। মই গৰিমা।
: Ohh hi.
: Actually তোমাক কথা এটা ক’বলৈ আছে।
: Oh sure, কোৱা।
: মানে কেনেকৈ আৰম্ভ কৰিলে ভাল হ’ব একো ভাৱি পোৱা নাই।
: হে হে, একো নাই কৈ যোৱা।
: মানে সেই ছোৱালী জনী যে দেখিছা, তাই মোৰ লগৰ। Physics ত major। তাইৰ নাম অনামিকা। তাই তোমাক like কৰে। সেইটোকে ক’বলৈ মই আহিছিলোঁ।
: হয় নেকি? পিছে তাই like কৰে আৰু ক’বলৈ আহিছা তুমি। তাই নিজেই ক’ব নোৱাৰে নেকি?
: মানে তাই তোমালৈ অলপ ভয় কৰে। যাৰে তাৰে লগত বৰকৈ কথা নাপাতা যে।

  • কথাষাৰ কৈয়েই তাই চকুৰ ইংগিতেৰে অনামিকাক ওচৰলৈ মাতি পঠালে। লগে লগে তাই ওচৰলৈ আহিল।
    : hi ৰনবীৰ।
    : hi. তেন্তে তুমি অনামিকা। তোমাৰ লগৰ গৰাকীয়ে কৈছে তুমি বোলে মোক like নে কি কৰিছা।
  • কথাষাৰ শেষ কৰিব পালোঁহে , তাই তপৰাই উত্তৰ দিলে।
    : ওম, ঠিকেই কৈছে তাই। মই তোমাক বহুত ভাল পাওঁ ৰনবীৰ। মই সদায় তোমাৰ লগত থাকিব নোৱাৰোঁ। তুমি নহ’লে মই জীয়াই থাকিব নোৱাৰিম।

কথা কেইষাৰ শুনি মনতে ভাৱিলোঁ, বেচ drama queen এজনী ওলাইছে। কথা শুনা তাইৰ, মই নহ’লে তাই জীয়াই থাকিব নোৱাৰে। অতদিনে ক’ত আছিল হে তাই। যেনেকুৱাকে কৈছে যেন মোক দেখাৰ পিছতহে তাই জীয়াই উঠিছে। ক’ৰবাত মৰি আছিল নেকি তাই আগৰ সময়খিনিত ? কি যে ৰকম ৰকম প্ৰাণী থাকে নহয় এই পৃথিৱীত।

: লাভ নাই বুজিছা। মোৰ লগত প্ৰেম কৰিবা, কান্দি মৰিবা। আৰু মোৰ কাৰণে মৰিব নালাগে বাৰু। বেলেগ এজন বিচাৰি লোৱা দেই মৰিবলৈ।
: তুমি কিয় তেনেকৈ কৈছা ৰনবীৰ। ভালপোৱা বহুত পৱিত্ৰ বস্তু। দুখন হৃদয়ৰ মিলন এই ভালপোৱা।

বাপৰে কিছু filmy dialogue মাৰিব পাৰে কিন্তু দেই এইগৰাকীয়ে। এওঁ ভূলক্ৰমেহে ইয়াত admission পালে। এইগৰাকী মুম্বাইত থাকিব লাগিছিল। তাত হিন্দী ছিৰিয়েলত scipt লিখিব পাৰিলেহেঁতেন।

: অহ হয় নেকি? কি ক’লা দুখন হৃদয়ৰ মিলন। So sorry তেন্তে। মোৰ ওচৰত হৃদয় বোলা বস্তুটোৱেই নাই নহয়।
: মানে?
: মানে মোৰ হৃদয় খন কোনোবাই চুৰি কৰি লৈ গ’ল। চোৰটোক বিচাৰি আছোঁ, কিন্তু পোৱা নাই।

  • কথাখিনি কওঁতে ৰাগিনীৰ ফালে চাই ক’লোঁ। তাই আমাৰ কথাবোৰ শুনি আছিল। মোৰ কথাত তাই আচৰিত হৈ গ’ল।
    : গতিকে তোমালোক যাব পাৰা। By the way, friends from today.

এইবুলি কোৱাত অনামিকা আৰু গৰিমা দুয়োজনী ওচৰৰ পৰা আতঁৰি গ’ল। মইও পিছৰ class টোৰ বাবে ৰুমত সোমালোঁ।

দিনটোৰ class বোৰ শেষ হ’ল। ঘৰলৈ যাবলৈ ওলাইছোঁ। গেটখনৰ সন্মুখত ৰৈ আছোঁ। ৰাগিনী তেনেকুৱাতে ওচৰলৈ আহিল।
: আজি বাইক নাই অনা?
: নাই। আজি দেউতাই থৈ গৈছিল।
: অও। পিছে এতিয়া কিহত যাবা?
: ড্ৰাইভাৰ জন আহিব নিবলৈ। তোমালোক দুয়োজনীও গাড়ীতে যাব পাৰিবা। PG ত নমাই থৈ যাম।
: নাই নালাগে। মানে আমাৰ অলপ বজাৰ কৰিব আছে। গতিকে দোকানত সোমাই যাম যাওঁতে।
: ঠিক আছে তেন্তে।
: ৰনবীৰ… কথা এটা কওঁ?
: ওম, কোৱা আকৌ।
: তুমি এনেকৈ নাহিবাচোন।
: এনেকৈ মানে কেনেকৈ?
: মই বৰষুণত তিতি বুৰি অহাৰ কথা কৈছোঁ।
: কিন্তু কিয়?
: মই বেয়া পাওঁ।
: ঠিক আছে তেন্তে। আজিৰ পৰা বৰষুণ দিলে তুমি গেটৰ ওচৰত মোলৈ ৰৈ দিবা। মই তোমাৰ ছাতিৰ তলত সোমাই আহিম।

  • একো নামাতিলে তাই। মাথোঁ হাঁহিলে লাজতে।
    : ৰনবীৰ।
    : কৈ যোৱা।
    : অথনি তুমি ছোৱালীজনীৰ proposal accept নকৰিলা কিয়?
    : মন নাযায় মোৰ এইবোৰ।
    : ছোৱালীজনী কিন্তু বেয়া নাছিল।
    : মইনো ক’ত কৈছোঁ বেয়া বুলি। পৃথিৱীত সকলো মানুহেই ধুনীয়া। কিন্তু সকলোৱে তো সকলোকে ধুনীয়া দেখিব নোৱাৰে। পৃথিৱীত সকলোৰে কাৰণে এজন এজন উপযুক্ত সংগী থাকে। সেই উপযুক্ত সংগী জনেহে নিৰ্দিষ্ট এজনৰ সৌন্দৰ্য্য উপলব্ধি কৰিব পাৰে। আৰু সেই ছোৱালী জনীৰ প্ৰতি মোৰ কোনো আসক্তিয়ে নাই। গতিকে মোৰ পিছত তাই এনেকৈ পৰি থকাতো মই নিবিচাৰোঁ। তাইৰ বাবে বেলেগ কোনোবা উপযুক্ত সংগী আছে নহয়।
    : তথাপিও ছোৱালীজনী ভাল আছিল।
    : তোমাতকৈ তো নহয়।
  • বৰ আচৰিত হৈ তাই মোলৈ চালে। তেনেকুৱাতে মোৰ গাড়ীখন পালেহি। মই ঘূৰাই আনিবলৈ ক’লোঁ। ৰাগিনীয়ে মোক আকৌ সুধিলে।
    : মানে? কি কৈছা তুমি?
    : মানে কি ক’ম আৰু, উপায় নাই। তোমাৰ বাহিৰে কাকো ভাল নেদেখোঁৱে দেখোন। আচলতে যিদিনাৰ পৰা তোমাক লগ পালোঁ, সেইদিনাৰ পৰা তুমি কাকো ভাল দেখিবলৈ নিদিয়াই হলা নহয়।

কথাখিনি কৈ তাইলৈ হাঁহি এটা মাৰি গাড়ীত বহিলোঁ। গাড়ীৰ ভিতৰৰ পৰাই তাইক bye এটা দি গুচি আহিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ, তাই তেতিয়াও সেইখিনিতে ব্ৰজ্বপাত পৰা জনীৰ দৰে গাড়ীখনৰ ফালে চাই ৰৈ আছে। তাইক দেখি এনেকুৱা লাগিছে যেন ৪৪০ ভল্টৰ কাৰেন্টৰ চক হে খাইছে। গোটেই জনী সেইখিনিতে থদৰা হৈ ৰৈ থাকিল। হয়তো মোৰ কথাৰ effect ঘটিল চাগৈ।

( আগলৈ)

#২৪

ৰাতি ১১ বাজিছে। ভাত পানী খাই সকলো শুবলৈ গৈছে। মইও নিজৰ ৰুমতে পঢ়ি আছোঁ। হঠাৎ অথনি ৰাগিনীক কোৱা কথাটো মনত পৰিলে। অথনি মই কোৱা কথাটোত কি বা ভাৱিছে তাই। কেনেদৰে বা লৈছে কথাটো। মনটো কিবা এটা খেলিমেলি লাগি গৈছে। Message এটাকে দি সুধা যাওক।

মোবাইল টো উলিয়াই তাইলৈ Message এটা লিখিলোঁ।
: কি কৰিছা?

কি আচৰিত, immediate reply, বাঃ।
: একো নাই কৰা। এনেই কৃত্তিকাৰ লগতে কথা পাতি আছিলোঁ। পিছে তুমি কি কৰিছা?
: মই এইমাত্ৰ ভাত খাই উঠিছোঁ।
: এতিয়া শোৱাই নেকি?
: নাই , অলপ সময় থাকিম। পিছে তুমি মোক কথা এটা কোৱাচোন।
: কি?
: অথনি গোটেই জনী কাৰেন্টৰ চক খোৱা ৰকম থৰ হৈ গ’লা যে? কথাটো কি?
: তুমি নিজেই হে।
: মই নিজেই হে মানে?
: মানে তুমি কেতিয়াবা এনেকুৱা কিছুমান কথা কৈ দিয়া, মই বুজিকে নাপাওঁ।
: অও সেইটো কথা।
: ওমম। ৰনবীৰ মোৰ কথা এটা সুধিব আছে।
: ওম সুধা।
: বেয়া পাবা নেকি?
: নাই নাপাওঁ। সুধা।
: ঠিক আছে।
: Ok.
: ৰনবীৰ তোমাৰ কেনেকুৱা ছোৱালী ভাল লাগে? মানে কেনেকুৱা ছোৱালী তুমি life partner হিচাপে বিচাৰা?

  • কি প্ৰশ্ন কৰিছে তাই। চক খাই যোৱাদি গ’লোঁ। অথনি মই দিয়া চক টো মোকে ওলোটাই দিয়া যেন লাগিছে।

: কি হ’ল ৰনবীৰ? একো নক’লা যে? বেয়া পালা নেকি?
: নাই পোৱা ৰ’বা। ভাৱিবলৈ তো দিয়া কি ক’ম।
: Ok, ভাৱা ভাৱা।
: শুনা।
: কৈ যোৱা।
: মই আচলতে আনৰ নিচিনা নহয়। এনেকুৱা ক্ষেত্ৰত মোৰ ধাৰণাবোৰ অলপ বেলেগ। মানে মই এনেকুৱা ছোৱালী মোৰ life partner হিচাপে বিচাৰোঁ, যি মোৰ মা-দেউতাক নিজৰ পিতৃ মাতৃৰ দৰে সন্মান কৰিব। সেই ছোৱালীজনীয়ে মোক ভালপোৱাতকৈও মোৰ মা-দেউতাক সন্মান কৰাটোহে মই বেছিকৈ বিচাৰোঁ। কাৰণ মই মোৰ মাক-দেউতাক ভালদৰে জানোঁ, যি মোৰ life partner হ’ব, মা-দেউতাই সেই ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব। সিমানখিনি বিশ্বাস অন্ততঃ মোৰ মা-দেউতাৰ ওপৰত আছে। কাৰণ তেখেতলোকৰো নিজৰ এজনী ছোৱালী আছে। সেয়েহে এজনী ছোৱালীৰ সুখ-দুখ সকলোবোৰ তেখেতলোকে বুজি পায়। আৰু মোৰ ওপৰত ও সেই ছোৱালীজনীয়ে সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে। কাৰণ মই তাইক কেতিয়াও কোনো কথাতে অসুবিধা পাবলৈ নিদিওঁ। আচলতে কি জানা ৰাগিনী, নিজৰ মা-দেউতা আৰু life partner ৰ মাজত কেতিয়াও তুলনা কৰিবই নালাগে। আৰু ইয়াত তুলনাৰ কথা নাহেই। কাক বেছি সময় দিব লাগে, কোন বেছি important, এই সকলোবোৰ অদৰকাৰী প্ৰশ্ন। এই পৃথিৱীত সকলোৰে জীৱনত যিদৰে নিজৰ মা-দেউতাৰ এটা নিজস্ব স্থান আছে, ঠিক তেনেদৰে নিজৰ জীৱন সংগীৰো এটা নিৰ্দিষ্ট স্থান আছে। সকলোকে নিজৰ স্থানত ৰাখি সকলোৰে প্ৰতি থকা দায়িত্ব বোৰ পালন কৰি যোৱাটোহে আচল কথা। আৰু মই জানোঁ, মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই এই সকলো দায়িত্ব সুন্দৰকৈ পালন কৰিব পাৰিম। কোনেও এই ক্ষেত্ৰত মোৰ ওপৰত আঙুলিয়াব নোৱাৰে। এতিয়া বুজিলা মই কেনেকুৱা ছোৱালী বিচাৰোঁ।
: ওম, বুজিলোঁ। কিন্তু মই তোমাক কি উত্তৰ দিওঁ একো ভাৱি পোৱা নাই। মানে তুমি ইমান গাঢ়ভাৱে কথাবোৰ ক’লা, ক’বলৈ একো শব্দই বিচাৰি পোৱা নাই। কিন্তু এটা কথা কওঁ ৰনবীৰ তোমাৰ চিন্তাধাৰা মানিবলগীয়া। সেইকাৰণে সকলোৱে কয় তুমি আনতকৈ বহুত বেলেগ। কৃত্তিকাই এনেই নকয়, যিয়ে তোমাক জীৱন সংগী হিচাপে পাব, she will be the luckiest one. আৰু মোৰ সেই ছোৱালী জনীক চাবলৈ বৰ মন গৈছে।
: হে হে, সেইবোৰ নাজানো বাৰু। মই মাত্ৰ মোৰ অনুভৱ বোৰহে তোমাৰ আগত প্ৰকাশ কৰিছোঁ। পিছে তুমি কোৱাচোন মোক তুমি কেনেকুৱা ল’ৰাক তোমাৰ জীৱন সংগী হিচাপে বিচাৰা?
: মইও সেই একেই বিচাৰোঁ জানা। মইও বিচাৰোঁ যে সেই ল’ৰাজনে মোৰ মা-দেউতাক নিজৰ মাক-দেউতাকৰ দৰে সন্মান কৰে। বিপদৰ সময়ত সহায় কৰে। আৰু মই এইটোও বিচাৰোঁ যে মোৰ কাৰণে সেই ল’ৰাজনে নিজৰ মাক-দেউতাকক একো কথা নুশুনায়। মোক পোৱাৰ পিছতো যেন ল’ৰাটোৱে নিজৰ মাক-দেউতাকৰ লগত একেই সম্পৰ্ক বজাই ৰাখে। তেখেতলোকৰ দায়িত্ব বোৰ যাতে নিয়াৰিকৈ পালন কৰে। সেইখিনিয়ে মই বিচাৰোঁ।
: ৰাগিনী, মইও তোমাক কি কওঁ, সঁচাকৈ একো ভাৱি পোৱা নাই। মই এটা কথাই কওঁ তুমি সঁচাকৈ বহুত ভাল।
: তেনেকৈ নক’বা পায়। মোতকৈ তুমি বেছি ভাল। বহুত গুণেই বেছি ভাল।
: বাৰু সেইবোৰ বাদ দিয়া। মোৰো তোমাৰ সেই সংগীজনক চাবলৈ মন গৈছে, actually I want to see who will be the lucky one.
: ৰনবীৰ, বহুত ৰাতি হ’ল। মই শোও। তুমিও শোৱা।
: ওম, শোৱা শোৱা।
: আজি তোমাৰ লগত কথাবোৰ পাতি ভাল লাগিল।
: মোৰো বহুত ভাল লাগিল। বাৰু শোৱা তেন্তে। Good night. Bye.
: Ok, good night, bye.

মোবাইল টো থৈ লাহেকৈ বিছনা খনত পৰি দিছোঁ। এবাৰ তাই কোৱা কথাবোৰ ভাৱিছোঁ। সঁচাকৈ বৰ ভাল ছোৱালী তাই। মই যেনেকুৱা life partner বিচাৰোঁ, সম্পূৰ্ণ তেনেকুৱাই তাই। কিন্তু তাই যেনেকুৱা life partner বিচাৰে, মই জানো তেনেকুৱা হয়? বা মই জানো তেনেকুৱা হ’ব পাৰিম? নাই নাজানোঁ। কিন্তু মই এইটোৱেই বিচাৰোঁ যে তাই বিচৰা ধৰণেই যাতে এগৰাকী জীৱন সংগী লাভ কৰে। আচলতে আজি তাই মোক যিখিনি কথা ক’লে, সেই কথাবোৰ শুনি তাইৰ প্ৰতি থকা মোৰ সন্মান আৰু বেছি বাঢ়ি গ’ল। নাজানো আগলৈ কি হয়। কিন্তু আজি সঁচাকৈ কিবা এটা ভাল লাগিছে।

( আগলৈ )

#২৫

ৰাতিপুৱা সেই একে সময়তে কলেজলৈ ওলাইছোঁ। আজিও চিপচিপকৈ বৰষুণ এজাক দি আছে। সয়েহে দেউতাৰ লগতে আহিছোঁ আজিও। গাড়ীখনৰ পৰা নামিব লৈছোঁহে বৰষুণ জাক বাঢ়িহে আহিছে। লৰালৰিকৈ গাড়ীৰ পৰা নামি কলেজৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তেনেকুৱাতে দেখিলোঁ ৰাগিনী আৰু কৃত্তিকা দুয়োজনী গৈ আছে। মই মনে মনে পিছফালৰ পৰা গৈ ৰাগিনীৰ ছাতিটোৰ তলত সোমালোঁ। চক খাই তাই কাষলৈ ঘূৰি চালে।
: অহ তুমিহে!
: হয় মইহে।
: মই ভয় খাই গৈছিলোঁ প্ৰথমতে।
: প্ৰথমতে কি ভূত বুলি ভাৱিছিলা নে কি?
: নহয়। হঠাৎ কোনোবাই ছাতিৰ তলত সোমাই দিলে ভয় খামেই দিয়াচোন।
: অও আচ্ছা।
: কিন্তু ৰনবীৰ আমি এনেকৈ যোৱাটো বৰ এটা ভাল হোৱা নাই নেকি?
: কিয়? বেয়া পাইছা?
: বেয়া পোৱা নাই। কিন্তু মানুহে কি ভাৱিব বাৰু?
: অও সেইটো কথা। মানুহে কি ভাৱিব সেইবোৰ মানুহৰ ওপৰত এৰি দিয়া। যদি মানুহে কি ভাৱে সেইটো আমিয়েই ভাৱোঁ, তেন্তে মানুহে কি ভাৱিব?

  • কথাষাৰ কোৱাৰ পিছত তাই মোৰ ফালে বৰ অদ্ভুত ধৰণেৰে চাই আছে।
    : কি হ’ল? বৰ বেলেগ কৈ চাই আছা দেখোন।
    : নহয়। মানে তোমাৰ কিছুমান কথা মই বুজি নাপাওঁ।
    আচলতে মই তোমাক আজিলৈকে ভালদৰে বুজিকে পোৱা নাই।
    : হে হে, মোৰ কি হৈছে মই নিজেই বুজি পোৱা নাই, তুমি কেনেকৈ বুজি পাবা।

এইবাৰ আকৌ তাই মোৰ ফালে চাইছে।
: ব’লা ব’লা। ইমানকৈ চাব নালাগে। মুখ লাগিব। আকৌ class লৈও দেৰি হ’ব।

এইবুলি কৈ দুয়োটা খৰখেদাকৈ ৰুমলৈ গ’লোঁ।

কলেজৰ পৰা ঘৰ আহি পাওঁতে প্ৰায় ৫ বাজিল। ইফালে আজি practical ও আছিল। সেয়েহে দিনটোৰ ভাগৰে জোগৰে একেবাৰে অতিষ্ঠ কৰি পেলাইছে। পাতলীয়াকৈ কিবা অলপ খাই শুইহে দিছোঁ। কাৰো লগত কথা পাতিবলৈ যেন শক্তি নাই।

প্ৰায় ৰাতি ৯:৩০ মান বজাতহে শুই উঠিছোঁ। শুই উঠিয়েই চিধাই পঢ়া টেবুলত বহিছোঁ। practical ৰ কাম অলপ আছিল বাবে লৰালৰিকৈ সেইবোৰ কৰি লৈছোঁ। ভাত পানী খাই বৈ ৰুমলৈ যাওঁ মানে প্ৰায় ১১:৩০ বাজিল। অলপ ৰাগিনীৰ লগত কথা পাতিবলৈ মন গৈছে। মোবাইল টো উলিয়াই লৈছোঁ। নাই আজি message নিদিওঁ, আজি direct call কৰোঁ। শোৱাৰ আগে আগে এবাৰ তাইৰ মাতটো শুনিবলৈ আজি বৰকৈ মন গৈছে দেখোন। ফোনটো লগালোঁ। এটা ধুনীয়া caller tune বাজি উঠিল-
” বুকুৰ উমেৰে হিয়াতে ৰৈ
মৰম দিয়া মোক,
চেঁচা চেঁচা পৰশে তেজতে বৈ
মৰম দিয়া মোক।
কলিজা ফালি সোমাই আহা ……….”

: হেল্ল’, কোৱা।
ফোনটো receive কৰি তাই ক’লে।
: ইমান সোনকালে ফোনটো কিয় receive কৰিলা?
: তাৰমানে তুমি বেয়া পাইছা?
: নাই পোৱা অ’। তুমি যিটো caller tune দি থৈছা, সেই গানটো মোৰ বহুত প্ৰিয়। সম্পূৰ্ণকৈ শুনিবই নাপালোঁ।
: অহ, সেইটো কথা। পিছে গানটো মোৰো বহুত প্ৰিয়। One of my favorite.
: Really!!!!!!
তাইৰ কথাত অলপ বেছিয়েই excited হ’লোঁ। ভাল লাগিল যে আমাৰ প্ৰিয় গানটো একে।
: তুমি এই গানটো কিয় ভাল পোৱা? মানে ভাল লগাৰ কাৰণটো কি? কাৰোবাৰ পৰা মৰম বিচাৰা নেকি ৰনবীৰ?
: নাজানো দেই মই সেইবোৰ। এনেই ভাল লাগে আৰু গানটো।
: বাৰু ৰনবীৰ কথা এটা কোৱাচোন।
: কি?
: তোমাৰ আজিলৈকে কোনো ছোৱালীকে ভাল লগা নাই নে?

কি সুধিলে তাই এইবোৰ। চক খাই যোৱাদি গ’লোঁ। বহি থকা চকীখনৰ পৰা সৰি পৰিব লৈছিলোঁ। মাজে মাজে এই বৰ ডাঙৰ ঝটকা দিয়ে দেই।

: কি হ’ল ৰনবীৰ? একো নক’লা যে।
: নাই কাকো ভাল লগা নাই আজিলৈকে। মানে তেনেকুৱা কাকো বিচাৰিয়েই পোৱা নাই। মানে কাৰোলৈ সেই অনুভৱ টো অহাই নাই নহয়।
: অও হয় নেকি?
: Yeah, পিছে ৰাগিনী, মইও যদি তোমাক সেই একেটা প্ৰশ্নই কৰোঁ।
: মানে?
: মানে, তোমাৰ আজিলৈকে কাকো ভাল লগা নাই?
: নাই, মোৰ তেনেকুৱা একো হোৱা নাই। মানে এইবিলাক কৰিবলৈ মোৰ ভয় লাগে। আৰু তোমাৰ দৰে কাৰোৰে প্ৰতি মোৰ তেনেকুৱা অনুভৱ অহাই নাই।
: অও, ঠিকেই আছে দিয়া।
: বাৰু ৰনবীৰ bye. মোৰ কাম অলপ আছে।
: ওম bye, good night.
: Good night.

এইবুলি কৈ ফোনটো কাটিলোঁ। কিন্তু এয়া কি হৈছে মোৰ। এইমাত্ৰ তো তাইৰ লগত কথা পাতিলোঁ। তথাপি হেঁপাহ পলোৱা নাই কিয়? বাৰে বাৰে ৰাগিনীৰ কথাবোৰ মনলৈ আহি আছে। কিয় ভাৱিছোঁ মই ইমানকৈ তাইৰ কথাবোৰ? কেনেকুৱা অনুভৱ এয়া? দিনে দিনে অনুভৱ বোৰ যেন মোৰ বাবে অচিনাকি হৈ আহিছে। নিজকে নিজেই বুজাব পৰা নাই। আচলতে হৈছে কি মোৰ? কিয় ইমানকৈ মই তাইৰ কথাবোৰ ভাৱিছোঁ। কিয় বাৰে বাৰে তাইক দেখিলে মোৰ মনটোত এক আনন্দই বিৰাজ কৰে? কিয় তাই হাঁহিলে হাঁহিবলৈ মন যায়? কিয় তাই কান্দিলে দুখবোৰ গাত পাতি ল’বলৈ মন যায়? কিয় মোৰ চকুযোৰিয়ে অনবৰতে তাইকেই বিচাৰি ফুৰে? তাইৰ বাহিৰে কিয় মোৰ আন একো ভালেই নালাগে? আচলতে মই বিচাৰোঁ কি? প্ৰকৃততে মোৰ মনটোৱে কি বিচাৰি আছে? আজি তাই মোক বহুত প্ৰশ্ন কৰিছিল। কিয় তাইক মই খুলি ক’ব নোৱাৰিলোঁ যে মোৰ একমাত্ৰ তাইকেই ভাল লাগিছে? কিয় মই বুজাই দিব নোৱাৰিলোঁ মই কি বিচাৰোঁ? আচলতে বুজাও কেনেকৈ? মই দেখোন নিজেই একো বুজি পোৱা নাই। মাত্ৰ দিনক দিনে অনুভৱ বোৰহে বাহি গৈছে,অথচ তাৰ কাৰণ মই জানিব পৰা নাই। কাক কওঁ মই এইবোৰ কথা? কোনে মোৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিব? কোনে মোক এই অনুভৱ বোৰৰ কাৰণ বুজাব পাৰিব? মনটোত যেন এক ডাঙৰ অশান্তিৰ সৃষ্টি হৈছে। এক বুজাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ মই। লাহে লাহে বুকুখনো বিষাই আহিছে। কোনোবাই চেপা মাৰি ধৰাৰ নিচিনা লাগিছে। এনেকুৱা লাগিছে যেন মোৰ বুকুৰ মাজত থকা মৰমবোৰ এতিয়াই বুকু ফাটি ওলাই আহিব। এনে লাগিছে যেন মোৰ বুকুৰ মাজত থূপ খাই থকা মৰমবোৰ আজি কাৰোবাৰ ওপৰত সিঁচি দিম, সেই মৰমেৰে যেন কাৰোবাক উপচাই পেলাম। চিঞৰি চিঞৰি আজি ক’বৰ মন গৈছে, মোৰ বুকুৰ মাজত থকা মৰমবোৰ লৈ মোৰ বুকুখন শীতল কৰি দিয়া please, আৰু সেই মৰমৰ বিনিময়ত মোক একো নালাগে। মাথোঁ মোক এটাই বস্তু দিয়া। please অলপ
মৰম দিয়া মোক…….

( আগলৈ)

#২৬

ৰাতিপুৱা অলপ সোনকালেই সাৰ পালোঁ। ৰাতি ভালদৰে শুবই নোৱাৰিলোঁ। কালিৰ সেই অশান্তি শোপাই খাই মাৰিলে। সেয়েহে মনটোও যেন কিবা এটা ভাল লাগি থকা নাই। কলেজলৈ ওলাবলৈ হ’লেই। লৰালৰিকৈ দেউতাৰ ওচৰলৈ গৈছোঁ।
: দেউতা!
: কচোন।
: আজি গাড়ীখন লৈ যাওঁ বুলি ভাবিছোঁ। পুৰণা গাড়ীখনৰ চাবি টোকে দিয়াচোন।
: ঠিক আছে। সেই তাতে আছে। লৈ যা।

চাবিটো লৈ গাড়ীখন উলিয়াই কলেজলৈ ওলাই আহিলোঁ। আজি যেন মনটো কিবা এটা ভাল লাগি থকা নাই। হাঁহিবলৈও মন যোৱা নাই। কাৰো লগত কথা পাতিবও যেন মন নাই। আহি আহি কলেজৰ ৰাস্তাটোত সোমালোঁ। দেখিলোঁ ৰঞ্জনে খোজ কাঢ়ি গৈ আছে। তাৰ ওচৰ পাই গাড়ীখন ৰখালোঁ। আগৰ দুৱাৰখন খুলি দিলোঁ।
: উঠ।

সি গাড়ীত বহিলে।
: আজি বাইক নানিলি নেকি?
: নাই, এইখনকে লৈ আহিলোঁ। আচলতে দেউতাই নতুন খন নিয়ে যে, এইখন বৰকৈ চলোৱা নহয়। সেইকাৰণে আজি ময়েই লৈ আহিলোঁ।
: ভালেই কৰিলি দে।
: Yeah.
: পিছে আজি তোৰ কি হ’ল?
: কি হোৱা দেখিলি? একো তো হোৱা নাই।
: নহয় মনটো মাৰি থকাৰ দৰে লাগিছে আজি তোক।
: নাই ক’ত নো দেখিলি?
: নাই, তই তো মোক ফাঁকি নামাৰিবি। কিবা এটা টো নিশ্চয় হৈছে।
: তেনেকুৱা একো হোৱা নাই অ’।
: মই সেইবোৰ একো নাজানোঁ। তই মুঠতে কি হৈছে মোক ক?
: তইও বৰ কিবা অ’।
: মই বাৰু কিবায়েই। এতিয়া আচল কথাটো ক।
: তোক কেনেদৰে কওঁ বুজিকে পোৱা নাই। মানে কোনফালৰ পৰা আৰম্ভ কৰিলে ভাল হ’ব ভাৱিকে পোৱা নাই।
: হ’ব, যি ফালৰ পৰা ভাল লাগে সেইফালৰ পৰাই আৰম্ভ কৰ।
: শুন তেন্তে।
: বকি যা।
: ৰাগিনীয়ে মোক বৰ অশান্তি কৰিছে অ’।
: কি হ’ল? কিবা ক’লে নেকি তাই?
: নাই কোৱা অ’ একো। মই কৈছিলোঁ নহয়, তই বুজি নাপাবি বুলি।
: আৰে বুজালেহে বুজি পাম। অকল অশান্তি কৰি আছে বুলি ক’লে কি বুজি পাম।
: মানে ৰাগিনীৰ প্ৰতি মোৰ বৰ বেলেগ অনুভৱ এটা জাগি উঠিছে। আচলতে মই নিজেই নাজানো কি হৈছে মোৰ লগত। তাইক দেখাৰ লগে লগে মই যেন ক’ৰবাত নিজকে হেৰুৱাই পেলাওঁ। বাৰে বাৰে মন মগজুৱে কেৱল তাইৰ কথাকে ভাৱি থাকে। তাইক সুখী হোৱা দেখিলে মোৰ মনতো এক আচৰিত সুখে বিৰাজ কৰে। তাইক নেদেখিলে বুকুখন কিবা বিষ এটাই চেঁপা মাৰি ধৰে। কিয় হৈছে, কি হৈছে, মই এইবোৰ একো বুজি পোৱা নাই অ’।

  • মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে।
    : মই ইয়াত চিন্তাত মৰিছোঁ। আৰু তই হাঁহিবলৈ আহিছ। মই জানিছিলোঁয়ে তই বুজি নাপাবি বুলি। সেইকাৰণে কৈছিলোঁ তোক নকওঁ বুলি। হাঁহি থাক এতিয়া।
    : নহয় অ’। তোৰ কথাবোৰত হঁহা নাই মই। তোৰ ওপৰতহে হাঁহি উঠিছে।
    : মোৰ ওপৰত হাঁহিবলৈ কি হ’ল আকৌ?
    : অকৰা টো ক’ৰবাৰ। You are in love with Ragini. বেটা প্ৰমত পৰিল, ইফালে নিজেই গম পোৱা নাই।
    : হেহ মোৰ তেনেকুৱা একো হোৱা নাই। নাই নাই মোৰ প্ৰেম হ’বই নোৱাৰে।
    : কাক ফাঁকি দিবলৈ আহিছা তুমি? তই যিবোৰ অনুভৱ কৰিছ, ইয়াকে প্ৰেম বুলি কয় মূৰ্খ। আৰু এয়া এলা পেচা প্ৰেম নহয়। That’s call the true love. তই যিবোৰ অনুভৱ কৰিছ, সেইবোৰ সকলোৱে অনুভৱ কৰিব নোৱাৰে। সকলোৰে সেই সৌভাগ্য নাথাকে। তোৰ এই অনুভৱ বোৰতে ৰাগিনীৰ প্ৰতি থকা তোৰ মৰমবোৰ লুকাই আছে।
    : নাই নাই, তেনেকুৱা একো হোৱা নাই।
    : তই বুজিও নুবুজাৰ ভাও ধৰিছ কিয়? আৰু এইবোৰ কথা যিমানেই লুকুৱাবলৈ চাবি, সিমানেই কষ্ট পাবি। আৰু এয়া তোৰ জীৱনৰ প্ৰথম অনুভৱ। গতিকে ৰাগিনীক কথাবোৰ কৈ দে।
    : নাই নাই নকওঁ। কোনো দৰকাৰ নাই।
    : বৰ অবুজ অ’ তই।

কলেজৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। গাড়ীখন parking ত ৰখালোঁ।
: নাম নাম, class লৈ দেৰি হৈছে।
: কথাবোৰ এবাৰ ভাৱি চা ৰনবীৰ। তই ৰাগিনীক ভাল পাই পেলাইছ, কিন্তু তই এই প্ৰেমকে চিনি পোৱা নাই। আৰু এই চিনিব নোৱাৰাটোৱেই হৈছে সঁচা প্ৰেম।
: হ’ল তোৰ lecture. ব’ল এতিয়া class লৈ।

এইবুলি কৈ মই class ৰ ভিতৰলৈ সোমাই গ’লোঁ। সি পিছফালৰ পৰাই চিঞৰি উঠিল।
: মোৰ কথাবোৰ এবাৰ ভাৱি চা। ৰাগিনীক কৈ দে কথাবোৰ।

class ৰ ভিতৰত ৰাগিনী আৰু কৃত্তিকা প্ৰথম বেন্সতে বহি আছে। অলপ বেকামূৰীয়া কৈ হাঁহি এটা মাৰি নিজৰ বেন্সত বহিলোঁ। ৰঞ্জনো মোৰ কাষতে বহিলেহি। আগৰ পৰাই মূৰটো খেলি মেলি লাগি আছিল। এতিয়া এইটোৱে আহি আৰু খেলি মেলি লগাই দিলে। পঢ়াত আজি মন নবহে আৰু।

যেনে তেনে class টো শেষ হ’ল। বেগত বহীখন সোমোৱাব লওঁতেই ৰাগিনী ওচৰলৈ আহিল।
: কি হ’ল ৰনবীৰ? মন বেয়া নেকি?

  • আকৌ সেই একেটাই প্ৰশ্ন।
    : নাই , একো নাই।
    : নহয়, কিবা এটা তো হৈছে। নহ’লে তুমি এনেকৈ নাথাকা। আজি মোৰ ফালে ভালদৰে চোৱাই নাই তুমি।
    : তেনেকুৱা একো নাই অ’। এনেই মনটো কিবা এটা ভাল লাগি থকা নাই।
    : মোক তো ক’ব পাৰা।
    : হ’ব দিয়া, একো নাই। জানিনো কি কৰিবা?
    : কিজানিবা তোমাৰ দুখবোৰ পাতল কৰিব পাৰোঁয়েই।

কথাষাৰ শুনি মনটো আৰু খেলি মেলি লাগি গ’ল। কিবা খং এটাও উঠি আহিল। এই সকলো খেলি মেলি টো তাইৰ কাৰণেই হৈছে।

: কি ক’লা? পাৰিবা তুমি মোৰ মনটো পাতল কৰিব?
: এবাৰ কথাবোৰ টো কৈ চোৱা ৰনবীৰ।
: ঠিক আছে। তোমাৰ বেগটো আনা।

তাই বেগটো লৈ ওচৰলৈ আহিল।
: ব’লা।
: কিন্তু ক’লৈ?

বেছিকৈ প্ৰশ্ন কৰা দেখি তাইৰ হাতখনত ধৰিলোঁ আৰু নিজৰ লগতে তাইকো ৰুমৰ পৰা ওলিয়াই আনিলোঁ।
: ৰনবীৰ কি কৰিছা? মানুহে দেখিব।
: দেখিবলৈ দিয়া।
: আঃ ৰনবীৰ, হাতখন এৰি দিয়া। It’s hurting.
: একো নাই, মালিচ কৰি দিম পিছত।
: কিন্তু ৰনবীৰ, আমি গৈছোঁ ক’লৈ?
: পিকনিকলৈ যাওঁ।

  • অলপ খঙেৰেই তাইৰ উত্তৰ দিলোঁ। তাইক তেনেদৰেই হাতত ধৰি আনি গাড়ীৰ ওচৰ পোৱালোহি। গাড়ীৰ আগ দুৱাৰ খন খুলিলোঁ।
    : উঠা।

তাইক গাড়ীত বহুৱাই নিজেও driver চিটত বহিলোঁ। গাড়ীখন start দিলোঁ।
: ৰনবীৰ এবাৰ কোৱাচোন আমি ক’লৈ গৈ আছোঁ।
: মনে মনে বহি থাকা। আৰু sit belt ডাল পিন্ধি লোৱা।

এইবুলি কৈ গাড়ীখন লৈ কলেজৰ পৰা ওলাই আহিলোঁ। তাইও আচৰিত ধৰণেৰে মোৰ ফালে চাই থাকিল।

( আগলৈ)

#২৭

মাথোঁ গাড়ীখন চলাই গৈ আছোঁ। ক’লৈ গৈ আছোঁ নিজেই নাজানো। মুঠতে চলাই গৈ আছোঁ আৰু গাড়ীখন আগবাঢ়ি গৈ আছে।
: ৰনবীৰ, please কোৱা, আমি ক’লৈ গৈ আছোঁ?
: ….
: please কিবা এটা টো কোৱা।
: …….
: মোৰ ভয় লাগিছে ৰনবীৰ। আজিলৈকে মই তোমাক ইমান খং কৰা কেতিয়াও দেখা নাই। কি হৈছে এবাৰটো কোৱা।
: …….
: এনেকৈ আৰু কিমান দূৰ যাম ৰনবীৰ?
: …..

  • নাই মই একোৰে উত্তৰ দিয়া নাই। মুখখনে কিবা মাতিবলৈ মন যোৱা নাই। মাথোঁ গাড়ীখন চলাই গৈ আছোঁ। মোৰ পৰা একো উত্তৰ নাপাই তাই লাহে লাহে অধৈৰ্য্য হৈ পৰিছে। আহি আহি এডোখৰ মুকলি ঠাই পালোঁহি। কোনো মানুহ নাই। একেবাৰে জনশূণ্য। চাৰিওফালে কেৱল দূৰ দূৰলৈকে বিয়পি আছে পথাৰ। ৰাস্তাটোৰ কাষেৰে বৈ গৈছে এখন নদী। গাড়ীখন ৰখালোঁ আৰু দুৱাৰ খন খুলি বাহিৰলৈ ওলাই আহিলোঁ। গাড়ীখনতে ভেজা দি ৰৈছোঁ আৰু যিমান পাৰোঁ দূৰলৈকে চাই পঠাইছোঁ। কিজানিবা মোৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাওঁয়েই। মোক গাড়ীৰ পৰা নামি অহা দেখি ৰাগিনীও নামি আহিল। ভয়ে ভয়ে তাই মোৰ ওচৰলৈ আহিছে।
    : কি হৈছে ৰনবীৰ? কিয় তুমি আজি এনেকুৱা কৰিছা?
    : নাজানো। মুঠতে মই পাগল হৈছোঁ। কিছুমান প্ৰশ্নই মোক খুলি খুলি খাইছে।
  • অলপ চিঞৰিয়েই কথাষাৰ ক’লোঁ। তাই উচপ খাই যোৱা দি গ’ল।
    : কেনেকুৱা প্ৰশ্ন ৰনবীৰ? মোক ক’ব পাৰিবানে?
    : কি কৰিবা তুমি প্ৰশ্নবোৰ জানি? পাৰিবা মোক সেইবোৰৰ উত্তৰ বিচাৰি দিবলৈ?
    : কৈ চোৱাচোন। কিজানি এইবোৰৰ উত্তৰ মোৰ ওচৰতে আছে!

তাইৰ কথা শুনি মই আৰু অতিষ্ঠ হৈ পৰিলোঁ। নাই আজি আৰু নহ’ব। আজি মই মোৰ সকলো কিয়ৰ উত্তৰ বিচাৰিবই লাগিব। এইবুলি ভাৱি তাইক ক’বলৈ লাগিলোঁ-

: পাৰিবা তুমি মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ? পাৰিবা তুমি মোৰ মনত জ্বলি থকা জুইকুৰাৰ শাম কটাবলৈ?
: এবাৰ প্ৰশ্নবোৰটো সুধি চোৱা।
: ঠিক আছে। কোৱা তেন্তে, কিয় মোৰ মনটোৱে সদায় তোমাৰ কথা ভাৱি থাকে? কিয় মোৰ চকুযোৰিয়ে কেৱল তোমাকেই কাষত বিচাৰি থাকে? কিয় তোমাক দেখিলে মোৰ মনটো ভাল লাগি আহে? যিদিনা তুমি ওচৰত নাথাকা, সেইদিনা কিয় মোৰ বুকুৱে বিষ অনুভৱ কৰে? কিয় তোমাৰ বাহিৰে মোৰ আন একোৱেই ভাল নালাগে? কিয় তোমাক দেখাৰ লগে লগে মই মোৰ ভাৰসাম্যতা হেৰুৱাই পেলাওঁ? কিয় তোমাক সুখী দেখিলে মোৰ মনটোৱে আনন্দ পায়? কিয় তোমাক দুখত থকা দেখিলে মই কষ্ট অনুভৱ কৰোঁ? প্ৰতিটো মূহুৰ্ততে কিয় মই তোমাকেই অনুভৱ কৰোঁ? কিয় মোৰ তোমাক ইমান মৰম লাগে? কিয় মই তোমাৰ কথা ইমান কৈ চিন্তা কৰোঁ? কোৱা ৰাগিনী কোৱা। কিয় মোৰ লগত এইবোৰ হৈ আছে? এই সকলো কিয়ই মোক শেষ কৰি পেলাইছে ৰাগিনী।

  • কথাকেইষাৰ একেটা উশাহতে কৈ পেলালোঁ। এতিয়াহে যেন মনটো পাতল লাগিছে। আঁঠু কাঢ়ি তললৈ বহি পৰিলোঁ। ক’ব নোৱাৰাকৈয়ে চকুয়েদি চকুপানী ওলাই আহিল। আজি ৭-৮ বছৰৰ মূৰত কান্দিছোঁ মই। কিন্তু এয়া, ক্ষোভ, দুখ নে আনন্দৰ চকুপানী সেয়া হ’লে ধৰিব পৰা নাই।
    : মোক এইবোৰে বৰ কষ্ট দিছে অ’ ৰাগিনী। মোক এইবোৰৰ উত্তৰ লাগে। মোক উত্তৰ দিয়া ৰাগিনী।
  • একো কোৱা নাই তাই। মাথোঁ তললৈ চাই আছে।
    : এতিয়া কিয় মনে মনে আছা ৰাগিনী। মোক উত্তৰ দিয়া।
    : ……
    : মোক উত্তৰ লাগে।
    : ………
  • নাই এতিয়াও মনে মনেই আছে তাই।

: আচলতে মই নিজকে ৰখাবই নোৱাৰিলোঁ ৰাগিনী। কেনেকৈ হৈ গ’ল এইবোৰ মই একো ধৰিবই নোৱাৰিলোঁ। মই তোমাক ভাল পাবলৈ লৈছোঁ ৰাগিনী। Yes, I am in love with you Ragini. মোক একো নালাগে ৰাগিনী। মোক মাথোঁ তোমাৰ মৰম লাগে। কোৱা, পাৰিবানে দিবলৈ? মই তোমাৰ ওচৰত ভিক্ষা খুজিছোঁ ৰাগিনী, please মৰম দিয়া মোক…..

কথাবোৰ কোৱাৰ পিছত তাইও মোৰ সমানে সমানে বহি পৰিল। এইবাৰ তাইৰ দুচকুৰে চকুলো বৈ আহিল। মোৰ চকুলৈ চালে তাই। কান্দি কান্দিয়েই তাই ক’লে-
: তুমি কি ভাৱিছা ৰনবীৰ অকল তুমিয়েই এনেকুৱা অনুভৱ কৰিছা। তোমাৰ মনতে অকল এনেকুৱা প্ৰশ্নবোৰ আছে। ৰনবীৰ তুমি যিবোৰ অনুভৱ কৰিছা, সেই সকলো অনুভৱ মইও কৰিছোঁ। তোমাৰ দৰে একেই কষ্ট মোৰো হৈছে। তোমাৰ দৰে মোৰ মনটোৱেও তোমাক সদায় মোৰ কাষত বিচাৰে। মোৰ চকুযোৰিয়েও কেৱল তোমালৈকে চাবলৈ বিচাৰে। তোমাক দেখিলে মইও যেন নিজকে ক’ৰবাত হেৰুৱাই পেলাওঁ। তুমি ওচৰত থাকিলে মই নিজকে সুৰক্ষিত যেন অনুভৱ কৰোঁ। তুমি লগত থাকিলে আপোন মানুহজন লগত থকাৰ দৰে লাগে। মইও বিচাৰোঁ তুমি সদায় মোৰ লগত থকাটো। সেয়েহে মই তোমাক সদায় ইমানকৈ চাই থাকোঁ। তোমাৰ প্ৰতিটো কথা চিন্তা কৰোঁ। আচলতে মইও তোমাক ভাল পাই পেলাইছোঁ ৰনবীৰ। সেইকাৰণে মই তোমাক সেইদিনা জীৱন সংগীৰ কথা উলিয়াইছিলোঁ। তোমাক কাৰোবাক ভাল লাগিছে নেকি সুধিছিলোঁ। কিন্তু ইমানবোৰ hints দিয়াৰ পিছত এবাৰো মোৰ মনৰ কথা বুজি নাপালা। অঁকৰাটো ক’ৰবাৰ। আৰু এই কথাবোৰ কওঁতে ইমান দিন লগাব লাগে নেকি? মোক দেখি তুমি এবাৰো নুবুজিলা নে যে মই কেৱল তোমাকেই বিচাৰোঁ। মোকো আন একো নালাগে ৰনবীৰ। মোক মাথোঁ তোমাৰ মৰম লাগে।

  • তাইৰ কথাবোৰ শুনি মনটো এক বুজাব নোৱাৰা আনন্দেৰে উপচি পৰিছে। কি কৰোঁ কি নকৰোঁ লাগিছে। নিজেই নিজকে চম্ভালিব পৰা নাই। আনন্দতে তাইক সুধিলোঁ-

: তাৰমানে ৰাগিনী তুমিও মোক……
-লাজতে মূৰ দুপিয়ালে তাই। মইও তাইক ওচৰলৈ টানি আনি গবা মাৰি ধৰিলোঁ। তাই হুকহুকাই কান্দিবলৈ ধৰিলে। তাইও মোৰ বুকুত মূৰটো গুজি মোৰ সমানে মোক সাৱতি ধৰিলে। পৃথিৱীৰ সৰ্বস্ব সুখ পোৱাৰ দৰে লাগিছে। গোটেই জীৱনটো যেন তেনেদৰেই তাইক বুকুৰ মাজত সুমুৱাই সাৱতি ধৰি থাকিম, তেনেকুৱা লাগিল। আজি যেন বেলেগ কথা চিন্তা কৰিবলৈ সময় নাই। মাথোঁ তেনেদৰেই দুয়োটাই ইটোয়ে সিটোক সাৱতি ধৰি আছোঁ। সময় পাৰ হৈ গৈছে, কিন্তু ইটোয়ে সিটোক যেন এৰি দিবলৈ মন যোৱা নাই। মাথোঁ সাৱতি ধৰি আছোঁ। কেনেকুৱা লাগিছে মুঠতে বুজাব পৰা নাই।

( আগলৈ)

#২৮

বহুত সময় পাৰ হৈ গ’ল। এনেদৰে দূয়োটাই কিমান দেৰি সাৱতি ধৰি থাকিলোঁ গমকে নাপালোঁ। হঠাৎ ৰাগিনীয়ে মাত লগালে।
: ৰনবীৰ।!
: হুঁ!
: আমি যাওঁ নেকি? ৫:৩০ হ’ল। আন্ধাৰেই হ’ব নহ’লে। ইফালে তোমাৰো ঘৰলৈ যাব লাগিব।
: ওম, ব’লা যাওঁ। মই সময়লৈ চোৱাই নাছিলোঁ।
: ব’লা।

দুয়োটা গাড়ীত বহিলোগৈ। লগে লগেই সেই ঠাইডোখৰক বিদায় দি গুচি আহিলোঁ। বাওঁহাত খনেৰে ৰাগিনীৰ হাতত আঙুলিৰ মূৰত আঙুলি সুমুৱাই ধৰি আহিছোঁ। আজি তাইক এৰি দিবলৈ মন যোৱা নাই। এনেকুৱা লাগিছে যেন মোৰ বুকুৰ সমস্ত মৰমবোৰেৰে আজিয়েই তাইক উপচাই পেলাম।
: ৰনবীৰ।
: কোৱা।
: তোমাৰ এখন হাতেৰে চলাবলৈ অসুবিধা নহ’ব নে?
: নহয়। মই manage কৰিম নহয়। তুমি নিচিন্তমনে বহি আহা।
: নহয় মানে, এখন হাতেৰে তুমি সেই লাখুটি ডাল কেনেকৈ জোকাৰিবা।
: লাখুটি ????????? ইয়াত লাখুটি ক’ৰ পৰা ওলাল?
: এইডালৰ কথা কৈছোঁ।
: Oh, madam, সেইডালক লাখুটি নকয়, gear বুলি কয়।
: হ’ব। মই সৰুৰে পৰা সেইডালক লাখুটি বুলিয়ে কওঁ।
: বাৰু ঠিক আছে। যেতিয়াই তোমাৰ লাখুটিডাল লৰাবৰ প্ৰয়োজন হ’ব, তেতিয়াই মই হাতখন এৰি দিম নহয়।

  • লাজতে হাঁহিলে তাই।

: ৰনবীৰ, গান এটা লগোৱা না please.
: মোৰ কাষতে जीता जागता music system টো থাকোঁতে বেলেগ কৈ গান বজোৱাৰ প্ৰয়োজনেই নাই।
: মানে?
: ও আকৰীজনী, মই তোমাৰ কথা কৈছোঁ।
: মই যে এতিয়া গান গাব নোৱাৰোঁ দেই। লগোৱাচোন গান এটা।

তাইৰ মোবাইল ফোন টো গাড়ীখনৰ লগত connect কৰি দিলোঁ।
: এইবাৰ লগাই লোৱা। মোবাইল টো connect কৰি দিছোঁ।
: ঠিক আছে। মই আমাৰ দুয়োটাৰ প্ৰিয় গানটো লগাম।
: হাঃ হাঃ, লগোৱা লগোৱা।

তাই গানটো লগালে। সদায় শুনি থকা এটা চিনাকি গান যদিও আজি যেন গানটোৱে মনত বেলেগ এটা অনুভূতি জগাই তুলিছে। এনেকুৱা লাগিছে যেন গানটোৰ জৰিয়তে মোৰ সকলো অনুভৱ প্ৰকাশ পাই উঠিছে। দূয়োটাই মৌন হৈ গানটো শুনি গৈছোঁ। মনত যেন আজি এটা বুজাব নোৱাৰা আনন্দ। ইটোৱে সিটোৰ হাতত ধৰি মাথোঁ দুয়োটাই এটাই আনটোৰ মাজত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছোঁ। কোনো কথাৰ কাৰণে যেন আজি আমি সংকোচ কৰা নাই। মাথোঁ যিমান পাৰোঁ ইটোয়ে সিটোৰ লগত সময় পাৰ কৰিবলৈ বিচাৰিছোঁ। তেনেতে ৰাগিনীৰ PG টো পালোঁহি।
: নামা জানোঁ?
: কিয়, PG পালোঁহি নহয়।
: কিন্তু তোমাক এৰি থৈ যাবলৈ মন যোৱা নাই।
: ওফ, ৰনবীৰ। মই PG ত থাকোঁ, তাতে আজি দেৰিও হৈছে। কৃত্তিকাই কি ফাকি মাৰি থৈছে ঠিক নাই খুড়াৰ আগত।
: কিন্তু মোৰ তোমাকো লগত লৈ যাবলৈ মন গৈছে। মোৰ লগত আৰু অলপ দেৰি থাকিব নোৱাৰা নে ৰাগিনী।
: চোৱা ৰনবীৰ, ৬:২০ বাজিল। বহুত দেৰি হ’ল। তোমাৰো ঘৰত চিন্তা কৰি আছে চাগৈ। সোনকালে ঘৰলৈ যোৱা। এনেও সদায় লগ পায়েই থাকিম। আগৰ কথা বেলেগ আছিল। এতিয়া আমি ……

  • পিছৰ ডোখৰ নক’লে তাই।
    : এতিয়া আমি কি?
    : একো নাই।

লাজ কৰি তাই গাড়ীৰ পৰা নামি গ’ল। মই বহি থকাৰ পৰা তাইৰ হাতখনত ধৰি টানি আনিলোঁ।
: তুমি কোৱাৰ কাৰণেহে যাবলৈ ওলাইছোঁ দেই। আৰু তুমি আজিৰ পৰা ৰাগিনী নহয় আকৌ।
: মানে? ৰাগিনী নহয় যদি কোন হয় মই?
: আজিৰ পৰা তুমি ৰনবীৰৰ ৰাগিনী। মনত ৰাখিবা।
: ঠিক আছে।

ধুনীয়াকৈ হাঁহি এটা মাৰিলে তাই।
: তেন্তে মানুহে তোমাক কোন বুলি সুধিলে কি বুলি ক’বা তুমি?
: ৰনবীৰৰ ৰাগিনী।
: Nice, that’s like a good girl.
: ৰনবীৰ, কথা এটা ক’বলৈ আছে।
: কোৱা।
: এনেকৈ ক’ব নোৱাৰি। কাণে কাণে ক’ব লাগিব।

কাণখন আগবঢ়ায় দিলোঁ। তাইও গাড়ীৰ খিৰিকীখনৰ ওচৰলৈ আগবঢ়ি আহিল। কিন্তু কি আচৰিত, কথা কোৱাৰ সলনি তাই লাহেকৈ মোৰ গালখনত চুমা এটা খালে। মই অবাক।
: অ’ Mr. তুমিও আজিৰ পৰা ৰাগিনীৰ ৰনবীৰ। মনত ৰাখিবা।

  • এইবুলি কৈ তাই গেটখন খুলি ভিতৰলৈ সোমাই গ’ল। মইও গাড়ীখন ঘূৰাই গুচি আহিলোঁ। মনটোত আনন্দ দুগুনে বাঢ়ি গ’ল। কথাবোৰ কাক কওঁ, কাক নকওঁ লাগিছে। উৎকণ্ঠা বাহি আহিছে। ৰাগিনীৰ কথাকে ভাৱি আহিছোঁ। আজি দিনটোত যে ইমানবোৰ ঘটনা ঘটি গ’ল ভাৱিবই নোৱাৰিলোঁ। সঁচাই ৰাগিনী ছোৱালী জনী বহুত special. মোৰ নিচিনা নীৰস এটাক তাই কিহৰ পৰা কিহলৈ পৰিবৰ্তন কৰি দিলে। সদায় প্ৰেমক ঘৃণা কৰি অহা এটাক প্ৰেমৰ প্ৰকৃত অৰ্থ বুজালে, মোৰ নিচিনা এটাক তাই প্ৰেম কৰিবলৈ শিকালে। আজিলৈকে তো বহুত ছোৱালী লগ পালোঁ, কিন্তু এই বহুত বেলেগ। কিবা বিশেষ গুণ আছে এইৰ গাত। আজিলৈকে কোনো ছোৱালীয়ে নোৱাৰা কামটো তাই কৰিলে। তাইয়েই হৈছে একমাত্ৰ ছোৱালী যিয়ে মোৰ অৰ্ন্তআত্মা চুই যাব পাৰিছে, মোৰ বুকুত থূপ‌ খাই থকা মৰমবোৰ বিচাৰি উলিয়াই আনিব পাৰিছে। যিমানেই তাইৰ কথা ভাৱি গৈছোঁ, সিমানেই মোৰ অনুভৱ বোৰ বাঢ়ি যাবলৈ ধৰিছে। তাইক হেঁপাহ পলুৱাই মৰম দিবলৈ মন গৈছে। আগতে বুকুৰ মাজতে মৰমবোৰ লুকাই থাকি বুকুখন বিষাবলৈ ধৰিছিল। এতিয়া যেন সেই মৰমবোৰ ভালপোৱা হৈ ৰাগিনীৰ ফালে ধাৱমান হ’বলৈ ধৰিছে। আজি মই এটা কথা বুজি পালোঁ যে প্ৰেম সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি। সঁচা অন্তৰেৰে প্ৰেম কৰিব পাৰিলে ইয়াৰ পৰা বহুত আনন্দ পোৱা যায়। এই প্ৰেম ভালপোৱা এইবোৰে যেন আমাৰ মনত কাৰোবাৰ কাৰণে এডোখৰ সুন্দৰ ঠাইৰ সৃষ্টি কৰে। য’ত আমি আমাৰ মনৰ মানুহগৰাকীক, আপোন জনক সুন্দৰকৈ সজাই তোলিব পাৰোঁ। যিয়ে আমাৰ পৰম তৃপ্তিৰ কাৰণ হৈ পৰে। আচলতে সঁচা ভালপোৱা কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি বা কাৰো আগত খোলাকৈ ব্যক্ত কৰিব নোৱাৰি। ইয়াক কেৱল মনৰ ভিতৰতে অনুভৱ হে কৰিব পাৰি। আৰু এই অনুভৱটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ। কথাবোৰ ভাৱি ভাৱিয়েই পৰিস্থিতিৰ লগত খাপ খোৱাকৈ জুবিন দাৰ অন্য এটা গান বজাবলৈ লৈছোঁ। লগে লগেই গাড়ীখনত বাজি উঠিছে এটা সুমধুৰ গীত-
    ” বুটলি বুটলি ভঙা সপোন,
    ভাগৰ ভাগৰ যেন লাগে।
    কুঁৱলী কুঁৱলী মনৰ জোন
    পোহৰ পোহৰ যেন লাগে।
    কি যে এয়া মিঠা মিঠা জোনাক
    কিয় ক’বলৈ মন যায় তোমাক
    ইমান মৰম কিয় লাগে
    কিয় লাগে ……..”

( আগলৈ)

#২৯

ঘৰ পাওঁতে প্ৰায় ৭ বাজিবৰেই হ’ল। গাড়ীখন একেবাৰে গেৰেজত ভৰাই ভিতৰলৈ সোমাই আহিছোঁ। মা-দেউতা বাহিৰৰ কোঠাটোতে বহি আছে। ভিতৰলৈ সোমায়েই দেউতাৰ হাতত চাবিটো তুলি দিছোঁ।
: এইটো চাবি লোৱা।
: আজি ইমান দেৰি হ’ল যে। কথাটো কি?
: নহয় মানে আজি এফালে যাবলগীয়া হ’ল। সেয়েহে অলপ দেৰি হৈ গ’ল।

আৰু বিশেষ একো নুশুধিলে তেখেতলোকে। মইও ওপৰলৈ নিজৰ ৰুমলৈ উঠি গ’লোঁ। মুখ হাত ধুই অলপ fresh হৈ লৈছোঁ। দিনটো ঘূৰি ফুৰা বহুত ভাগৰ লাগিছে যদিও ৰাগিনীৰ স্মৃতিয়ে যেন সেই ভাগৰ অনুভৱ কৰিবলৈ দিয়া নাই। বাৰে বাৰে তাইক মোৰ কাষত বিচাৰি আছোঁ। দুবাহুৰে তাইক আকৌ এবাৰ সাৱতি ধৰি বুকুৰ মাজত সুমুৱাই ৰাখিবলৈ মন গৈছে। সঁচাকৈ, প্ৰেমৰ অনুভূতি যে ইমান মধুৰ হ’ব পাৰে ভাৱিবই পৰা নাছিলোঁ। কথাবোৰ ভাৱি থাকোঁতে ৰঞ্জনলৈ মনত পৰিল। তাক কথাবোৰ কৈ দিব পৰা হ’লে ভাল আছিল। সেইবুলিয়ে তালৈ ফোনটো লগালোঁ।
: হেল্ল’ ৰঞ্জন।
: আয়ে হায়ে, আমাৰ ৰ’মিও। কি হ’ল? কৈ যা?
: অথনি কামবোৰ হৈ গ’ল জাননে?
: কামবোৰ মানে? কোনবোৰৰ কথা কৈছ?
: কিয়, অথনি যে তই মোক ক’বলৈ কৈ আছিলি?
: মই ঠিক বুজা নাই। ভালদৰে ক’চোন।
: মানে মই ৰাগিনীক সকলো কথা কৈ দিলোঁ।
: কি কৱ বে। সঁচাকৈয়ে কৈছ নে তই?
: অ তো, মিছাকৈ ক’বলৈ কি আছে ইয়াত।
: চাব্বাচ বেটা চাব্বাচ। অথনি সেইকাৰণে দুয়োটা কলেজৰ পৰা ওলাই গৈছিলি!
: ওম।
: পিছে তাই কি ক’লে?

ৰঞ্জনক আমাৰ মাজত হোৱা সকলোবোৰ কথা বতৰা ভালদৰে বুজাই দিলোঁ। কথাবোৰ কোৱাৰ পিছত মোতকৈ বেছি তাকহে excited হোৱা যেন লাগিল।

: Congratulations bro, party party. মোক অলপ heavy party লাগিব কিন্তু। বিয়ালৈ মাতিবি আকৌ দেই। পিছে নামাতিলেও তোৰ বিয়াত ওলামগৈ। পাৰিলে ছাতিটোকে ধৰি দিম আৰু।

  • এইবুলি কৈ সি হাঁহিবলৈ ধৰিলে।
    : ঐ পাগল। অলপ বেছিয়েই হ’লগৈ নেকি?
    : হ’ব বাৰু, সেইবোৰ বাদ দে। কিন্তু মোক heavy party লাগিব আকৌ।
    : হ’ব হ’ব, কাইলৈ খোৱাই দিম বাৰু। heavy কে খাবি নহয়?
    : Of course bro, I need a heavy party.
    : ঠিক আছে, কাইলৈ তোক শাগি যোৱাকৈ খোৱাম।
    : হেহে ধন্যবাদ ধন্যবাদ। বাৰু এতিয়া কামফেৰা যেতিয়া হ’লেই, পিছৰ কামবোৰো কৰি যা আৰু।
    : পিছৰ কাম মানে?
    : পিছৰ কাম বোৰ আৰু।
    : তই কি কৈছ, মই একো বুজি পোৱা নাই। আৰু চা ভাই মোৰ বাবে এইবোৰ একেবাৰে নতুন। মই মাথোঁ ৰাগিনীক মনে প্ৰাণে ভাল পাবলৈ হে শিকিছোঁ। তাতকৈ বেছি মই একো নাজানোঁ।
    : হেৰৌ মূৰ্খ, ৰাগিনীক কিবা gift এটা দি দে।
    : gift ও দিব লাগে নেকি? মই নাজানোঁ নহয় আকৌ। পিছে কি gift দিম।
    : এতিয়া কি সেইটোও মইয়ে ক’ব লাগিব নেকি? দে আকৌ নিজেই কিবা এটা।
    : কিন্তু তাই কি ভাল পাই, মই দেখোন নাজানোঁয়েই।
    : সেইটো তোৰ ওপৰত কথা। তাই তোক ভাল পাই নহয়, গতিকে তই কি দিব পাৰিছ, সেইটো important নহয়, যিটো বস্তু দিব বিচাৰিছ, তাত লুকাই থকা মৰমবোৰ হে আচল কথা। By the way, all the best.
  • এইবুলি কৈ সি ফোনটো ৰাখিলে। মইও ভাৱিবলৈ লাগিলোঁ কি বস্তু দিলে ভাল হ’ব। আজিলৈকে নিজৰ বস্তুৱেই তেনেকৈ নিজেই কিনি পোৱা নাই, তাতে এতিয়া ছোৱালীৰ বস্তু কিনিব লাগে। ভাল সমস্যা হ’ল মোৰ। কাকো সুধিবও নোৱাৰা হ’লো নহয় কি কিনিম। ভন্টিক সুধা মানে গোটেই ঘৰখনে গম পোৱা। উপায় নাই আৰু মানে।

এনেদৰে ভাৱি থাকোঁতে প্ৰায় আধা ঘন্টা মান সময় পাৰ হৈ গ’ল। নাই কি দিওঁ একো ভাৱি পোৱা নাই। এইবাৰ মোবাইল টোকে লৈ ইন্টাৰনেটত বিচাৰি চাইছোঁ ছোৱালী মানুহক ল’ৰাই কি বস্তু দিলে ভাল হয়। নাই তাতো ধেৰ এসোপামান ওলালে। খেলিমেলি হে লাগিল। এইবাৰ Flipkart ত বিচাৰি চাইছোঁ। তেনেকুৱাতে কেইযোৰমান ধুনীয়া ধুনীয়া পোছাক দেখা পালোঁ। ভাল লাগিছে পোছাক কেইযোৰ। মনতে ভাৱিলোঁ, ইয়াৰে কোনোবা এযোৰ দিয়া যাওক। কিন্তু কোনযোৰ দিওঁ? আটাইবোৰেই চোন ধুনীয়া। হ’ল আৰু। মোৰ ফালে পালেগৈ আৰু selection। নাই ৰাগিনীকে direct সোধা যাওক বুলি ফোনটো লগালোঁ।

: ওম ৰনবীৰ কোৱা।
: কি কৰিছা?
: নাই এনেই কৃত্তিকাৰ লগতে কথা পাতি আছোঁ। তুমি কি কৰিছা?
: বিচাৰি আছোঁ।
: কি???
: প্ৰশ্ন!!!! প্ৰশ্ন উত্তৰ বিচাৰি আছিলোঁ।

  • ভাল বাচিলোঁ। আজি মুখৰ পৰা ওলাই গৈছিল। নহ’লে মোৰ gift দিয়া মোদাই মৰিলহেতেন।

: অ তাৰমানে তুমি পঢ়ি আছিলা?
: অলপ অলপ। পিছে মই তোমাক বেলেগ এটা কথা সুধিবলৈহে ফোন কৰিছিলোঁ।
: কোৱাচোন বাৰু।
: কি ভাল লাগে তোমাৰ?

  • তপৰাই সুধিলোঁ তাইক।
    : কি ভাল লাগে মানে? কি সুধিব বিচাৰিছা তুমি?
    : মানে কি ভাল পোৱা তুমি? কি ভাল লাগে তোমাৰ?
    : আৰে কেনেকুৱা বস্তু ভাল লগাৰ কথা কৈছা? ভালদৰে কোৱা অলপ।

কেনেকৈ কথাবোৰ বুজাও ভাৱি পোৱা নাই। আকৌ direct সুধিবও নোৱাৰি নহয়। ভাল অশান্তি মানে।

: ৰনবীৰ। কি হ’ল? মাত নোহোৱা হৈ গ’ল যে।
: অশান্তি।
: কি?
: নহয় নহয়, ভাল পায়।
: কি ভাল পায়???
: ভাল লাগে। ভাল পায়। কেনেকুৱা ভাল পায়?
: কোনে কাক ভাল পায়?
: বস্তু। ছোৱালীয়ে।
: কি কৈ আছা ৰনবীৰ। অলপ ঠিকে আছাতো। কি ভাল পোৱা, বস্তু, ছোৱালী এইবোৰ গাই আছা অথনিৰে পৰা।
: বাৰু সেইবোৰ বাদ দিয়া। মই what’s up ত ফটো কেইখনমান দিছোঁ। চোৱাচোন।
: Ok.

এইবুলি কৈ পোছাক কেইযোৰৰ screenshot লৈ তাইলৈ পঠালোঁ। মনতে ভাৱিলোঁ, ভাল আৰু এইখন মানে। মহা সমস্যা। সাধাৰণ বস্তু এটাকে বাচনি কৰিব পৰা নাই, আগলৈ ডাঙৰ ডাঙৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিম। তেনেকুৱাতে ৰাগিনীয়ে আকৌ ফোন কৰিলে।

( আগলৈ)

#৩০

ৰাগিনীৰ ফোনটো ৰিচিভ কৰিলোঁ।
: অ’ ৰাগিনী কোৱা।
: এইবোৰ দেখোন তুমি কাপোৰৰ ফটো হে দিছা।
: ওমম। চাবলৈ দিছোঁ।
: চালোঁ, এতিয়া কি কৰোঁ?
: তাৰে ভিতৰত কোনযোৰ dress ভাল লাগিছে মোক কোৱা।
: অ সেইটো কথা।
: Yes.
: মোৰ violet ৰঙৰ dress যোৰ বেছি ধুনীয়া লাগিছে।
: ঠিক আছে।
: ৰ’বাচোন তুমি এই dress যোৰ কি কৰিবা?
: ভন্টিক দিম। তাইৰ birthday আহি আছে যে। আৰু তাতে ছোৱালী মানুহৰ বস্তু মই choice কৰিব নাজানো। সেয়েহে তোমাকে সুধি ল’লোঁ।

  • সঁচা কথাটো তাইক নক’লোঁ। আচলতে surprise দিম বুলি ভাবিছোঁ। সেয়েহে ভন্টিৰ সুবিধাকে লৈ ল’লোঁ।
    : কিন্তু মোৰ choice টো তোমাৰ ভন্টিৰ পছন্দ হ’ব জানো? মানে তাইৰ আন কিবাও ভাল লাগিব পাৰে।
    : নাই নাই পছন্দ কৰিব তাই। তুমি চিন্তাই নকৰিবা। যাক বস্তুটো দিম, তেওঁ পছন্দ নকৰাৰ প্ৰশ্নই নুঠে।
    : মানে?
    : মানে..… ভন্টিৰ কথা কৈছোঁ।
    : ঔ, তেতিয়াহ’লে ভালেই আছে দিয়া।
    : বাৰু তেন্তে, মই order টো দি লওঁ।
    : ঠিক আছে দিয়া।
    : Ok, bye, good night.
    : Good night. See you tomorrow.
    : Yes, of course.

ফোনটো ৰাখিলোঁ। তেনেকুৱাতে ভন্টি ভিতৰলৈ সোমাই আহিল। আজি অলপ বেছি excited হৈয়েই ৰুমটোত সোমাইছে।
: Thank you so much bro.
: किस खुशी पे?
: কিয়, মোক যেন কাপোৰ যোৰ দিবি তাৰ কাৰণে আকৌ।
: তাৰমানে তই…….
: অ। তই কথা পাতি থাকোতে মই দুৱাৰ খনৰ ওচৰৰ পৰা সকলো শুনি আছিলোঁ।
: চাল্লা। Mannerless, লোকৰ কথা মনে মনে শুনি থাকিব নালাগে বুলি নাজান হা।
: এ হ’ব হ’ব। তোৰ lecture শুনিবলৈ মই ইয়ালৈ অহা নাই। পিছে কাপোৰ যোৰ দেখাছোন চাওঁ। বৰ মন গৈছে চাবলৈ।
: ক’ৰ কাপোৰ? কি কাপোৰ? ইয়াত একো কাপোৰ নাই যা।
: ওৱা!!!!! কি ক’ৰ কাপোৰ, কি কাপোৰ মাৰিছ। তয়েই এতিয়া পাতি থকা নাছিলি ফোনত মোক কাপোৰ এযোৰ দিম বুলি।
: ক’ত কাপোৰৰ কথা শুনিলি?
: ফাকি নামাৰিবি। মই নিজ কাণেৰে শুনিছোঁ।
: মইনো ক’ত কৈছোঁ তই মোৰ কাণেৰে শুনিছ বুলি। মই মুঠতে কাপোৰৰ কথা নাই পতা।
: মোক কি তই পাগল কুকুৰে কামুৰি থোৱা বুলি ভাৱিছ নেকি যে যেতিয়াই যি মন যায় তাকেই গাই যাম।
: পাগল কুকুৰৰ কথা নাজানো, কিন্তু তই যে এজনী মস্ত পাগলী সেই কথাটো মই ছপা কৰি তিনিআলি- চাৰিআলিয়ে প’ষ্টাৰ লগাই দিব পাৰিম। আচলতে পাগল কুকুৰে কামোৰিলে তই পাগল নহৱ, ওলোটাই কুকুৰটোহে বেছি পাগল হ’ব।
: হ’ব দে এই সকলোবোৰ insult ৰ হিচাপ মই লৈ আছোঁ। তোক যদি মই হাজিৰা লগাই মাৰ খোৱাব নোৱাৰোঁ সলাই দিবি মোৰ নাম।
: এতিয়াহে ডাঙৰ সমস্যা হ’ল।
: কি?
: তোলৈ নতুন নাম এটা ভাৱিব লাগিব নহয়। কি দিলে ভাল হ’ব বাৰু?
: হ’ব দে। বেছি অলপ। বাৰু দেখাচোন কাপোৰ যোৰ।
: কি কাপোৰ কাপোৰ কৰি আছ অ’ অথনিৰে পৰা। তোলৈ নহয় সেইযোৰ কাপোৰ।
: অথনি কোৱা নাছিলি মোলৈ বুলি।
: তেনেকে ক’ব লগীয়া হৈছিল। সেইযোৰ বেলেগ কাৰণতহে মই কিনিব বিচাৰিছোঁ।
: ওহো ওহো! কথাৰ গুৰি ক’ৰবাত তাৰমানে। বাঃ আমাৰ ল’ৰা ডাঙৰ হৈছে দেই। পিছে কাৰ কাৰণে কিনিছা কোৱাচোন মহাশয়।
: কিনিছোঁ আৰু কাৰোবাৰ কাৰণে। তোকনো কিয় লাগে?
: জানিবলৈ মন গৈছে আকৌ মোৰ। কচোন ক, কাৰ কাৰণে কিনিছ।
: পঢ়া-শুনা নাই হা। যা যা নিজৰ কামত যা।
: তাৰমানে তই নকৱ।
: ওহোঁ নকওঁ।
: নকওঁ তো?
: এবাৰতে বুজি নাপাৱ নি, নকওঁ মই। এতিয়া যা।
: ঠিক আছে, তই নকৱ নহয়, মই মাক কৈ দিম তই কোনোবা ছোৱালীৰ কাৰণে কাপোৰ কিনিছ বুলি।

  • এইবুলি কৈ তাই ৰুমৰ পৰা ওলাই যাবলৈ লৈছে। মই পিছফালৰ পৰা খেদি গৈ তাইক ৰখালোঁ।
    : ঐ ৰহ ৰহ। মাক নকবি। আহ আহ, তোক ক’ম।
    : That’s like a good boy. আহি গ’লি তো নিজৰ line ত।
    : But promise কৰ, কাকো নকওঁ বুলি।
    : ৰহ ভাৱিব লাগিব।
    : কি ভাৱিব লাগিব আকৌ। নকওঁ যা তোক।
    : হ’ব নকওঁ নকওঁ। কাকো নকওঁ। কিন্তু মোৰ এটা চৰ্ত আছে।
    : কি চৰ্ত বা?
    : তই মোক কিবা এটা দিব লাগিব। অলপ ভাল বস্তু এটা। চৰ্ত মঞ্জুৰ নে?
    : হাৰামি। হ’ব দিম যা।
    : উপায় নাই bro, ভনীয়েক বোৰে এনেদৰে chance তে ককায়েকবোৰৰ পৰা বস্তু সৰকাব নোৱাৰিলে পিছত উলিওৱা টো বৰ টান। এতিয়া কথাটো ক?
    : কথাটো ভালদৰে শুনিবি দেই। ২২০ ভল্টৰ ঝটকা লাগিব পাৰে।
    : ক ক।
    : শুন তেন্তে। Your brother is in love with someone.
  • তাই একেথিৰে মোলৈ চাই আছে।
    : কি ক’লি? আকৌ এবাৰ ক।
    : Your brother is in love with someone.

এইবাৰ তাই আনন্দতে জপিয়াই উঠিল। জোখতকৈ অলপ বেছিয়েই excited যেন লাগিছে। ৰুমটোতে বলীয়াৰ দৰে দুপাক মান ঘূৰিলে।
: কি ক’লি তই। You are in love with someone. OMG, তই ২২০ ভল্টৰ ঝটকা লগাৰ কথাহে কৈছিলি, একেবাৰে ৪৪০ ভল্টৰ ঝটকা দি দিলি। I am so happy. কি কৰোঁ কি নকৰোঁ লাগিছে ঐ। বিহু কে নাচোঁ, নে ভাংৰা কে কৰোঁ, নে ভাৰত নাট্যম কে কৰোঁ, একো ভাৱি পোৱা নাই।
: আগফালে যা আৰু balcony ত গৈ মূৰটো তললৈ দি ভৰিকেইটা ওপৰলৈ দি খোজ কাঢ়ি থাকগৈ যা। পাৰিলে ওপৰৰ পৰা জপিয়াই দিবি তললৈ।
: বেছি অলপ। পিছে কোননো সেই ভাগ্যৱতী কচোন ক।
: ৰহ ৰহ, ইমান সোনকালে সকলো নকওঁ। প্ৰথম কথাটোকে ভালদৰে হজম কৰি লচোন।
: তই তাইক ক’লি নেকি যে তই ভাল পাৱ বুলি?
: ওম, ক’লোঁ।
: কি ক’লে তাই। তাই Yes ক’লেনে?
: ওম ক’লে।
: তাৰমানে তহঁত দুয়োটা এতিয়া………
: হয়।

  • এইবাৰ তাই আকৌ জপিয়াবলৈ ধৰিলে।

: নামটো ক না। ফটো দেখাচোন। মোৰ চাবলৈ মন গৈছে।
: ধৈৰ্য ধৰ অলপ। পিছতকৈ সকলো কম। ভাৱি ল surprise দিম পিছত তোক।
: ইহ, বৰ একেবাৰে surprise ৰ দোকানীটো ওলাইছে, অনবৰতে surprise দিওঁ দিওঁ কৈ থাকে।
: হ’ব বাৰু মই দোকানীয়ে।
: তাৰমানে তই তাইৰ কাৰণেই কাপোৰ কিনিবলৈ লৈছ।
: হয়।
: দেখা দেখা কাপোৰ যোৰ।

  • তাইক কাপোৰযোৰৰ ফটোখন দেখালোঁ।
    : ঔ মজা লাগিছে dress যোৰ। Colour টোও ইমান ধুনীয়া। সম্পূৰ্ণ পাৰ্টি dress।
    : তোৰও ভাল লাগিছে তেতিয়া হ’লে।
    : অ’ তো। ইমান ধুনীয়া লাগিছে dress যোৰ।

তেনেকুৱাতে মায়ে ভাত খাবলৈ মাতিলে। তাই ৰুমৰ পৰা মাৰ লগতে ওলাই গ’ল। মইও order টো দিবলৈ বুলি address টো টাইপ কৰিছোঁ। তেনেকুৱা একেই দুযোৰ dress order দিলোঁ। এযোৰ আমাৰ এই পাগলীজনীৰ কাৰণে দিছোঁ। যেতিয়া তাইক এইযোৰ দিম, আনন্দতে ক’ব নোৱাৰা হ’ব তাই। কিমান যে ফূৰ্তি পাব তাই। তাইৰ ফূৰ্তি দেখি মোৰ মনটোৱেও শান্তি পাব। কাৰণ তাইয়েই তো মোৰ একমাত্ৰ ভন্টি।

( আগলৈ)

#৩১

: অই ল’ৰা উঠ। ৭ বাজিলে দেখা নাই। কলেজলৈ নাযাওঁ নেকি?

  • ভন্টিৰ মাতত খপজপকৈ সাৰ পালোঁ।
    : ৰাতিপুৱালেই নেকি?
    : পাগল হোৱা নাই তো তই। নে কালি কিবা কিবি খাইছিলি নেকি আকৌ?
    : বহুত ধুনীয়া টোপনিত আছিলোঁ পাই। তই জগাই দি বৰ বেয়া কৰিলি দেই।
    : আই ঐ দেহি। ইমান গভীৰ নিদ্ৰাত পিছে কাক দেখি আছিলা।
    : ৰাতিপুৱা ৰাতিপুৱাই আৰম্ভ নকৰ আৰু দেই এইবোৰ। ইমান ৰাতিপুৱাই জগাই দিলি যে, বাজিছে নো কেইটা?
    : ৭ বাজি গ’ল।
    : কি?
    : হয়, second কুম্ভকৰ্ণ।

সময়টো শুনি বিছনাৰ পৰা একে জাপে উঠিলোঁ। টাৱেল খন লৈ চিধাই বাথৰুমলৈ লৰ মাৰিছোঁ।

: ক’ত যাৱ? ৰহ ৰহ।
: তোৰ লগত lecture মাৰি থাকিবলৈ মোৰ ওচৰত এতিয়া অলপো সময় নাই। কলেজলৈ দেৰি হ’ব মোৰ।
: এ‌ নহয় ৰহ, মোক মাত্ৰ উত্তৰ এটা দিলেই হ’ব।
: কি আছে সোনকালে সোধ।
: কালি নামটো নক’লি নহয় তই। কোননো কছোন।
: তোক কৈছোঁ নহয়, খুওব সোনকালে মই লগ কৰাই দিম বুলি।
: কিন্তু কেতিয়া?
: খুওব সোনকালে।
: এতিয়া ক পাৰিলে সেইটোও এটা surprise বুলি।
: তই যি বুলি ভাৱ আৰু। এতিয়া যা। মই গা ধুই আহোঁগৈ। তোৰ লগত lecture মাৰি থাকিলে মোৰ দেৰি হ’বগৈ।

কলেজ পাওঁতে আজি অলপ দেৰিয়েই হ’ল। বাৰান্দাত কৃত্তিকা আৰু ৰঞ্জন ৰৈ আছে। তেতিয়াই গম পালোঁ যে আজি প্ৰথম class টো নহয়। মোক দেখাৰ লগে লগে দুয়োটাই কিবাকিবি পাতিবলৈ ধৰিলে। মই তেতিয়াই অনুমান কৰিব পাৰিলোঁ যে দূয়োটাই নেৰিছে আজি মোক। মনে মনে যে তাহাঁত দুয়োটাই কিবা plan কৰি থৈছে সেইটো sure. বাৰু যি হয় দেখা যাব, এইবুলি ভাৱিয়েই আগুৱাই গ’লোঁ। ওচৰ পাইছোঁহে মাত্ৰ, দুয়োটাই একেলগে চিঞৰি উঠিল-
: পাৰ্টি…….
: দুয়োটাই এনেদৰে চিঞৰিছ যেন মই কিবা world cup হে জিকি আহিছোঁ।
: আমাৰ বাবে এইটো worldcup ত কৈ কম নহয়।

  • কৃত্তিকাই ক’লে।
    : এইটো মানে কোনটো?
    : হ’ব। ইমান নজনাৰ ভাও ধৰিব নালাগে। তইও জান আমি কি কথা কৈছোঁ।
    : বাৰু হ’ব। চাওঁ, এতিয়া মোক ৰাগিনীৰ ওচৰলৈ যাবলৈ দে।

ৰঞ্জন আৰু কৃত্তিকাই এইবাৰ বাট ভেটি ধৰিলে।
: ৰ’বা ৰ’বা আমাৰ ৰ’মিও। ইমান সোনকালে ক’লৈ যোৱা। প্ৰথমতে আমাক tax দি লোৱা, তাৰ পিছত তুমি ৰাগিনীৰ ওচৰলৈ গৈ থাকিবা।

  • ৰঞ্জনে ক’লে।
    : উকাইছে নেকি তহঁত দুয়োটাৰ। কি আবুল টাবুল গাই আছ।
    : আমাৰ একো হোৱা নাই। কিন্তু আমি আমাৰ প্ৰাপ্য নোপোৱালৈকে তোক যাবলৈ নিদিওঁ।
  • কৃত্তিকাই উত্তৰ দিলে।
    : অ আমাৰ প্ৰাপ্য আমাক লাগিবই। এই জুই জ্বলিছে জ্বলিবই জ্বলিবই।
    : অ এই জুই জ্বলিছে জ্বলিবই জ্বলিবই।
    : সঁচাকৈয়ে ভাল পাগল হ’লি দেই দূয়োটা। ঘৰত সেইজনীৰ পৰা শান্তি নাই আৰু কলেজত তহঁত দুয়োটাৰ পৰা শান্তি নাই।
    : শান্তি অশান্তিৰ কথা নাজানোঁ। মুঠতে আমাক পাৰ্টি লাগিবই।
    : এইটো কথাত কোনে পাৰ্টি খোজে বাৰু?
    : আমি খোজিছোঁ আৰু আমাক লাগিবই।
    : বাৰু ঠিক আছে শনি দুটা। কাইলৈ Sunday নহয়, ভাল ৰেষ্টুৰেন্ট এখন ঠিক কৰ।
    : Ok ঠিক আছে।
    : এতিয়া শান্তি?
    : Yes boss.
    : চাওঁ আঁতৰ দুয়োটা।
    : ৰ’বা ৰ’বা ক’ত যোৱা।
    : আকৌ কি হ’ল?
    : তই যে আমাক কাইলৈ পাৰ্টি দিবি, তাৰ কি প্ৰমাণ আছে। কিবা এটা আমাৰ ওচৰত থৈ যাব লাগিব। পাৰ্টি দিয়াৰ পিছতহে ঘূৰাই পাবি।
    : সঁচাকে কচোন, দুয়োটাই কিবাকিবি খালি নেকি বাৰু? কিহে পালে আজি তহঁতক। গাত ভূত লম্ভা নাই তো। তহঁত দুয়োটাই যিদৰে মোক ragging কৰিছ, মোৰ নিজকে কিবা নতুনকৈ বিয়া পতা দৰাটোৰ দৰে অনুভৱ হৈছে।
  • মোৰ কথাত দুয়োটাই খুওব হাঁহিবলৈ ধৰিলে।

: এইবোৰ কি অনুভৱ? আৰু কিছুমান কথা কৈ ইয়াৰ পিছৰ অনুভৱ খিনিও কৰাই দিওঁ নেকি?

  • কৃত্তিকাই দুষ্ট হাঁহি এটা মাৰি কথাষাৰ ক’লে।
    : ছোৱালী মানুহ হৈ এইবোৰ কথা ক’বলৈ তোৰ লাজ লগা নাই? চাওঁ আঁতৰ।

এইবুলি কৈ দুয়োটাক সেইডোখৰতে এৰি ৰাগিনীৰ ওচৰলৈ আহিলোঁ।

: বৰ ভাল পালা চাগৈ ন তুমি?
: নাই পোৱা।
: তেন্তে ভিতৰৰ পৰা মিচমিচাই হাঁহি আছিলা কিয়?
: তোমাৰ অৱস্থাটো দেখি হাঁহি উঠিছিল।
: বৰ বেলেগ কামোৰ দিব পাৰে দেই দুয়োটাই।
: মোকো কালিৰ পৰা PG ত কৃত্তিকাই ইমান জোঁকাৰি আছে নহয়।
: বাৰু ৰাগিনী কাইলৈ তো Sunday। তুমি free আছা নহয়।
: ওম আছোঁ। পিছে কিয় সুধিলা?
: এই ৰাহু দুটাই খাওঁ খাওঁ মাৰি আছে নহয়, তাকে ভাৱিছোঁ কাইলৈ ৰেষ্টুৰেন্ট এখন লৈ কে যাওঁ নেকি।
: বেয়া নহয় কথাটো।
: ঠিক আছে তেন্তে। তোমালোক কেইটাই কথা পাতি ল’বা ক’ত গ’লে ভাল হয়। তাৰ পিছত মোক কৈ দিবা।
: Ok.
: কাইলৈ ভন্টিকো লৈ আহিব লাগিব তেতিয়া। মই তাইক কথাটো ক’লোঁ, কিন্তু তুমি বুলি কোৱা নাই।
: কিয়?
: Suspense ৰাখি থৈছোঁ আকৌ। কাইলৈ লগ কৰাই দিম তোমাৰ লগত।
: তোমাৰো যে কামবোৰ আৰু।
: মই জানো কাইলৈ তাই তোমাক দেখি আনন্দতে ক’ব নোৱাৰা হ’ব। কি কৰিবা আৰু উপায় নাই। এজনীয়ে ভন্টি যে, তাইক সুখী দেখিলে মনটোতে বৰ শান্তি পাওঁ।

একো নক’লে তাই। মাথোঁ হাঁহি এটা মাৰি মোৰ ফালে চাই ৰৈছে।

( আগলৈ)

Design a site like this with WordPress.com
Get started